Logo
image

পঁইতাচোৰাৰ বাবে ভৰিলে ৫৫ হাজাৰ টকাৰ জৰিমনা

আমাৰ অসম, ৯ অক্টোবৰঃ বেংগালুৰুৰ এখন ৰেষ্টুৰেণ্টে গ্ৰাহকক পৰিৱেশন কৰা মিঠাইৰ পাত্ৰত পঁইতাচোৰা ওলোৱাৰ বাবে ভৰিব লগা হ’ল ৫৫ হাজাৰ টকাৰ জৰিমনা৷ বৃহস্পতিবাৰে বেংগালুৰুৰ এখন আদালতে ৰেষ্টুৰেণ্টখনক এই জৰিমনা আদায়ৰ নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে ২০১৬ চনৰ ১৫ ছেপ্টেম্বৰত ৰাজান্না নামৰ ৫৭ বছৰীয়া লোক এজনে এজন বন্ধুৰ সৈতে বেংগালুৰুৰ কামাথ নামৰ হোটেল কাম ৰেষ্টুৰেণ্ট এখনত সোমায়৷ তাত তেওঁ ডোছা আৰু গুলাব জামুৰ অৰ্ডাৰ দিয়ে৷ অলপ সময়ৰ পাছত গ্ৰাহকজনৰ সন্মুখত ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীয়ে দি থৈ যায় অৰ্ডাৰ দিয়া খাদ্যবস্তুখিনি৷ কিন্তু খাবলৈ লওতেই গ্ৰাহকজনে দেখে যে গুলাব জামুৰ পাত্ৰটোত আছে এটা পঁইতাচোৰা৷ লগে লগে তেওঁ ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীক অৱগত কৰাত কৰ্মচাৰীজনে পঁইতাচোৰাটো আঁতৰাই নিয়ে৷ কিন্তু ইয়াৰ পূৰ্বে পাত্ৰটোত থকা পঁইতাচোৰাৰ সৈতে গ্ৰাহকজনে ম’বাইল ফোনটোত এখন ফটো লয়৷ তাকে লৈ হোটেলৰ কৰ্মচাৰী আৰু মেনেজাৰৰ সৈতে তেওঁৰ কাজিয়া আৰম্ভ হয়৷ এটা সময়ত হোটেলৰ মেনেজাৰে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰে৷ পাছত গ্ৰাহকজনে কামাথ নামৰ ৰেষ্টুৰেণ্ট কাম হোটেলখনৰ পৰা ওলাই গৈ গ্ৰাহক আদালতৰ কাষ চাপে৷ যোৱা প্ৰায় তিনি বছৰ ধৰি গ্ৰাহক আদালতত গোচৰটো চলি থকাৰ অন্তত বৃহস্পতিবাৰে আদালতে কামাথ ৰেষ্টুৰেণ্ট কতৃৰ্পক্ষক ৫৫ হাজাৰ টকাৰ জৰিমনা বিহে৷