Logo
image

মন্ত্ৰী-পুত্ৰ মুক্ত শ্বাহৰুখ-পুত্ৰ বন্দী

আমাৰ অসম, ৬ অক্টোবৰঃ কৰ্ডেলিয়া নামৰ এখন প্ৰমোদতৰীত ৰেভ পাৰ্টি কৰি ড্ৰাগছ খাই থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰক আদালতে জামিন দিয়া নাই৷ দুবাৰকৈ আদালতত হাজিৰ কৰোৱাৰ পাছত আৰিয়ান খান আৰু তেওঁৰ আন সাতজন সংগীক মুঠতে পাঁচদিনৰ বাবে ‘নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰো’ অৰ্থাৎ এনচিবিৰ জিম্মালৈ পঠোৱা হৈছে৷ সাত অক্টোবৰত তাৰকাপুত্ৰ আৰিয়ানক পুনৰ আদালতত উপস্থিত কৰা হ’ব আৰু তেতিয়া তেওঁক ন্যায়িক জিম্মালৈ অৰ্থাৎ জেললৈ প্ৰেৰণ কৰাৰ আশংকা অধিক৷ আৰিয়ানৰ ড্ৰাগছ পাৰ্টিক লৈ মিডিয়াত ভিন ভিন ধৰণৰ বাতৰি প্ৰকাশ হৈছে৷ পিছে তাৎপৰ্যপূৰ্ণভাৱে এনচিবিয়ে সোমবাৰে মুম্বাইৰ এখন আদালতত প্ৰকাশ কৰা অনুসৰি আৰিয়ানৰ হাতৰ পৰা তেওঁলোকে ড্ৰাগছ উদ্ধাৰ কৰা নাছিল৷ সেই তথ্য এনচিবিয়ে শপতনামাৰ জৰিয়তে আদালতত জনাইছিল আৰু সেয়া ইতিমধ্যে একাংশ সংবাদ মাধ্যমত প্ৰকাশিত হৈছে৷ কিন্তু পক্ষপাতদুষ্ট একাংশ সংবাদ মাধ্যমৰ মতে আৰিয়ানৰ হাতৰ পৰা এনচিবিয়ে ড্ৰাগছ উদ্ধাৰ কৰিছিল৷ পিছে এনচিবিয়ে আদালতত দাখিল কৰা তথ্য অনুসৰি তেওঁলোকে কমেও পাঁচবিধ ভিন ভিন ড্ৰাগছ কৰ্ডেলিয়া নামৰ জাহাজখনৰ পৰাহে উদ্ধাৰ কৰিছিল, আৰিয়ানৰ হাতৰ পৰা নহয়৷ অৱশ্যে এনচিবিৰ মতে তেওঁলোকে আৰিয়ান খানে ‘ক্ৰিপ্ট’ কাৰেন্সি’ ব্যৱহাৰ কৰি ড্ৰাগছ ক্ৰয় কৰাৰ তথ্য লাভ কৰিছে আৰু বিভিন্ন ড্ৰাগছ যোগানকাৰীৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ তথ্যও তেওঁৰ ফোনৰ কথোপকথনৰ পৰা উদ্ধাৰ কৰিছে৷ ফলত তেওঁক অধিক জেৰাৰ প্ৰয়োজন আছে আৰু ড্ৰাগছ সৰবৰাহকাৰীক ধৰা পেলোৱাৰ বাবে আৰিয়ানক লগত লৈ অভিযান চলোৱাৰ পৰিকল্পনা আছে৷ সেয়ে আৰিয়ান খানক জামিন প্ৰদান কৰাটো অসম্ভৱ৷ আদালতত আৰু সংবাদ মাধ্যমত এনচিবিয়ে কৰা পৃথক পৃথক দাবী পৰস্পৰ বিৰোধী হৈছে৷ সেয়ে তেইশ বছৰীয়া শ্বাহৰুখ তনয়ক কিয় জামিন প্ৰদান কৰা হোৱা নাই সেই লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ নগণ্য সংখ্যক মূল সূঁতিৰ সংবাদ মাধ্যমেও এই প্ৰশ্ন উত্থাপন কৰিছে৷ পিছে সেই প্ৰশ্নৰ উত্তৰত এনচিবি এতিয়া নিৰুত্তৰ৷

হাতত ড্ৰাগছ মজুত নথকা সত্ত্বেও লক-আপত বন্দী বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ৷ আনহাতে প্ৰত্যক্ষ দিবালোকত সকলোৰে চকুৰ সন্মুখত নিজৰ কনভয়ৰ এখন গাড়ীৰে প্ৰতিবাদকাৰী কৃষকক ইচ্ছাকৃতভাৱে মহতিয়াই নি কমেও চাৰিজনকৈ ব্যক্তিক হত্যা কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ গৃহ দপ্তৰ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰ এতিয়াও মুক্ত আকাশৰ তলত৷ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা, সোধা-পোছাৰ বাবে আটক কৰিবলৈও সাহস গোটাব পৰা নাই৷ আৰিয়ান খানক আটক কৰা হৈছিল যোৱা শনিবাৰে আৰু ষোল্ল ঘণ্টা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল দেওবাৰে৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ কনভয়ে প্ৰতিবাদকাৰী কৃষকক উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰি অঞ্চলত গাড়ীৰে খুন্দিয়াই হত্যা কৰিছিল দেওবাৰে দিনত৷ আশিস মিশ্ৰ গৈ থকা গাড়ীৰ কনভয়টো আন সকলো গাড়ীৰ দৰেই প্ৰতিবাদকাৰী কৃষকে পথ বন্ধ কৰি ভেটি ৰাখিছিল৷ পিছে সকলোকে আচৰিত কৰি আশিস মিশ্ৰৰ গাড়ীৰ কনভয়ৰ একেবাৰে সন্মুখত থকা এখন জীপ সদৃশ গাড়ী প্ৰতিবাদকাৰীৰ  ওপৰেৰে চলাই নিয়া হয় আৰু থিতাতে মৃত্যুবৰণ কৰে চাৰিজন কৃষকে৷ ঘটনাৰ প্ৰতিক্ৰিয়াৰ ফলত মৃতকৰ সংখ্যা আঠজনলৈ বৃদ্ধি পায়৷ ঘটনাস্থলীত উপস্থিত থকা সকলোৱে সেই কনভয় কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰৰ বুলি প্ৰকাশ কৰিছে৷ এটা নিৰ্মম ভিডিঅ’ত সেই দৃশ্য প্ৰকাশ পাইছে আৰু ভিডিঅ’টো ইতিমধ্যে দেশজুৰি ভাইৰেল হৈ পৰিছে৷ এনে জলজল-পটপট প্ৰমাণ থকা সত্ত্বেও কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰই দাবী কৰিছে সেই কনভয়ত তেওঁৰ পুত্ৰ নাছিল৷ তেওঁৰ পুত্ৰই বলপূৰ্বকভাৱে প্ৰতিবাদকাৰীৰ ওপৰেৰে গাড়ী চলাই নিয়া নাছিল৷ অজয় মিশ্ৰৰ এই দাবী যে তেনেই ভুৱা সেয়া ইতিমধ্যে ভিডিঅ’টোৱেই প্ৰমাণ কৰিছে৷ কিয়নো প্ৰতিবাদকাৰীক খুন্দিওৱা গাড়ীখনৰ ঠিক পিছৰ গাড়ীখনতে আছিল আশিস মিশ্ৰ৷ বিজেপিৰ চৰকাৰ থকা উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ আৰক্ষীয়ে ইমান স্পষ্ট প্ৰমাণ পোৱা সত্ত্বেও আজি পৰ্যন্ত আশিস মিশ্ৰক আটক কৰা নাই৷ মুকলিভাৱে ঘূৰি আছে মন্ত্ৰীপুত্ৰ আৰু দাবী কৰিছে সেই ঘটনাত তেওঁ কোনো প্ৰকাৰে জড়িত নহয়৷ বিজেপি চৰকাৰৰ মন্ত্ৰীৰ পুত্ৰ হোৱাৰ বাবেই আশিস মিশ্ৰক যোগী আদিত্যনাথৰ আৰক্ষীয়ে এতিয়ালৈকে এবাৰো সোধা-পোছাৰ বাবে মাতিবলৈও সাহস কৰা নাই৷ অৱশ্যে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ ফলত এই ভয়ংকৰ আৰু নিৰ্দয় ঘটনাটোৰ অভিযুক্ত হিচাপে এজাহাৰত আশিস মিশ্ৰৰ নাম উল্লেখ কৰা হৈছে৷ দেশ একেখনেই, পিছে ব্যক্তিভেদে এতিয়া আইন আৰু আৰক্ষী তথা প্ৰশাসনৰ বিচাৰ ভিন ভিন হৈ পৰিছে৷