Logo
image

কংগ্ৰেছ এৰাৰ ঘোষণা অমৰিন্দৰ সিঙৰ, স্থান পাব মোদী কেবিনেটত!

আমাৰ অসম, ১ অক্টোবৰঃ নৱজোট সিং সিদ্ধুৰ কূট-কৌশলত পঞ্জাবৰ মুখ্যমন্ত্ৰী পদ হেৰুৱালগীয়া প্ৰবীণ কংগ্ৰেছ নেতা কেপ্টেইন অমৰিন্দৰ সিঙে বৰ্তমান দিল্লীত বাহৰ পাতি আছে৷ বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ চাণক্য অমিত শ্বাহৰ ঘৰত উপস্থিত হৈ ৪৫ মিনিট আলোচনাত বহিছিল তেওঁ৷ এই আলোচনাত তিনিখন কৃষি আইন বাতিল, কৃষকৰ উৎপাদিত শস্যৰ মূল্য নিৰ্ধাৰণ আদিৰ বিষয়েহে কথা হয় বুলি অমৰিন্দৰ সিঙে টুইট কৰি জানিবলৈ দিছিল৷ কিন্তু বৃহস্পতিবাৰে পুৱা তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে আলোচনাত বহে৷ এই আলোচনাৰ পাছতে অমৰিন্দৰ সিঙে কংগ্ৰেছত আৰু নাথাকে বুলি ঘোষণা কৰে৷ ‘ইমান অপমান আৰু সহ্য কৰিব নোৱাৰি’ বুলি কৈ অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰিব বুলি ঘোষণা কৰে৷ তেওঁ টুইটাৰ হেণ্ডলৰ পৰাও কংগ্ৰেছ শব্দটো মচি পেলায়৷ অৱশ্যে, কংগ্ৰেছ ত্যাগ কৰিলেও তেওঁ বিজেপিত যোগ নিদিওঁ বুলি প্ৰকাশ কৰে৷ কিন্তু এতিয়া এই কথা পোহৰলৈ আহিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব তেওঁ৷ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পাছত তেওঁ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিব আৰু কেন্দ্ৰীয় কৃষিমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব বুলিও বাতৰি ওলাইছে৷ বিজেপি নেতা হৰজিৎ গৰেৱালেও এই দাবী কৰিছে৷ অহা বছৰ হ’বলগীয়া পঞ্জাবৰ বিধানসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলি আজি অমৰিন্দৰ সিঙে কয়৷