Logo
image

কাশ্মীৰত ৫জন জোৱান নিহত, লাডাখ নেৰে চীনে

আমাৰ অসম, ১২ অক্টোবৰঃ শত্ৰুভাবাপন্ন চীন আৰু পাকিস্তানৰ সীমান্তত একেলগে জটিল সমস্যাৰ সন্মুখীন হৈছে ভাৰত৷ এফালে চীনৰ সৈতে সীমান্তত সেনাৰ মোতায়েনক লৈ সমস্যা আৰু আনদিশে পাকিস্তানে সীমান্তৰে ভাৰতলৈ প্ৰেৰণ কৰা সন্ত্ৰাসবাদীয়ে চলোৱা হিংসাত্মক কাৰ্যকলাপৰ বাবে জটিলতাৰ সন্মুখীন হৈছে ভাৰত৷ একেলগে শত্ৰুতা আচৰণ কৰা দুখনকৈ দেশক চম্ভালিবলৈ লৈ নতুন দিল্লীয়ে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দেশত উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে গভীৰভাৱে চিন্তা কৰিবলগীয়া হৈছে উভয় সীমান্তৰ উদ্বেগজনক পৰিস্থিতিৰ বিষয়ে৷ দেওবাৰে চীনৰ সৈতে সেনাবাহিনীৰ স্থানান্তৰ সন্দৰ্ভত হোৱা অতি গুৰুত্বপূৰ্ণ বৈঠকখন ব্যৰ্থ হোৱাৰ পাছত সোমবাৰে জম্মু কাশ্মীৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে এজন বিষয়াকে ধৰি পাঁচজন সেনাবাহিনীৰ লোকক গুলীয়াই হত্যা কৰিছে৷ প্ৰলোভিত কৰি সেনাবাহিনীৰ এটা দলক তালাচীৰ বাবে মাতি নি সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ পাঁচজন বিষয়া-জোৱানক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে৷ জম্মুৰ পুঞ্চ অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দল থকা বুলি সেনাবাহিনীৰ এটা দলক খবৰ দি লৈ যোৱা হৈছিল৷ সেই ফান্দত ভৰি দি সেনাবাহিনীৰ এজন জেচিঅ’ আৰু চাৰিজন জোৱানে প্ৰাণ হেৰুৱাব লগা হয়৷ উল্লেখ্য, বিগত কেইবাদিনো ধৰি জম্মু কাশ্মীৰত হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ আছে৷ পাকিস্তান সমৰ্থিত এটা সন্ত্ৰাসবাদীৰ দলে কেইদিনমান পূৰ্বে কাশ্মীৰি পণ্ডিত আৰু শিখ ধৰ্মাৱলম্বী শিক্ষকক এখন বিদ্যালয়ৰ ভিতৰত সোমাই গুলীয়াই হত্যা কৰিছিল৷ হত্যাৰ পূৰ্বে সন্ত্ৰাসবাদীৰ দলটোৱে প্ৰত্যেকৰে পৰিচয় পত্ৰ পৰীক্ষা কৰি তেওঁলোক মুছলমান নহয় বুলি নিশ্চিত হৈ লৈছিল৷ ইয়াৰ পাছতে ৰাষ্ট্ৰপতিৰ শাসন চলি থকা কেন্দ্ৰীয় শাসিত প্ৰদেশখনত কেন্দ্ৰীয় চৰকাৰৰ বাহিনীয়ে ৭৫০ জনৰো অধিক স্থানীয় বাসিন্দাক আটক আৰু গ্ৰেপ্তাৰ কৰি অত্যাচাৰ চলাই থকাৰ অভিযোগ উঠিছে৷ তাৰ মাজতে সোমবাৰে সন্ত্ৰাসবাদীৰ দলে পাঁচ সেনাক হত্যা কৰি প্ৰতিশোধ পূৰণ কৰা বুলি দাবী কৰিছে৷ সন্দেহাতীতভাৱে এই সকলো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আঁৰত আছে প্ৰতিবেশী অথচ শত্ৰু পাকিস্তান৷ কিয়নো জম্মু কাশ্মীৰত কাৰ্যকলাপ চলাই থকা সকলো সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়ে পাকিস্তানে আৰু পাকিস্তানৰ ভূমিৰ পৰাই সীমান্ত পাৰ কৰি ভাৰতলৈ প্ৰেৰণ কৰে পাকিস্তানৰ চৰকাৰী বাহিনী৷ সেই দিশৰ পৰা সম্প্ৰতি পাকিস্তানৰ সীমান্তত জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে ভাৰত৷

ইপিনে, লাডাখত অৱস্থান গ্ৰহণ কৰি থকা চীনৰ সেনাক এতিয়াৰ অৱস্থিতিৰ পৰা পিছুৱাই যাবলৈ ভাৰতে আগবঢ়োৱা প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই উভয় দেশৰ সেনাবাহিনীৰ মাজত হোৱা দেওবাৰৰ গুৰুত্বপূৰ্ণ বৈঠকখন ব্যৰ্থ হয়৷ চীনে স্থান সলনি কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত ভাৰতীয় সেনাবাহিনীয়েও অৱস্থান গ্ৰহণ কৰি থকা ঠাইৰ পৰা পিছুৱাই নাহে বুলি ঘোষণা কৰিছে৷ ইয়াৰ ফলত উভয় দেশৰ সীমান্তত পুনৰ সৃষ্টি হৈছে উত্তেজনা৷ এতিয়াৰ পৰা প্ৰায় ডেৰবছৰ পূৰ্বে লাডাখৰ গালৱানত ভাৰত আৰু চীনৰ সেনাবাহিনীৰ মাজত গুলী ব্যৱহাৰ নকৰাকৈ ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ সেই সংঘৰ্ষত চীনৰ সেনাবাহিনীয়ে গজাল লগাই লোৱা লাঠিৰে কোবাই ২০ জন ভাৰতীয় সেনাক হত্যা কৰিছিল৷ উক্ত ঘটনাত চীনৰ সেনাবাহিনীৰো ক্ষতি হৈছিল কিন্তু সেই ক্ষতিৰ বিষয়ে এতিয়াও কোনেও নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা নাই৷ সেই সময়ছোৱাত লাডাখৰ বিবদমান সীমান্তত চীনৰ সেনাই ভাৰতীয় ভূখণ্ডৰ ভিতৰত প্ৰৱেশ কৰি অৱস্থান গ্ৰহণ কৰি আছিল৷ সংঘৰ্ষৰ পাছত হোৱা আলোচনাত চীনৰ সেনাই ভাৰতৰ মাটিত স্থাপন কৰা চাউনী সামৰি সামান্য পিছুৱাই গ’লেও তেওঁলোকে বিবদমান অঞ্চল ত্যাগ কৰা নাছিল৷ পৰৱৰ্তী সময়ত ভাৰতীয় সেনাবাহিনীয়েও লাডাখৰ সীমান্তত গালৱানকে ধৰি একাধিক স্থানত সুবিধাজনক স্থিতি গ্ৰহণ কৰে৷ উভয় দেশেই সেই বিবদমান অঞ্চলৰ পৰা মোতায়েন হৈ থকা সেনাক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা নিৰ্দিষ্ট দূৰত্বলৈ আঁতৰাই নিব বুলি পৰস্পৰক চৰকাৰী আলোচনাত প্ৰতিশ্ৰুতি দিছিল৷ সেই আলোচনাৰ আঁত ধৰিয়েই দেওবাৰে উভয় পক্ষৰ সেনাবাহিনীৰ মাজত সেনা স্থানান্তৰক লৈ বৈঠক অনুষ্ঠিত হৈছিল৷ কিন্তু চীনে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱ পোনচাতেই উপেক্ষা কৰাত এই বৈঠক ব্যৰ্থ হয় আৰু উভয় দেশৰ সেনাবাহিনীয়ে বিবদমান স্থান নেৰে বুলি ঘোষণা কৰে৷ এই ঘোষণাৰ ফলতে লাডাখৰ সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ সেই উত্তেজনা প্ৰশমন ঘটাবলৈ এই মুহূৰ্তত চৰকাৰী অৰ্থাৎ বিষয়া আৰু মন্ত্ৰী পৰ্যায়ত কৰা আলোচনাৰ গত্যন্তৰ নাই বুলি ধাৰণা কৰা হৈছে৷ কিয়নো উত্তেজনাৰ বশৱৰ্তী হৈ উভয় পক্ষৰ সেনাই লাডাখত পুনৰ অঘটন ঘটাব পাৰে৷ তেনে সম্ভাব্য অঘটনক লৈয়ে সৃষ্টি হৈছে উত্তেজনা৷