Logo
image

লাইট নজ্বলাব, নামিব অন্ধকাৰ

আমাৰ অসম, ১২ অক্টোবৰঃ দেশৰ ৮-১০ খন ৰাজ্যৰ লগতে অচিৰেই অসমো অন্ধকাৰত ডুবিব৷ ক’ভিডৰ দ্বিতীয় ঢৌত যিদৰে সমগ্ৰ দেশে অক্সিজেনৰ অভাবত ভূগি ছটফটাই আছিল, এইবাৰো মোদী চৰকাৰৰ অকৰ্মন্যতাৰ বাবে বিদ্যুৎবিহীন হৈ অন্ধকাৰত থাকিব লাগিব দেশৰ লগতে অসমৰ জনতা৷ মাথোঁ দুদিন পূৰ্বে দেশৰ ৰাজধানীত দুই-তিনিদিনৰ পাছৰ পৰা ব্লেক আউত হ’ব বুলি সকিয়নী দিছিল আপ চৰকাৰৰ শক্তিমন্ত্ৰীয়ে৷ পিছে মোদী চৰকাৰৰ কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে সেই আশংকা অমুলক বুলি কৈ আপ চৰকাৰে অনাহক আতংকৰ সৃষ্টি কৰা বুলি সংবাদমেল পাতি ঘোষণা কৰিছিল৷ কিন্তু সেই ঘোষণাৰ আগে-পিছে দিল্লী, মহাৰাষ্ট্ৰ, পঞ্জাব, কেৰালাৰ অধিকাংশ থাৰ্মেল পাৱাৰ প্লেণ্ট বন্ধ হৈ গৈছে আৰু তাৰ ফলত কমেও ৯খন ৰাজ্যত কেইবাঘণ্টাও বিদ্যুৎ কৰ্তন কৰিবলগীয়া হোৱাত জনসাধাৰণে দীৰ্ঘ সময় বিদ্যুৎ যোগান অবিহনে থাকিবলগীয়া হৈছে আৰু কল-কাৰখানাৰ উৎপাদন বন্ধ হৈ গৈছে৷ ঠিক সেই অনুৰূপ পৰিস্থিতি অসমতো হ’ব বুলি ৰাজ্যখনৰ বিদ্যুৎ সৰবৰাহকাৰী সংস্থা এ পি ডি চি এলে সোমবাৰে ৰাজহুৱাকৈ ঘোষণা কৰিছে৷ এপিডিচিএলৰ মুখ্য মহা প্ৰৱন্ধকে সোমবাৰে ৰাজ্যৰ সংবাদপত্ৰত জাননী দি সেই ঘোষণা কৰিছে আৰু তেওঁলোকে পৰৱৰ্তী কিছুদিনলৈ ৰাজ্যবাসীক নিৰৱছিন্নভাৱে বিদ্যুৎ যোগান দিব নোৱাৰিব আৰু লোড শ্বেডিং হ’ব বুলি নিজৰ অসহায় অৱস্থা উদঙাই দিছে৷ মোদী চৰকাৰে দেশৰ বৃহৎসংখ্যক ৰাজ্যক কয়লাৰ যোগান দিব নোৱাৰাৰ বাবেই দেশ অন্ধকাৰত ডুবি থাকিব৷ সেই কথা এপিডিচিএলৰ মুখ্য মহাপ্ৰৱন্ধকে ৰাজহুৱা জাননীত স্বীকাৰো কৰিছে৷ সংবাদ পত্ৰত ৰাজহুৱা জাননী প্ৰকাশ কৰি তেওঁ অসমবাসীক জনাইছে যে কয়লাৰ অভাৱৰ বাবে থাৰ্মেল পাৱাৰ প্লেণ্টত বিদ্যুতৰ উৎপাদন অভাৱনীয়ভাৱে হ্ৰাস পাইছে৷ ইয়াৰ ফলত ৰাজ্যৰ শক্তি উৎপাদনৰ অৱস্থা জটিল পৰিস্থিতিলৈ পৰ্যবসিত হৈছে৷ সেয়ে সমগ্ৰ অসমত বিদ্যুৎ কৰ্তন, লোড শ্বেডিং অনিবাৰ্য হৈ পৰিছে৷ তেওঁ জাননীৰ জৰিয়তে ৰাজ্যবাসীক মিতব্যয়ীতাৰে বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে৷ অন্যথা সমগ্ৰ ৰাজবাসী দীৰ্ঘকালীনভাৱে অন্ধকাৰত ডুব যাব৷  শাৰদীয় দুৰ্গা পূজাকে ধৰি উৎসৱৰ বতৰত কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰিতাৰ বাবে দেশ অন্ধকাৰত ডুবি যোৱাৰ উপক্ৰম হৈছে আৰু দিল্লীৰ আপ চৰকাৰে দিয়া আগতীয়া সকিয়নীক মিছা কথাৰে আতংক সৃষ্টিৰ প্ৰচেষ্টা বুলি মোদী চৰকাৰৰ শক্তিমন্ত্ৰী আৰ কে সিঙে ভৰিৰ ওপৰত ভৰি তুলি বহি আছে৷ উল্লেখ্য, বিগত কেইদিনত কয়লাৰ অভাবৰ বাবে মহাৰাষ্ট্ৰত ১৩টা, পঞ্জাবত ৬টা, দিল্লীত ৫টা, কেৰালাত ৪টা থাৰ্মেল পাৱাৰ প্লেণ্ট বন্ধ হৈ গৈছে৷ এই চাৰিখন ৰাজ্যৰ উপৰি কেৰালা, ৰাজস্থান, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, ঝাৰখণ্ড আৰু বিহাৰতো কয়লাৰ যোগান নোপোৱাত বহুকেইটা বিদ্যুৎ উৎপাদনকাৰী থাৰ্মেল প্লেণ্ট বন্ধ হৈ পৰাত সংশ্লিষ্ট ৰাজ্যকেইখনত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে৷ এই ৰাজ্যসমূহত দিনটোত ৩-৭ ঘণ্টা পৰ্যন্ত বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছে৷ ইয়াৰ ফলত জনজীৱন স্তব্ধ হোৱাৰ লগতে উদ্যোগ প্ৰধান ৰাজ্য ক্ৰমে পঞ্জাব, মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান, অন্ধপ্ৰদেশ, বিহাৰ, কেৰালা, তামিলনাডু, দিল্লী আৰু ঝাৰখণ্ডত এফালৰ পৰা কল-কাৰখানা, উদ্যোগ ইত্যাদি বন্ধ হৈ পৰিছে৷ বিস্তৰ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে সমগ্ৰ দেশ৷ কোৱা বাহুল্য মাথোঁ, নৰেন্দ্ৰ মোদী চৰকাৰৰ অকৰ্মন্যতাৰ ফলত আৰু হঠকাৰী নীতিৰ বাবেই দেশ অন্ধকাৰত ডুবিবলৈ আগবাঢ়িছে৷ সমগ্ৰ দেশত কয়লাৰে চলা শক্তি উৎপাদন কেন্দ্ৰ অৰ্থাৎ থাৰ্মেল পাৱাৰ প্লেণ্ট আছে ১৩৫টা৷ এই থাৰ্মেল প্লেণ্টত কয়লাৰ যোগান ৭০ শতাংশ হ্ৰাস পাইছে৷ এই মুহূৰ্তত দেশৰ থাৰ্মেল প্লেণ্ট চলি থাকিব পৰাকৈ মাথোঁ দুদিনতকৈও কম দিনৰ বাবে কয়লা মজুত আছে৷ সাধাৰণতে দেশত ১৫-৩০ দিন চলিব পৰাকৈ কয়লা মজুত থাকে৷ এতিয়া দুদিনৰো কম ব্যৱহাৰৰ বাবে কয়লা মজুত থকাৰ পৰিস্থিতি কিমান ভয়াৱহ হ’ব পাৰে সেয়া সাধাৰণ লোকৰো বোধগম্য হ’ব৷ পিছে সেই কথা বুজা নাই মোদী চৰকাৰৰ শক্তি মন্ত্ৰী আৰ কে সিঙে৷ তেওঁ কৈছে–‘কোন ৰাজ্যক কিমান কয়লা লাগে মোক জনাওঁক৷ মই লগে লগে পঠিয়াই দিম৷’ শক্তিমন্ত্ৰীয়ে এনেদৰে দম্ভালি মাৰিলেও কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অৱশ্যে দেশত কয়লাৰ নাটনি হোৱাৰ কথা স্বীকাৰ কৰিছে৷ তেওঁ কৈছে, আন্তঃৰাষ্ট্ৰীয় বজাৰত কয়লাৰ মূল্য বৃদ্ধি পোৱাৰ বাবে ভাৰতে পৰ্যাপ্ত পৰিমানত কয়লা আমদানি কৰিব পৰা নাই৷ আনহাতে অতিমাত্ৰা বৰষুণৰ ফলত দেশৰ কয়লাখনিত উৎপাদন হ্ৰাস পাইছে৷ কয়লা যোগানৰ ক্ষেত্ৰত দেশৰ সাম্প্ৰতিক স্থিতি উদ্বেগজনক৷ জোৰ পুৰি বৰলাৰ হাত পোৱাত প্ৰকৃত পৰিস্থিতি শেহতীয়াকৈ বুজি সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শক্তিমন্ত্ৰী আৰ কে সিং আৰু কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে জৰুৰী বৈঠকত বহিছে৷ চৰকাৰৰ এই বিলম্বিত পদক্ষেপৰ ফলত অলপতে অক্সিজেনৰ অভাবত দেশবাশীয়ে ছটফটোৱাৰ দৰে এইবাৰ বিদ্যুতৰ অভাবত ছটপটাব লাগিব৷ ইপিনে এপিডিচিএলে দিয়া জাননীৰ ফলত ৰাজ্যত হাহাকাৰ লগাত শক্তিমন্ত্ৰী বিমল বৰাই ৰাজ্যত বিদ্যুৎ কৰ্তন কৰা নহয় বুলি স্পষ্টীকৰণ দিবলগীয়া হৈছে৷

আদানিৰ বিৰুদ্ধে উঠিছে অভিযোগ

বিদ্যুৎ খণ্ড ব্যক্তিগত খণ্ডক গতাবৰ বাবে গৌতম আদানি আৰু নৰেন্দ্ৰ মোডী  চৰকাৰ লগলাগি ভয়ংকৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছে বুলি অকতৃৰ্ত্বশীল এটা সূত্ৰত প্ৰকাশ আৰু অভিযোগ উত্থাপিত হৈছে৷ সেই অনুসৰি–ঝাৰখণ্ড, ছত্তিশগড়ৰ পৰা আৰম্ভ কৰি ভাৰত বৰ্যত যিমানবোৰ কয়লা খনি আৰু কয়লাৰ সম্ভাব্য পাহাৰ আছে সেইবোৰৰ সিংহ ভাগ যোৱা ৬টা বছৰত মোডী চৰকাৰে গুজৰাটী বেপাৰী গৌতম আদানিৰ কোম্পানীক গতালে৷ ফলত গৌতম আদানিৰ কোম্পানী সম্প্ৰতি এছিয়াৰ সৰ্ব বৃহৎ কয়লা খনিৰ মালিকৰ লগতে কয়লা ব্যৱসায়ীত পৰিণত হ’ল৷ অৰ্থাৎ গৌতম আদানি ভাৰতৰ কয়লা উৎপাদন খণ্ডৰ একচ্ছত্ৰী সম্ৰাটত পৰিণত হৈছে৷ ভাৰতৰ সিংহভাগ বিদু্যৎ উৎপাদন হয় থাৰ্মেল প্ৰজেক্টত, অৰ্থাৎ কয়লাৰ পৰা৷ আদানি কয়লাৰ একচ্ছত্ৰী সম্ৰাটত পৰিণত হোৱাৰ লগে লগে কয়লাৰ কৃত্ৰিম নাটনি আৰম্ভ কৰাৰ অভিযোগ উঠিছে৷ কয়লাৰ এই নাটনিৰ ফলত সমগ্ৰ দেশৰ থাৰ্মেল প্লেণ্টসমূহত সৃষ্টি হৈছে হাহাকাৰ৷ কাৰণ দেশৰ থাৰ্মেল প্ৰজেক্টসমূহৰ হাতত সম্প্ৰতি ২০ৰ পৰা ২২ দিনৰ ইন্ধন অৰ্থাৎ কয়লা মজুত আছে৷ কিন্তু ষড়যন্ত্ৰমূলকভাৱে আদানিৰ লাভলৈ চিন্তা কৰি চৰকাৰৰ পৰা প্ৰচাৰ চলাইছে যে আগন্তুক ৬টা মাহত দেশত বিদ্যুৎ নাটনি হ’ব৷ নৰেন্দ্ৰ মোডী চৰকাৰৰ লগ লাগি গৌতম আদানিয়ে কয়লাৰ এই কৃত্ৰিম নাটনি সৃষ্টি কৰা মূল উদ্দেশ্যই হ’ল চৰকাৰী খণ্ডৰ বিদ্যুৎ উৎপাদন আৰু বিতৰক প্ৰতিষ্ঠান সমূহৰ প্ৰতি সাধাৰণ নাগৰিকক ক্ষুণ্ণ কৰা, যাতে সাধাৰণ নাগৰিকে বিদ্যুৎ খণ্ড চৰকাৰী খণ্ডত থকাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক অৰ্পন কৰাৰ পোষকতা  কৰে৷ উল্লেখ্য, তিনি দিনৰ আগতে মোডী চৰকাৰৰ ষড়যন্ত্ৰ মৰ্মে ভিন ভিন ৰাজ্যৰ বিভাগে ঘোষণা কৰিছে, দেশত বিদ্যুৎ সংকট হ’ব৷’ এই ঘোষণাৰ সাত দিনৰ আগত কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰনালয়ৰ আহ্বান মৰ্মে টাটা, আদানি, ৰিলায়েঞ্চ, জে পি আদি মুঠ নটা কোম্পানীয়ে ভাৰতৰ বিদু্যৎ উৎপাদন আৰু বিভিন্ন ৰাজ্যত বিতৰণৰ বাবে নিবিদাত ভাগ লৈছে৷ অৰ্থাৎ আদানিকে ধৰি এইকেইটা কোম্পানীয়ে দেশৰ বিদ্যুৎ উৎপাদন আৰু বিতৰণৰ দায়িত্ব লাভ কৰিব৷ মূলতঃ, বিদ্যুৎ খণ্ডক আদানি, আম্বানি, জে পি আদি গ্ৰুপক গটোৱাৰ কৌশল হিচাপে নৰেন্দ্ৰ মোডী চৰকাৰে গৌতম আদানিৰ লগ লাগি দেশবাসীক কিছুদিন অন্ধকাৰত ৰখাৰ খেল আৰম্ভ কৰাৰ অভিযোগ উঠিছে৷