Logo
image

আৰিয়ান জে’ললৈ চক্ৰান্তৰ অভিযোগ

আমাৰ অসম, ৮ অক্টোবৰঃ জামিন নাপালে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানে৷ এন চি বিয়ে আৰিয়ানসহ গ্ৰেপ্তাৰাধীন আটাইকেইজনকে আজি পুনৰ জিম্মাত বিচাৰি আবেদন জনায় যদিও সেই আবেদন নাকচ কৰি আদালতে আটাইকেইজনকে ১৪ দিনৰ বাবে জে’ল হাজোতলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷ ইয়াৰ পূৰ্বে ন্যায়াধীশে  উল্লেখ কৰে যে মাদককাণ্ডত আৰিয়ানখানসহ গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে ইতিমধ্যেই এন চি বিয়ে জিম্মাত ৰাখি সোধা-পোছাৰ যথেষ্ট সময় লাভ কৰিছে৷ এনে ক্ষেত্ৰত পুনৰ জিম্মাত দিয়াৰ প্ৰশ্ন আহিব নোৱাৰে৷ ইয়াৰ পাছতে আদালতে আৰিয়ানসহ আটাইকেইজনকে জে’ল-হাজোতলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷ আনহাতে এই নিৰ্দেশৰ পাছতে আৰিয়ানৰ অধিবক্তাই গ্ৰেপ্তাৰাধীন কেইজনৰ অন্তৱৰ্তীকালীন জামিনৰ বাবে আদালতত আবেদন জনায়৷ কাইলৈ পুৱা উক্ত আবেদনৰ শুনানি হ’ব৷ উল্লেখ্য,  শনিবাৰে মুম্বাই-গোৱা অভিমুখী এখন প্ৰমোদতৰীৰ ৰেভ পাৰ্টীৰ পৰা শ্বাহৰুখ পুত্ৰ আৰিয়ানক এন চি বিয়ে ড্ৰাগ লোৱা আৰু ৰখাৰ অভিযোগত  গ্ৰেপ্তাৰ কৰিছিল৷ আৰিয়ানৰ সৈতে গ্ৰেপ্তাৰ হৈছিল মুনমুন ধমেছা আৰু আৰবাজ শেঠ মাৰ্চেণ্টকে ধৰি আন কেইবাজনো৷ আটাইকে আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক বৃহস্পতিবাৰ অৰ্থাৎ ৭ অক্টোবৰলৈ এন চি বিৰ জিম্মাত দিয়ে৷ বিগত দিনকেইটাত শ্বাহৰুখ পুত্ৰ আৰিয়ানসহ গ্ৰেপ্তাৰাধীন আটাইকেইজনকে এন চি বিয়ে মাৰাথান জেৰা চলায়৷ এন চি বি সূত্ৰই প্ৰকাশ কৰা মতে জেৰাত আৰিয়ানে পূৰ্ণ সহযোগিতা আগবঢ়াইছে৷ আজি আদালতত এন চি বিয়ে  প্ৰমোদতৰীৰ মাদককাণ্ডৰ তদন্ত আৰু গভীৰ কৰাৰ স্বাৰ্থত আৰিয়ান আৰু সংগীসকলক জিম্মাত ৰখাৰ প্ৰয়োজন আছে বুলি আবেদন জনায়৷ কিন্তু এন চি বিৰ সেই আবেদন আদালতে পোনচাটেই নাকচ কৰে৷ ইপিনে মাদককাণ্ড সন্দৰ্ভত এন চি বিয়ে শেহতীয়াকৈ আটক কৰা অচিত কুমাৰক ৯ অক্টোবৰলৈ জিম্মাত ৰাখিব৷ আনহাতে ৰেভ পাৰ্টীৰ পৰা আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা ঘটনাত  অধিবক্তা সতীশ মানশিণ্ডেই ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰিছে৷ একেদৰে শ্বাহৰুখ খানৰ বিভিন্ন অনুৰাগীসকলেও অভিনেতাজনৰ ভাৱমূৰ্তিত কালিমা সনাৰ বাবেই পুত্ৰক মাদককাণ্ডৰ সৈতে জড়িত কৰাৰ ষড়যন্ত্ৰ থকা বুলি অভিযোগ কৰিছে৷ শ্বাহৰুখ পুত্ৰই আদালতত সমগ্ৰ ঘটনাটোৰ বাবে অনুশোচনা প্ৰকাশ কৰিছে৷ আৰিয়ানে আদালতক জনায় যে ভৱিষ্যতে এনে ভুল কেতিয়াও নকৰে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে এন চিবিৰ আগত আৰিয়ানে বিগত চাৰিবছৰ ধৰি ড্ৰাগ লোৱাৰ কথা স্বীকাৰ কৰিছিল৷