Logo
image

এইবাৰ টাৱাং সীমান্তৰে সোমাই আহিল চীন, খেদা ভাৰতীয় সেনাৰ

আমাৰ অসম, ৯ অক্টোবৰঃ লাডাখৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰত ভাৰত-চীন সীমান্তত উভয় দেশৰ সেনাৰ মাজত সংঘটিত হতাহতিৰ ঘটনাই সীমান্তত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ উভয় দেশৰ সেনাবাহিনীৰ তহলদাৰী দলে সীমান্তৰ সমান্তৰালকৈ তহল দি থকাৰ অৱস্থাতে হঠাতে কোনো বিষয়ক লৈ চীন আৰু ভাৰতৰ সেনাবাহিনী পৰস্পৰৰ মুখামুখি হয়৷ দুয়োটা পক্ষৰ সেনাবাহিনীয়ে ইজনে সিজনক ঠেলি স্থানচ্যুত কৰিবলৈ চেষ্টা কৰে৷ চীন আৰু ভাৰত দুয়ো দেশৰ সেনাবাহিনীয়ে দাবী কৰে যে তেওঁলোকে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিছে৷ ভাৰতীয় সেনাবাহিনীৰ মতে চীনৰ সেনা ভাৰতীয় ভূখণ্ডলৈ সোমাই আহিছে আৰু চীনৰ সেনাবাহিনীৰ মতে ভাৰতীয় সেনাবাহিনীয়ে চীনৰ ভূখণ্ডত প্ৰৱেশ কৰিছে৷ প্ৰথমে তহলদাৰী দুয়োটা বাহিনীৰ মাজত তৰ্কাতৰ্কি হয় আৰু পাছত সেই তৰ্কাতৰ্কি ঠেলাঠেলিলৈ ৰূপান্তৰিত হয়৷ অৱশ্যে ঘটনাই সিমানতে শাম কাটে৷ এই ঘটনা টাৱাং চেক্টৰৰ য়াংচে নামৰ অঞ্চলত যোৱা সপ্তাহতে সংঘটিত হৈছিল৷ চীনৰ তহলদাৰী বাহিনীটোৱে হাতত গধুৰ অস্ত্ৰ-শস্ত্ৰ লৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা বুলি সেনাবাহিনীৰ সূত্ৰ উদ্ধৃত কৰি দেশৰ একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাত চাঞ্চল্যৰ সৃষ্টি হয়৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই ঘটনা সিমান উল্লেখযোগ্য নহয় বুলি তল পেলাবলৈ চেষ্টা কৰিছে৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে তৰ্কাতৰ্কি আৰু ঠেলাঠেলিৰ ঘটনাৰ বিষয়ে উভয় দেশেই সেনাবাহিনীৰ দুয়োপক্ষৰ লোকেল কামাণ্ডাৰক অৱগত কৰিছে৷ অচিৰেই তেওঁলোকৰ মাজত আলোচনা হোৱাৰ কথা৷ উল্লেখ্য যে, চীনে অৰুণাচল প্ৰদেশৰ এক বৃহৎ অংশ তেওঁলোকৰ বুলি দাবী কৰি আহিছে৷ চীনে চৰকাৰী নথিত এই অঞ্চলটোক দক্ষিণ তিব্বত বুলি বৰ্ণনা কৰে৷ দেশখনৰ সেনাবাহিনীয়ে সীমান্তৰ কাষলৈকে বৃহৎ ৰাজপথ নিৰ্মাণ কৰিছে আৰু সীমান্তৰ পৰা চকুৰে দূৰত্বত কেইবাখনো গাঁও স্থাপন কৰি ইণ্টাৰনেটকে ধৰি সকলো সা-সুবিধা স্থাপন কৰি গাঁওবাসীৰ ৰূপত চোৰাংচোৱাক সংস্থাপিত কৰিছে৷ লাডাখৰ উপৰি অৰুণাচল প্ৰদেশৰ সীমান্তৰ এক বৃহৎ অংশক লৈ উভয় দেশৰ মাজত সংঘাত চলি আছে৷ এই অঞ্চলটোৰ প্ৰতি চীনৰ ৰঙা চকু দীৰ্ঘদিনৰ পৰাই আছে৷ শেহতীয়া উত্তেজনা তাৰে বহিপ্ৰৰ্কাশ বুলি ধাৰণা কৰা হৈছে৷