Logo
image

খোল খাইছে ‘পেণ্ডৰা বক্স’

আমাৰ অসম, ৫ অক্টোবৰঃ ‘পেণ্ডৰাৰ বক্স’ত সদায় অমূল্য সম্পত্তি থাকে বুলি আশা কৰা হয়, কিন্তু বাকচটোৰ ঢাকনি খুলিলে ওলাই আহে সীমাহীন অভিশাপ৷ গ্ৰীক মাইথ’লজিত বৰ্ণিত এই ‘পেণ্ডৰা বক্স’ৰ আধুনিক ইংৰাজী ‘ইডিয়মছ’ৰ অৰ্থ এয়াই৷ সেই অৰ্থ আক্ষৰিকভাৱে ব্যৱহাৰ কৰি দেওবাৰে তদন্তমূলক সাংবাদিকৰ আন্তৰ্জাতিক সংগঠন ‘ইণ্টাৰনেশ্বনেল কনচৰ্টিয়াম অৱ ইনভেষ্টিগেটিভ জাৰ্নালিষ্টে’ [আই চি আইজ] উন্মোচন কৰা ‘পেণ্ডৰা পেপাৰ্ছ’ নামৰ নথিয়ে আজি বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে৷ ‘পেণ্ডৰা পেপাৰ্ছ’ নাম দি বিশ্বৰ ৬০০জন তদন্তমূলক প্ৰতিবেদনকাৰী সাংবাদিকে উন্মোচন কৰা এই নথিত বিদেশত বিশাল ধনৰাশি জমা থৈ কৰ ফাঁকি দিয়া বিশ্বৰ অনেক প্ৰভাৱশালী ব্যক্তিৰ নাম প্ৰকাশ পোৱাৰ বাবেই তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কিয়নো ‘পেণ্ডৰা পেপাৰ্ছ’ কেলেংকাৰিত কৰ ফাঁকি দি বিদেশৰ একাউণ্টত বক্ৰপথেৰে বিশাল ধনৰাশি বিনিয়োগ আৰু জমা কৰা ব্যক্তিৰ তালিকাত প্ৰকাশ পাইছে ভাৰতৰত্ন শচীন তেণ্ডুলকাৰ, পপ তাৰকা ছাকিৰা, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিন, সম্ৰাট দ্বিতীয় আব্দুল্লাকে ধৰি বিশ্বৰ ৬জন ক্ষমতাশালী ৰাজনীতিকৰ নাম৷ ভাৰতৰ শচীন তেণ্ডুলকাৰৰ উপৰি উদ্যোগপতি অনিল আম্বানি, পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদী, উদ্যোগপতিক বক্ৰপথেৰে সহায় কৰা প্ৰখ্যাত ভাৰতীয় মহিলা নীৰা ৰাডিয়া, গান্ধী পৰিয়ালৰ ঘনিষ্ঠ সতীশ শৰ্মা, পৰ্যটন কোম্পানী ‘কক্স এণ্ড কিংছ’ৰ অজিত কাৰ্কাৰ, কিৰণ মজুমদাৰ শ্ব’ আৰু বলীউডৰ তাৰকা জেকী শ্ৰফৰ নামো এই কেলেংকাৰিত জড়িত বুলি পেণ্ডৰা পেপাৰ্ছৰ তথ্যত প্ৰকাশ পাইছে৷ ‘পেণ্ডৰা পেপাৰ্ছ’ত প্ৰকাশিত তথ্যত মুঠতে ৯১খন দেশৰ প্ৰাক্তন-বৰ্তমান ৰাষ্ট্ৰপ্ৰধান, ৰাজনীতিবিদৰ নাম আছে৷ ‘আই চি আইজে’ মুঠতে বিশ্বৰ ১৪টা বিত্তীয়-আৰ্থিক সংস্থাৰ পৰা সংগ্ৰহ কৰা বিত্তীয় কেলেংকাৰিৰ নথিৰ সংখ্যা হৈছে ১ কোটি ১৯ লাখ৷ এই নথিত বিশ্বৰ ৯১খন দেশৰ অসংখ্য ৰাষ্ট্ৰনেতা, ৰাজনীতিবিদ, ক্ৰীড়াবিদ, শিল্পী, উদ্যোগপতি, প্ৰভাৱশালী ব্যক্তিয়ে কিদৰে নিজ দেশত কৰ ফাঁকি দি বিদেশত ধন বিনিয়োগ কৰিছে, ক’ত ক’ত বেনামী বিনিয়োগ কৰিছে, কোন কোন দেশত গোপনে ধন জমা কৰি ৰাখিছে আৰু বক্ৰপথেৰে কিদৰে নিজৰ দেশৰ পৰা বিদেশলৈ বিশাল ধনৰাশি চালান কৰিছে সেই বিষয়ে সবিশেষ উল্লেখ কৰা হৈছে৷ একেটা সংগঠনে কেইবছৰমান পূৰ্বে অনুৰূপভাৱে ‘পানামা পেপাৰ্ছ’ নামৰ এনে কেলেংকাৰিৰ নথি উন্মোচন কৰি বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছিল৷

দেওবাৰে ‘পেণ্ডৰা পেপাৰ্ছ’ প্ৰকাশ হোৱাৰ পাছত সোমবাৰে এই বিষয়টোক লৈ মোদী চৰকাৰে তদন্তৰ নিৰ্দেশ দিছে৷ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বিভাগৰ [চি বি ডি টি] মুখপাত্ৰই তদন্তৰ বিষয়ে ঘোষণা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী নিৰ্দেশমৰ্মে এই তদন্ত ঘোষণা হোৱা বুলি জনাইছে চি বি ডি টিৰ মুখপাত্ৰই৷ তাৰবাবে এখন তদন্ত কমিটী গঠন কৰা হৈছে, য’ত থাকিব প্ৰত্যক্ষ কৰ বিভাগৰ অধ্যক্ষ, ইডি, ৰিজাৰ্ভ বেংক, আৰ্থিক চোৰাংচোৱা বিভাগৰ শীৰ্ষ বিষয়া৷ মহান ক্ৰিকেটাৰ, ভাৰতৰত্ন সন্মানেৰে ভূষিত শচীন তেণ্ডুলকাৰৰ নাম এই কেলেংকাৰিত সাঙোৰ খোৱাত দেশজুৰি প্ৰতিক্ৰিয়া হৈছে৷ ভাৰতৰ ৬জন প্ৰভাৱশালী ৰাজনীতিবিদৰ নাম এতিয়াও প্ৰকাশ পোৱা নাই৷ সেই নাম লৈ অশেষ কৌতুহলৰ সৃষ্টি হৈছে৷ ইপিনে, শচীন তেণ্ডুলকাৰৰ পক্ষৰ পৰা জনোৱা মতে তেওঁ বিদেশত বৈধভাৱে বিনিয়োগ কৰিছে৷ অৱশ্যে সেয়া তদন্ত সাপেক্ষ আৰু দেশৰ কোন কোন প্ৰভাৱশালীৰ নাম প্ৰকাশ হয় সেই লৈ জল্পনা-কল্পনা তুংগত উঠিছে৷