Logo
image

সুখবৰঃ ৯০ কোটি ভাৰতীয়ৰ টিকাকৰণ

আমাৰ অসম, ৪ অক্টোবৰঃ কৰ’না ভাইৰাছ ৰোধৰ বাবে ভাৰতত জোৰদাৰ প্ৰচেষ্টা অব্যাহত আছে৷ কৰ’না ৰোধৰ বাবে টিকাকৰণ অতি জৰুৰী হৈ পৰিছে৷ সেয়ে দেশত জোৰদাৰ গতিৰে টিকাকৰণৰ কাম অব্যাহত আছে৷ শনিবাৰে জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীৰ দিনাই ভাৰতে ৯০ কোটি লোকৰ টিকাকৰণৰ অভিলেখ ৰচে৷ এয়া দেশৰ বাবে অতি ভাল খবৰ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মণ্ডাৱিয়াই এই কথা প্ৰকাশ কৰে৷ এই সফলতাক কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনে ‘জয় অনুসন্ধান’ বুলি অভিহিত কৰে৷ তেওঁ টুইট কৰি লিখে যে লাল বাহাদুৰ শাস্ত্ৰীয়ে ‘জয় জোৱান, জয় কিষাণ’ শ্লোগান দিছিল, অটল বিহাৰী বাজপেয়ীয়ে ‘জয় বিজ্ঞান’ শ্লোগান দিছিল আৰু এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘জয় অনুসন্ধান’ শ্লোগান দি টিকাকৰণ দ্ৰুতগতিত আগবঢ়াই নিছে৷ উল্লেখ্য, ছেপ্টেম্বৰ মাহত ছিৰাম ইনষ্টিটিউটৰ পৰা ৬৫.২৫ কোটি আৰু ভাৰত বায়’টেকৰ পৰা ৯.১ কোটি ক’ভাক্সিন ভেক্‌চিন লাভ কৰিছিল৷ যাৰ ফলত ভাৰতত টিকাকৰণৰ কাম সুন্দৰকৈ আগবাঢ়ি আছে৷