Logo
image

সাংবাদিক পৰী শইকীয়ালৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

আমাৰ অসম, ৪ অক্টোবৰঃ অসমীয়া সাংবাদিক পৰী শইকীয়াই ৰহিংগ্যা মহিলাৰ বিষয়ে লিখা অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বঁটা লৰেঞ্জ’ নাটালি মিডিয়া প্ৰাইজ লাভ কৰিছে৷ ৰহিংগ্যা মহিলাক ভুৱা প্ৰলোভনেৰে কিদৰে বয়স্ক আৰু অচিন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ বাধ্য কৰা হয় আৰু কেনেদৰে যৌন শোষণৰ বলি হয় সেই বিষয়ত সাংবাদিক পৰী শইকীয়াই অনুসন্ধানমূলক প্ৰতিবেদন প্ৰস্তুত কৰিছিল৷ তেওঁৰ উক্ত প্ৰতিবেদন প্ৰকাশ পাইছিল ভাইচ মিডিয়া ইণ্ডিয়াত৷ সেই সময়ত তেওঁ উক্ত প্ৰতিষ্ঠানত কৰ্মৰত আছিল৷ নাৰী সৰবৰাহকাৰীয়ে কিদৰে ৰহিংগ্যা নাৰীক মিছা কথাৰে চলনা কৰি নি অপৰিচিত বয়স্ক ব্যক্তিৰ হাতত তুলি দিয়ে, প্ৰতিবেদনত সেইবিষয়ে বিস্তৃত ব্যাখ্যা কৰা হৈছে৷ কাশ্মীৰৰ পৰা আৰম্ভ হৈছে এই প্ৰতিবেদন৷ তেনে ৰহিংগ্যা নাৰীয়ে পুনৰ পৰিয়ালৰ লোকৰ সাক্ষাত পাবলৈ কৰা আপ্ৰাণ প্ৰচেষ্টাৰ কথা এই প্ৰতিবেদনত ফুটি উঠিছে৷ উল্লেখ্য, এই বঁটা প্ৰদান কৰে ইউৰোপিয়ান কমিছনৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সঞ্চালকালয়ে [ডিজি-আই এন টি পি এ]৷