Logo
image

চীনা সেনাৰ প্ৰৱেশ! উত্তৰাখণ্ডৰ সীমাতো ভাৰতীয় সেনা বৃদ্ধি

আমাৰ অসম, ১ অক্টোবৰঃ লাডাখৰ পাছত উত্তৰাখণ্ডতো চীনা সেনাই ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ খবৰ পোহৰলৈ অহাৰ পাছতে উত্তৰাখণ্ডৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰা হৈছে৷ লগতে সামৰিক অস্ত্ৰ-শস্ত্ৰ আৰু সা-সামগ্ৰীও বৃদ্ধি কৰা হৈছে৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি অত্যাধুনিক টোপো নিয়া হৈছে সীমান্তলৈ৷ মুঠতে লাডাখৰ পাছত উত্তৰাখণ্ডৰ সীমান্ততো ভাৰত-চীনৰ মাজত উত্তেজনা আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে৷ উল্লেখ্য, চীনে ভাৰতীয় সীমান্তৱৰ্তী এলেকাত সেনা শক্তি বৃদ্ধি কৰি ভাৰতক উচতনি দিবলৈ প্ৰায়ে অপচেষ্টা চলাই আহিছে৷ লাডাখত এতিয়া ভাৰত আৰু চীনা সেনাৰ মাজত শীৰ্ষ পৰ্যায়ৰ বৈঠক অব্যাহত আছে৷ কিন্তু উত্তৰাখণ্ডৰ বাৰাহোতি যোৱা মাহত চীনা সেনাৰ এটা দলে ভাৰতৰ পাঁচ কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিল বুলি শেহতীয়াকৈ খবৰ আহিছে৷ ভাৰতত প্ৰৱেশ কৰি চীনা সেনাই ভাৰতৰ নিৰ্মাণকাৰ্যও ধবংস কৰি থৈ যায়৷ গতিকে ভাৰতে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ সেনা মোতায়েন কৰিছে৷