Logo
image

শিশু-কিশোৰৰ বাবে ক’ভাক্সিন অনুমোদন

আমাৰ অসম, ১৩ অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ কমিটীয়ে [ছাবজেক্ট এক্সপাৰ্ট কমিটী] ২-১৮ বছৰৰ বয়সৰ শিশু কিশোৰৰ বাবে জৰুৰীভাৱে ক’ভাক্সিন ভেক্‌চিন প্ৰদানত অনুমতি প্ৰদান কৰিছে৷ ভাৰত বায়টেকে থলুৱাভাৱে প্ৰস্তুত কৰা ক’ভাক্সিন ভেক্‌চিন ২-১৮ বছৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিব বুলি বিশেষজ্ঞ কমিটীয়ে ড্ৰাগ্‌ছ কণ্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়া চমুকৈ ডি চি জি আইক পৰামৰ্শ দিছে৷ উল্লেখ্য, হায়দৰাবাদস্থিত ভাৰত বায়টেকে ২-১৮ বছৰত শিশু, কিশোৰৰ ক্ষেত্ৰত ক’ভাক্সিন ভেক্‌চিন প্ৰদানৰ সন্দৰ্ভত ইতিমধ্যে ফেজ-২, ফেজ-৩ ট্ৰায়েল সম্পূৰ্ণ কৰিছে৷ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত এই ট্ৰায়েল ৰিপ’ৰ্ট ভাৰত বায়টেকে বিশেষজ্ঞ কমিটী আৰু ডি চি জি আইক অৰ্পণ কৰিছিল৷ ভাৰত বায়টেকৰ ফেজ-৩ ট্ৰায়েলৰ সবিশেষ অধ্যয়ন কৰি কালি বিশেষজ্ঞ কমিটীয়ে ২-১৮ বছৰৰ ক্ষেত্ৰত ক’ভাক্সিন ভেক্‌চিন প্ৰদানত অনুমোদন জনাইছে৷ অৱশ্যে এই ভেক্‌চিনৰ চূড়ান্ত অনুমোদন ডি চি জি আইয়েহে প্ৰদান কৰিব৷ বিশেষজ্ঞ কমিটীৰ পৰামৰ্শৰ ভিত্তিত ডি চি জি আইয়ে ২-১৮ বছৰৰ ক্ষেত্ৰত ক’ভাক্সিন ভেক্‌চিন প্ৰদানত অনুমোদন জনালেই দেশজুৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ভেক্‌চিন প্ৰদানৰ কাম আৰম্ভ কৰিব৷ উল্লেখ্য, দেশৰ মুঠ জনসংখ্যাৰ ৪৫-৪৬ শতাংশই হৈছে ২-১৮ বছৰ বয়সৰ৷ বিগত বৰ্ষৰ ৯-১০ শতাংশ ক’ভিড আক্ৰান্ত এই শ্ৰেণীৰ হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ ২২ শতাংশ ক’ভিড আক্ৰান্তই আছিল ২-১৮ বছৰ বয়সৰ আছিল৷ কিন্তু জনসংখ্যাৰ ইমান বৃহৎ এটা অংশৰ বাবে ভেক্‌চিন নথকাত দেশৰ ক’ভিড ব্যৱস্থাপনাত এক জটিল সমস্যাৰ সৃষ্টি হৈছিল৷ সকলোৱেই এক ভেক্‌চিনৰ আশাত আছিল৷ যদিহে ডি চি জি আইয়ে এই ভেক্‌চিন সুৰক্ষিত বুলি ২-১৮ বছৰৰ শিশু, কিশোৰক প্ৰদানত অনুমোদন জনায় তেন্তে দেশৰ টিকাকৰণ প্ৰক্ৰিয়াই এক নতুন ৰূপ ল’ব৷ জানিব পৰা মতে এই ভেক্‌চিনৰ দ্বিতীয় ড’জ মাত্ৰ কুৰি দিনৰ ভিতৰতে প্ৰদান কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, ভাৰতত যাইডাছ কেডিলাই প্ৰস্তুত কৰা ভেক্‌চিনে যোৱা আগষ্ট মাহতে ১২-১৮ বছৰৰ ক্ষেত্ৰত প্ৰদানৰ অনুমতি লাভ কৰিছিল৷ কিন্তু ২১ পৰা ১১ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবে কি ভেক্‌চিন প্ৰদান কৰা হ’ব, দেশত ইয়াৰ কোনো সমাধানসূত্ৰ দিব পৰা নাছিল বিজ্ঞানী মহলে৷ কিন্তু শেহতীয়া অগ্ৰগতিয়ে নিশ্চয় এই অনিশ্চয়তা দূৰ কৰিব বুলি আশা কৰিব পাৰি৷