Logo
image

জাংক ফুড নাখাব, শৰীৰ চৰ্চা কৰক! উপ-ৰাষ্ট্ৰপতিৰ পৰামৰ্শ

আমাৰ অসম, ৪ অক্টোবৰঃ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে দেওবাৰে গুৱাহাটীত নদীসমূহৰ পুনৰুজ্জীৱিতকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এটি শক্তিশালী ৰাষ্ট্ৰীয় অভিযানৰ আহ্বান জনায় আৰু যি তৎপৰতাৰ ভাৱনাৰে নদীসমূহ সংৰক্ষণ কৰিব লাগে’ বুলি পৰামৰ্শ  আগবঢ়ায়৷ নদীসমূহক ইয়াৰ জীৱন-দায়িনী শক্তিৰ বাবে সদায়েই ভাৰতত পূজা কৰি অহাৰ কথা উল্লেখ কৰি, নাইডুৱে কয় ‘বৰ্তমান নগৰীকৰণ আৰু উদ্যোগীকৰণে দেশখনৰ ভিন্ন প্ৰান্তৰ নদী আৰু আন জলাশয়সমূহক প্ৰদূষিত কৰিবলৈ ধৰিছে৷ পূৰ্বে, আমাৰ গাঁও আৰু চহৰসমূহত বহু জলাশয় আছিল৷ আধুনিকীকৰণৰ ফলশ্ৰুতিত জনসাধাৰণে প্ৰাকৃতিক বাতাবৰণক ধবংস কৰি আছে আৰু বহু স্থানত, জলাশয়সমূহ কাৰ্যতঃ অদৃশ্য হৈ পৰিল বা এইসমূহক দখল কৰা হ’ল’৷ উত্তৰ পূব ভ্ৰমণসূচীৰে দেওবাৰে গুৱাহাটীত উপস্থিত হোৱা উপ ৰাষ্ট্ৰপতিজনে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ঐতিহ্য-ও-সাংস্কৃতিক কেন্দ্ৰ উদ্বোধনেৰে কাৰ্য্যসূচী আৰম্ভ কৰে৷ তেওঁ এই কেন্দ্ৰটোৰ সংগ্ৰহালয় পৰিদৰ্শন কৰে আৰু ‘ফৰএভাৰ গুৱাহাটী’ শীৰ্ষক এখনি কফি-টেবুল বুক উন্মোচন কৰে৷ পাছত এটি ফেচবুক প’ষ্টত, নাইডুৱে অসম ভ্ৰমণ আৰু ব্ৰহ্মপুত্ৰ নদী দৰ্শনৰ অভিজ্ঞতাক অবিস্মৰণীয় বুলি কয়৷ তেওঁ এইবুলি লিখে যে ‘চমৎকাৰী ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি বিস্মিত হৈছে আৰু তেওঁ এই স্মৃতি কঢ়িয়াই লৈ ফুৰিব৷ ‘ তেওঁ লগতে কয় যে কেইবা নিযুত লোকক জীৱিকা আগবঢ়োৱা এই মহান নদী অঞ্চলটোৰ সংস্কৃতি আৰু ইতিহাসৰ এক অবিচ্ছেদ্য অংগ৷ নদীসমূহ আৰু এইসমূহৰ পুনৰুজ্জীৱনৰ গুৰুত্বৰ কথা উল্লেখ কৰি নাইডুৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক বিদ্যালয়ৰ পাঠ্যক্ৰমত জল সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত পাঠ অন্তৰ্ভুক্তকৰণৰ পৰামৰ্শ আগবঢ়ায়৷ তেওঁ কয় যে বিদ্যালয়সমূহে প্ৰাৰম্ভিক সময়ৰেপৰা ছাত্ৰ-ছাত্ৰীসকলৰ অৰ্থে প্ৰকৃতি শিৱিৰ অনুষ্ঠিত কৰা উচিত যাৰ জৰিয়তে নগৰীয়া অঞ্চলত বসবাস কৰাসকলকে প্ৰকৃতিৰ চমৎকাৰিতা প্ৰত্যক্ষ আৰু উপভোগ কৰিবলৈ পাব৷ উপ ৰাষ্ট্ৰপতিয়ে ঐতিহ্য কেন্দ্ৰটো অৱস্থিত টিলাটোৰ ইতিহাস উল্লেখ কৰি কয় যে ই আছিল আহোম সাম্ৰাজ্যৰ অতিশয় পৰাক্ৰমী বৰফুকন লাচিত বৰফুকনৰ সৈন্য ঘাঁটি৷ তেওঁ কেন্দ্ৰটোৰ ভিন্ন শাখা কলা বীথিকা, কেন্দ্ৰীয় হল আদি প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ সমীপত   পানবজাৰৰ বৰফুকনৰ টিলাৰ শীৰ্ষত থকা পুৰণি উপায়ুক্তৰ   বাংলোটো ৰাজ্য চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে৷ ১৮২৬ চনত ব্ৰিটিছে  অসম অধিকাৰ কৰিছিল আৰু ১৮৩৯ চনত গুৱাহাটীৰ বাবে উপায়ুক্তৰ পদটো সৃষ্টি কৰা হয়৷ সেই সময়ত প্ৰথম উপায়ুক্ত জেমছ মিথিৰ বাবে কোনো উপযুক্ত আৱাস গৃহ নাছিল৷ ব্ৰহ্মপুত্ৰৰ পাৰত বৰফুকনৰ টিলাক নিৰ্বাচিত কৰাৰ আগতে কেইবাটাও স্থানত জৰীপ কৰা হৈছিল আৰু অৱশেষত বৰফুকনৰ টিলাত উপায়ুক্তৰ আৱাস গৃহ হিচাপে বাছনি কৰা হয়৷ স্বাধীনতাৰ পিছত ২০১১ চনলৈকে এইটো উপায়ুক্তৰ বাংলো হৈ আছিল৷ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট ডেভলপমেণ্ট আঁচনিৰ অধীনত এটা প্ৰকল্প গ্ৰহণ কৰি ইয়াক ঐতিহ্য সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয়৷ এই ঐতিহ্য কেন্দ্ৰটোত ঐতিহাসিক নাও, এটা এম্ফিথিয়েটাৰ, এখন প্ৰদৰ্শনী স্থান, এটা কেফেটেৰিয়া আদিৰ দৰে ঐতিহ্যপূৰ্ণ সমল সমূহ প্ৰদৰ্শন কৰা হৈছে৷ অন্যান্য আকৰ্ষণ সমূহৰ ভিতৰত আছে পৰম্পৰাগত মাছ ধৰা সঁজুলি, গুৱাহাটী মহানগৰ আৰু নদী পৰিবহণৰ ইতিহাস সম্বলিত আলোকচিত্ৰ আৰু নিদৰ্শন৷ এই ঐতিহ্য কেন্দ্ৰত বস্ত্ৰ ডিজাইন, জাতিগত আৰ্হি আৰু থলুৱা বাদ্য যন্ত্ৰ ৰখা হৈছে৷  দেওবাৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি গ্ৰামাঞ্চলত কৰ্কটৰ আধুনিক চিকিৎসা প্ৰদানৰ বাবে চৰকাৰৰ  সৈতে ব্যক্তিগত খণ্ডক সহযোগিতা কৰিবলৈ আগবাঢ়ি অহাৰ বাবে আহ্বান জনায়৷ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আঠদিনীয়া ভ্ৰমণসূচী লৈ দেওবাৰে পুৱা উপ-ৰাষ্ট্ৰপতি গুৱাহাটীত উপস্থিত হয়৷ তেওঁক ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়৷ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত পেট-এমআৰআই উইং উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে এই ব্যৱস্থাই কেৱল সঠিক চিকিৎসাতে সহায় নকৰে, বৰঞ্চ বিকিৰণৰ ফলত হোৱাৰ ৰোগীৰ ক্ষতিৰ পৰিমাণো হ্ৰাস কৰিব৷ এইটো ভাৰতৰ চতুৰ্থ তথা পূৰ্বাঞ্চলৰ প্ৰথমটো যন্ত্ৰ, যিটো টাইম অফ ফ্লাইট টেকন’লজিৰে সমৃদ্ধ৷ টাটা ট্ৰাষ্টৰ সহযোগত কাৰ্যকৰী কৰিবলগীয়া অসম চৰকাৰৰ ডিষ্টিবিউটেড কেন্সাৰ কেয়াৰ মডেলৰ প্ৰসংগ উল্লেখ কৰি তেওঁ অন্যান্য ৰাজ্যসমূহক এই চিকিৎসা অনুসৰণ কৰি কৰ্কট ৰোগীসকলক সময়মতে আৰু কাৰ্যকৰী চিকিৎসা আগবঢ়াবলৈ আহ৩ান জনায়৷  একক এপে’ হাস্পতালত কৰ্কট ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে ৰোগীসকলক ঘৰৰ সমীপতে মানসম্পন্ন আৰু সহজলভ্য চিকিৎসা সেৱা আগবঢ়াবলৈ ৰোগীকেন্দ্ৰিক কৰ্কট প্ৰতিষ্ঠান গঢ় দিয়াৰ লক্ষ্যৰ বিষয়ে উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতি নাইডুৱে কয় যে এই কেন্দ্ৰসমূহে কৰ্কট ৰোগীসকলক ঘৰৰ সমীপতে চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে তেওঁলোকৰ যাৱতীয় ব্যয়ৰ পৰিমাণো হ্ৰাস কৰিব৷  পেলিয়েটিভ কেয়াৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ, য’ত চৰকাৰ আৰু স্বাস্থ্য বৃত্তিৰ সৈতে জড়িত লোকসকলৰ অধিক মনোযোগৰ দৰকাৰ৷ ‘‘পেলিয়েটিভ কেয়াৰ হৈছে মূলতঃ এক সমৰ্থনমুলক চিকিৎসা আৰু ইয়াৰ জৰিয়তে ৰোগীৰ জীৱনৰ মান উন্নত কৰিব বিচৰা হৈছে৷ ’ উপ-ৰাষ্ট্ৰপতি নাইডুৱে সকলো ৰাজ্য চৰকাৰক বিদ্যালয়ৰ পাঠ্যক্ৰমত এক সুস্থ জীৱনশৈলীৰ গুৰুত্ব সন্দৰ্ভত বিষয় অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনায়, যাতে শিক্ষাৰ্থীসকল অসংক্ৰামক ৰোগৰ প্ৰতিৰোধৰ বিষয়ে সজাগ হয়৷ তেওঁ ‘জীৱনশৈলী ৰোগ’ৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক ৰাষ্ট্ৰজোৰা অভিযান হাতত ল’বলৈ আহ্বান জনায়৷ তেওঁ কয় যে ক’ভিড-১৯ মহামাৰীয়ে আমাক বহু বিষয়ত শিক্ষা দিলে আৰু ইয়াৰ ভিতৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ দিশটো হৈছে সু-স্বাস্থ্য বৰ্তাই ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা৷ এক শৃংখলিত জীৱনশৈলীৰ গুৰুত্ব সম্পৰ্কে জোৰ দি তেওঁ কয় যে নিয়মীয়া শাৰীৰিক কাম-কাজ কৰাৰ বিপৰীতে জাংক ফুডৰ দৰে  অ-স্বাস্থ্যকৰ খাদ্য আৰু স্বাস্থ্য হানিকাৰক দ্ৰব্য ত্যাগ কৰা দৰকাৰ৷ এনে ব্যৱস্থাই কৰ্কটকে ধৰি অন্যান্য অসংক্ৰামক ৰোগ প্ৰতিৰোধ কৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷’ উপ-ৰাষ্ট্ৰপতিয়ে অসম চৰকাৰ আৰু ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত লোকসকলে ক’ভিডৰ সময়ত আগবঢ়োৱা সেৱাৰ বাবে প্ৰশংসা কৰে৷ তেওঁ লগতে চিকিৎসা ব্যৱস্থা অধিক সহজলভ্য আৰু সাধাৰণ লোকৰ বাবে সুলভ কৰাৰ আহ্বান জনাই কয় যে দেশৰ প্ৰতিখন জিলাত অতি কমেও এখনকৈ চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলা দৰকাৰ৷ ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিয়ে বিজ্ঞান, সাহিত্য, শিক্ষা, ক্ৰীড়া, সংগীত আৰু কলা ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা অসমৰ ২০গৰাকী বিশিষ্ট লোকৰ সৈতে মত-বিনিময় কৰে৷  ‘বিহু আদৰণি’ শীৰ্ষক সাংস্কৃতিক কাৰ্যসূচী প্ৰত্যক্ষ কৰি উপ-ৰাষ্ট্ৰপতিজনে কয় যে অসমৰ মনোমোহা সংস্কৃতি আৰু পৰম্পৰাত তেওঁ অভিভূত হৈ পৰিছে৷  এই উপলক্ষে অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা উপস্থিত থাকে৷ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় ৬২ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত  এইটো হৈছে ‘টাইম অফ ফ্লাইট’ প্ৰযুক্তিৰে সজ্জিত চৰকাৰী খণ্ডৰ চিকিৎসালয়ত স্থাপন কৰা ভাৰতবৰ্ষৰ  চতুৰ্থ পেট-এমআৰআই কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাজ্যখনত ‘ডিষ্টিবিউটেড কেন্সাৰ কেয়াৰ মডেল’ ৰূপায়ণ কৰি থকা হৈছে৷  এই আৰ্হিৰ অধীনত এটা ‘এপেক্স ৰেফাৰেল’ কেন্দ্ৰ আছে যি হৈছে গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান৷ ইয়াক লেভেল ৱান বুলি কোৱা হয়৷ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহৰ সৈতে সংলগ্ন কেন্সাৰ হাস্পতালক লেভেল টু আৰু জিলা হাস্পতালত ৰেডিয়েশন্যৰ সুবিধা থকা ডায়গ’নেষ্টিক এণ্ড ডে কেয়াৰ চেণ্টাৰক লেভেল থ্ৰী বুলি অভিহিত কৰা হয়৷ ‘ডিষ্টিবিউটেড কেন্সাৰ কেয়াৰ মডেলৰ অধীনত কৰ্কট ৰোগীসকলে ৰাজ্যৰ বাহিৰলৈ নোযোৱাকৈয়ে ঘৰৰ ওচৰতে কম খৰচতে গুণগত কৰ্কট ৰোগৰ চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবে ১৮ খন কৰ্কট হাস্পতাল স্থাপনৰ বাবে পদক্ষেপ লোৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত প্ৰতি বছৰে ৫২ হাজাৰ নতুন কৰ্কট ৰোগী চিনাক্ত হয়৷ ৰাজ্য চৰকাৰে ২০১৮ চনত টাটা ট্ৰাষ্টৰ সৈতে কৰ্কট হাস্পতাল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছিল৷ এই চুক্তি অনুসৰি টাটা ট্ৰাষ্টে প্ৰয়োজনী সজুলি প্ৰদান কৰিব আৰু ৰাজ্য চৰকাৰে চিকিৎসালয় নিৰ্মাণ কৰিব৷  এই চিকিৎসালয়সমূহ ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে৷ অসম চৰকাৰে ৰাজ্যখনৰ ২৩ খন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে৷