Logo
image

৭২টা থাৰ্মেল শক্তি প্ৰকল্পত কয়লা যোগান শেষ

চীনৰ পাছত ভাৰতত হ’ব পাৰে বিজুলীৰ নাটনি

আমাৰ অসম, ৪ অক্টোবৰঃ চীনৰ দৰে ভাৰততো আৰম্ভ হ’ব পাৰে বিজুলী সংকট৷ ভাৰতৰ বিজুলী উৎপাদনকাৰী প্ৰকল্পত কয়লাৰ ভয়ংকৰ নাটনি আৰম্ভ হোৱা বাবেই বিজুলীৰ নাটনিয়ে দেখা দিব পাৰে আশংকা কৰা হৈছে৷ কয়লাৰ নাটনিৰ বাবে দেশৰ বহু শক্তি প্ৰকল্পত বিজুলীৰ উৎপাদন বন্ধ হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ ইয়াৰ বাবে সকলোৱে দেশৰ আগশাৰীৰ কয়লা খনন কোম্পানী ক’ল ইণ্ডিয়া লিমিটেডকে জগৰীয়া কৰিবলৈ বচাৰিছে৷ কেন্দ্ৰীয় চৰকাৰে ক’ল ইণ্ডিয়া লিমিটেডক আহ্বান জনাইছে বিজুলী উৎপাদনকাৰী থাৰ্মেল শক্তি প্ৰকল্পত নিয়মীয়াকৈ কয়লা যোগান ধৰিবলৈ৷ প্ৰকাশিত তথ্য অনুসৰি ভাৰতৰ বিজুলী উৎপাদন কৰা ৭২টা থাৰ্মেল শক্তি প্ৰকল্পত কয়লা শেষ হৈছে৷ ইয়াৰ ফলত এই থাৰ্মেল শক্তি প্ৰকল্পবোৰত ৮,৮১৭ মেগাৱাট বিজুলী উৎপাদন বন্ধ হৈছে৷ কেন্দ্ৰীয় কয়লা সচিব অনিল জৈনে ক’ল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ প্ৰমোদ আগৰৱাললৈ ২৭ ছেপ্টেম্বৰতে পত্ৰ লিখে কয়লা যোগান নিয়মীয়া কৰিবলৈ৷ দেশত বৰ্তমান বিজুলীৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তে বিজুলী উৎপাদন কৰা প্ৰকল্পত কয়লাৰ নাটনি হোৱাত দেশত বিজুলী সংকটে দেখা দিয়াটো নিশ্চিত৷