Logo
image

১ জানুৱাৰীৰ পৰা ছিকিমত প্লাষ্টিকৰ বটলত পানী নিষিদ্ধ

আমাৰ অসম, ৫ অক্টোবৰঃ অহা ১ জানুৱাৰীৰ পৰা ছিকিমত পেকেজড ৱাটাৰ অৰ্থাৎ প্লাষ্টিকৰ বটলত পানী বিক্ৰী নিষিদ্ধ হ’ব৷ শনিবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাঙে এই কথা সদৰী কৰিছে৷ পাহাৰীয়া ৰাজ্যখনত পৰিৱেশ সুৰক্ষাৰ বাবে এনে কঠোৰ সিদ্ধান্ত হাতত লোৱা বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী তামাঙে৷ ছিকিমত প্লাষ্টিকৰ বটলত পানী নিষিদ্ধ ঘোষণা কৰাৰ পাছতে মুখ্যমন্ত্ৰী তামাঙে উল্লেখ কৰে যে ছিকিমত প্ৰকৃতিগত পানীৰ যথেষ্ট যোগান আছে৷ এই পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ সেয়ে ৰাজ্যখনৰ নাগৰিকসকলক তেওঁ প্ৰাকৃতিক ভঁৰালৰ পানী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই অহা  ১ জানুৱাৰীৰ পৰা পেকেজড ৱাটাৰ বা প্লাষ্টিকৰ বটলত বিক্ৰী হোৱা পানী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়৷