Logo
image

অসমৰ বানক লৈ আন্তৰ্জাতিক ক্ষেত্ৰত চৰ্চা

... ১৯৮০ চনত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ জন্ম হয়৷ অসমৰ ৰাইজে, অসমৰ সংবাদ-পত্ৰই আশা কৰিছিল যে বান নিয়ন্ত্ৰণ কৰি ব’ৰ্ডে নতুন নজিৰ স্থাপন কৰিব৷ কিন্তু আজিও বানৰ প্ৰবলতা বাঢ়িলহে, কমা নাই৷ তেনেহ’লে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে কৰিলে কি? কিয় ব্ৰহ্মপুত্ৰ ব’ৰ্ডে অসমৰে নহয় ভাৰতৰ বিখ্যাত বিজ্ঞানীসকলক অনুৰোধ নকৰিলে নতুন প্ৰযুক্তিৰ সন্ধান দিবলৈ? নতুন প্ৰযুক্তিৰে বিভিন্ন দেশত বান নিৰ্মূল কৰিলে, কিন্তু অসমত বানৰ ধবংসলীলা চলিয়ে থাকিল৷ বাৰিষা বান হ’ব পাৰে৷ কিন্তু মানুহৰ ইমান আলাই-আথানি কিয় হৈছে ...

পঞ্চাছ দশকৰ পৰা হৈ অহা বানৰ সমস্যা ২০২০ চনলৈকে সমাধান নোহোৱাৰ বাবে এতিয়া আন্তৰ্জাতিক ক্ষেত্ৰত সমালোচনা হৈছে৷ এইক্ষেত্ৰত আগভাগ লৈছে কেইগৰাকীমান অসমীয়া ব্যক্তিৰ উদ্যোগত দুটা সংস্থাই৷ প্ৰথমটো হ’ল ‘ক’ৰ প্ৰফেছনেল্‌ গ্ৰুপ অৱ ব্ৰহ্মপুত্ৰ’ (CPGB) আৰু আনটো হ’ল ‘ফ্ৰেণ্ডছ অৱ আছাম এণ্ড ছেভেন ছিষ্টাৰ্ছ (FASS) ইণ্টাৰনেশ্বনেল৷

৩১ আগষ্ট সংখ্যাৰ  ‘আমাৰ অসম’ত মই লিখা ব্ৰহ্মপুত্ৰৰ বিধবংসী ৰূপৰ কথা পঢ়ি ভাৰত আৰু আন দেশ-বিদেশৰ পৰা বহুতেই শলাগ লৈছিল৷ প্ৰায় একে সময়তে [২৯ আগষ্টত] এখন আলোচনা-চক্ৰৰ (Webinar)য মেলৰ ব্যৱস্থাপনা কৰিছিল অসমক হৃদয়েৰে ভালপোৱা মানুহে৷ গম পোৱা মতে এই দুজন লোক আছিল– ড॰ অৰবিন্দ ফুকন [আমেৰিকা নিবাসী] আৰু বিখ্যাত লেখক-ইঞ্জিনিয়াৰ ড॰ ৰাজেন বৰুৱা৷ [হিউষ্টন নিবাসী]৷

ব্ৰহ্মপুত্ৰৰ বান দেখি দেখি এওঁলোক দুজেন বিব্ৰত বোধ কৰিছিল আৰু সেয়েহে বিশেষকৈ ড॰ অৰবিন্দ ফুকনে নিজৰ বিদ্যা-বুদ্ধি প্ৰয়োগ কৰি প্ৰকৃততে অসমৰ বান কেনেকৈ সমাধান কৰিব পাৰি, তাৰো এটা পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আঁচনি তৈয়াৰ কৰিছিল তেওঁলোকৰ সংস্থাৰ উদ্যোগত নিজস্ব সময় আৰু বিদ্যা আৰু অভিজ্ঞতা প্ৰয়োগ কৰি৷ এই আঁচনিখন কেৱল তৈয়াৰ কৰি ক্ষান্ত নাথাকি ভাৰত চৰকাৰলৈ পঠিয়াই দিছিল৷

২৯ আগষ্টত এই দুটা সংস্থাই আয়োজন কৰা ‘দ্য ব্ৰহ্মপুত্ৰ’ [প্ৰত্যাহ্বান আৰু সুযোগ-সুবিধা] বোলা ইণ্টাৰনেটৰ আলোচনা-চক্ৰত দেশ-বিদেশৰ প্ৰায় ৬০জন লোকে অংশগ্ৰহণ কৰিছিল৷ আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ বিশেষজ্ঞসকলেও যোগ দিছিল৷

ভাৰতৰ অসমতেই একমাত্ৰ বান নহয়৷ পৃথিৱীৰ প্ৰায় পোন্ধৰখন দেশত প্ৰলয়ংকৰী বান হৈ থাকে৷ সেইবোৰ দেশত বান নিয়ন্ত্ৰণ কেনেকৈ কৰে? অসমত বান নিয়ন্ত্ৰণ কিয় কৰিব নোৱাৰে?

এই বিশ্বজোৰা সভাখনত উপস্থিত থকা ডেভিড ৱিলিয়াম, অনন্ত নাথ, ড॰ ভাৱে বৰা, ড॰ নয়ন শৰ্মা (IIT Rookie), ড॰ দুলাল গোস্বামী [বিজ্ঞানী] আৰু ড॰ প্ৰাচুৰ্য গগৈ আদি উপস্থিত থাকি তেওঁলোকৰ বহুমূলীয়া উপদেশ সমূহ সদস্যকে জনাই দিয়ে৷ এই আলোচনাৰ আঁত ধৰিছিল ভৱানী শৰ্মা আৰু ৰচনা নাথে৷

এই আলোচনা-চক্ৰত ভাগ লৈ ৰাজেন বৰুৱাই কয় যে  ১৮৯৭ চনৰ বৰভূঁইকঁপৰ পাছৰ পৰা ব্ৰহ্মপুত্ৰৰ গতি-প্ৰকৃতি সলনি হয়৷ বানে অসমক তাৰ পাছৰ পৰা প্ৰকৃততে জুৰুলা কৰিবলৈ আৰম্ভ কৰে৷ ব্ৰিটিছৰ দিনত ব্ৰহ্মপুত্ৰক খান্দি জাহাজ চলাচলৰ সুবিধা কৰে৷ কিন্তু প্ৰকৃততে বান আৰু খহনীয়া ৰোধৰ বাবে প্ৰকৃত বৈজ্ঞানিক ভিত্তিত কাম কৰা নহয়– স্বাধীনতাৰ পাছতো৷

১৯৫০ চনৰ পৰা ১৯৮০লৈকে ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহে গৰকা গাঁও আৰু চহৰ ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা লোৱা হৈছিল, তাৰ বিশেষ কাগজ-পত্ৰ, নথি-পত্ৰৰ ৰেকৰ্ড পোৱা নাযায়৷ এইবোৰ থাকিলে ক’ব পৰা হ’লহেঁতেন– মথাউৰি, বান্ধ বা নতুন জলাধাৰ আদি বৈজ্ঞানিক ভিত্তিত কৰা হৈছিল নে নাই? ১৯৮০ চনত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ জন্ম হয়৷ অসমৰ ৰাইজে, অসমৰ সংবাদ-পত্ৰই আশা কৰিছিল যে বান নিয়ন্ত্ৰণ কৰি ব’ৰ্ডে নতুন নজিৰ স্থাপন কৰিব৷ কিন্তু আজিও বানৰ প্ৰবলতা বাঢ়িলহে, কমা নাই৷ তেনেহ’লে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে কৰিলে কি?

কিয় ব্ৰহ্মপুত্ৰ ব’ৰ্ডে অসমৰে নহয় ভাৰতৰ বিখ্যাত বিজ্ঞানীসকলক অনুৰোধ নকৰিলে নতুন প্ৰযুক্তিৰ সন্ধান দিবলৈ? নতুন প্ৰযুক্তিৰে বিভিন্ন দেশত বান নিৰ্মূল কৰিলে, কিন্তু অসমত বানৰ ধবংসলীলা চলিয়ে থাকিল৷ বাৰিষা বান হ’ব পাৰে৷ কিন্তু মানুহৰ ইমান আলাই-আথানি কিয় হৈছে? ইয়াৰ উত্তৰ কোনে দিলে?

ব্ৰহ্মপুত্ৰ ব’ৰ্ডক কোনে প্ৰশ্ন কৰিছে– কিয় তেওঁলোকে মানুহৰ কষ্ট লাঘৱ কৰিব পৰা নাই? চৰকাৰেও এই প্ৰশ্ন কৰা নাই৷ বিপক্ষৰ দলেও যুক্তিসংগতভাৱে এই প্ৰশ্ন কৰা নাই৷ ছাত্ৰ সংগঠন আৰু শ্ৰমিক সংস্থাবোৰেও কৰা নাই৷ আনকি অসমৰ বৃহৎ সাহিত্য সমাজৰ অনুষ্ঠান আৰু বৈজ্ঞানিক সংস্থাসমূহেও জোঁট বান্ধি প্ৰশ্ন কৰা নাই– ক’ত, কেনেকৈ হাজাৰ কোটি টকা খৰচ হ’ল, মানুহৰ বিলৈ কিয় শেষ নহ’ল৷

৩১ আগষ্টত লিখা মোৰ প্ৰবন্ধত কেইবাটাও আঁচনি দিয়া হৈছিল৷ চৰকাৰৰ বিষয়াসকলে নিশ্চয় পঢ়ি উঠি সেই কাগজখিলা আঁতৰাই থ’লে৷ কোনো কামতে নাহিল৷ এনেকৈ বছৰৰ পাছত বছৰ সাংবাদিকে লিখিলে, বানৰ কথা সংসদত আলোচনা হ’ল, টকা খৰচ হ’ল৷ কিন্তু বানৰ ধবংসলীলা শেষ নহ’ল৷

‘ৱেবিনাৰ’ৰ মেলত ড॰ অৰবিন্দ ফুকনে ক’লে– ২০০৯ চনতেই তেওঁৰ সংস্থাই [পিজিবি] বাৰে বাৰে হোৱা বানৰ পৰাক্ৰম নিঃশেষ কৰিবলৈ বৈজ্ঞানিক প্ৰযুক্তিৰ সহায়ত আঁচনি তৈয়াৰ কৰিলে৷

তেওঁ নিজৰ সংস্থাৰ জৰিয়তে মাজুলীৰ খহনীয়া ৰোধৰ বাবে আঁচনি প্ৰস্তুত কৰিলে৷ এই আঁচনিখন গঢ়ি তোলাৰ বাবে ৭০ লাখ আৰু এই কৰ্মবিধি নিৰ্মাণ কৰিবৰ বাবে ৫০০ কোটি টকাৰ প্ৰয়োজন দেখুৱাই আঁচনি তৈয়াৰ কৰিলে৷

এই আঁচনিখন ২০১১ চনত চৰকাৰক দিয়া হৈছিল প্ৰথমতে৷ কিন্তু চৰকাৰৰ ৰঙাফিটাৰ মেৰপাকত সেই আঁচনিখন হেৰাই যোৱাত পুনৰ মে’ ২০১৭ চনত আঁচনিখন নতুনকৈ দাখিল কৰা হ’ল৷ ২০১৭ৰ নৱেম্বৰত মাজুলী ৰক্ষাৰ বাবে এখন ২৩৪ কোটি টকাৰ আঁচনি  ব্ৰহ্মপুত্ৰ ব’ৰ্ডক দিয়া হ’ল৷ এই বিষয়ে নিবিদা ওলাল৷ কাম দিয়া হ’ল, ২০১৯ চনত সেই কাম সম্পন্ন কৰিবৰ নিৰ্দেশ দিলে৷ কাম আৰম্ভ হ’ল৷ সম্পন্নও হ’ল৷ আৰু... ব্ৰহ্মপুত্ৰৰ প্ৰথম বানতে ২০১৯ চনত খহনীয়া আৰম্ভ হ’ল৷ ফুকনৰ সংস্থাই [চিপিজিবি] জনোৱা খবৰ মতে এই নতুন প্ৰয়াসৰ পৰা মাজুলী ৰক্ষা নপৰিল৷ সকলো টকাও পানীত উটি গ’ল৷

ফুকনে এই সকলো কথা বিৱৰি প্ৰধানমন্ত্ৰীক অৱগত কৰাই এখন চিঠি দিলে৷ এই চিঠিৰ উত্তৰ এতিয়াও পোৱা নাই৷

ফুকন আৰু তেওঁলোকৰ সভ্যবৃন্দক ধন্যবাদ জনালে–ৱেবিনাৰৰ মেলত উপস্থিত লোকসকলে, কিন্তু অসমৰ ৰাইজক সজাগ হ’বলৈ অনুৰোধ কৰিলে৷ অসমৰ বিভিন্ন সংস্থাক আহ্বান জনালে– আৰ টি আইৰ যোগেৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক সুধিবলৈ কিয় ইমান টকাৰ অপচয় হ’ল৷ কিবা নিৰ্মাণকাৰী সংস্থাক তেওঁলোকে প্ৰশ্ন কৰিলেনে?

এজন বা দুজনৰ ব্যক্তিগত প্ৰয়াসত অসমৰ বান সমস্যা শেষ নহ’ব৷ অসমৰ সাংবাদিককেইজনমানে বহুত বছৰ এই বিষয়ে লিখিলে৷ কিন্তু ফল নহ’ল৷ পুৰণা চৰকাৰে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই একেবোৰ ব্যৱস্থা নতুন চৰকাৰে গ্ৰহণ কৰি থাকিল– অসমৰ বান সমস্যা কেতিয়াও শেষ নহ’ব৷ নতুন চৰকাৰৰ প্ৰতি ৰাইজৰ বহুত আশা৷

এই ৱেবিনাৰৰ মীটিঙৰ পৰা এটা কথাই প্ৰতীয়মান হ’ল– অসমৰ ৰাইজ, বিভিন্ন সংস্থা আদি সজাগ এতিয়াও নহয়৷

নিৰ্বাচন আহিছে৷ এই সময়ত অসমীয়া ৰাইজে ৰাজনৈতিক দলক সোধক– তেওঁলোকে কোনে লিখিতভাৱে ৰাইজক ক’ব যে বান নিয়ন্ত্ৰণৰ বাবে বৈজ্ঞানিক প্ৰযুক্তিৰ সহায় ল’ব আৰু অসমৰ বিশ্ববিদ্যালয়, আই আই টিৰ সহায় লৈ আঁচনি প্ৰস্তুত কৰি নিৰ্মাণকাৰ্য ৰূপয়াণ কৰিব তেওঁলোকৰ অনুমোদনক্ৰমেহে৷

যদি আছু, সাহিত্য সভা, শ্ৰমিক সংস্থাই সদায় অসমক ভাল পায়, এই বানক নিৰাময় কৰিবলৈ আন্দোলন কৰক৷ অসমখন যদি বানৰ কবলত নিঃশেষ হৈ যায়, অসমৰ ভাষা, সাহিত্য আৰু জীৱন কেনেকৈ ৰক্ষা কৰিব?

আন্তৰ্জাতিক মানুহ একত্ৰিত হৈছে, এতিয়া অসমৰ মানুহ, দল আৰু চৰকাৰ একত্ৰিত হওক যদি অসমক ৰক্ষা কৰিব খোজে৷ বিপ্লৱ কৰাৰ এইটোৱেই প্ৰকৃত সময় নহয়নে?