Logo
image

ক্ষুধাতুৰ ভাৰত

গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতৰ স্থান ১০১

আমাৰ অসম, ১৬ অক্টোবৰঃ অতি অনাকাংক্ষিত অভিলেখ গঢ়ি বিশ্বৰ ক্ষুধা কবলিত দেশৰ ভিতৰত ভাৰতৰ স্থিতি ১০১লৈ অৱনমিত হৈছে৷ ৱল্ডৰ্ হাংগাৰ ইনডেক্স অৰ্থাৎ বিশ্ব ক্ষুধা সূচকৰ বৃহস্পতিবাৰে প্ৰকাশিত তালিকাত মুঠ ১১৬খন দেশৰ ভিতৰত ভাৰত উদ্বেগজনকভাৱে ১০১ নম্বৰ স্থানলৈ অৱনমিত হোৱাত দেশখনৰ সাধাৰণ আৰু দৰিদ্ৰ নাগৰিকৰ প্ৰকৃত অৱস্থা কি আৰু কেনে সেয়া সম্পূৰ্ণ বিশ্বৰ সন্মুখত উন্মোচিত হৈ পৰিছে৷ চৰকাৰীভাৱে দেশৰ অৱস্থা টনকিয়াল বুলি কৰি থকা দাবী আৰু শাসনাধিষ্ঠিত দলে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ অৱস্থাৰ প্ৰভূত উন্নয়ন সাধন হোৱা বুলি আগবঢ়োৱা বক্তব্য যে প্ৰকৃততে ফুটুকাৰ ফেন, সেয়া ৱল্ডৰ্ হাংগাৰ ইনডেক্স অৰ্থাৎ বিশ্ব ক্ষুধা সূচকে লজ্জাজনকভাৱে উদঙাই দিছে৷ ভাৰতৰ ক্ষেত্ৰত চৰম উদ্বেগৰ বিষয় এয়াই যে, ক্ষুধা কবলিত দেশৰ ভিতৰত বিশ্বৰ যি ৩১খন দেশৰ পৰিস্থিতি ভয়ংকৰ, তাৰ ভিতৰত ভাৰতো অন্যতম দেশ বুলি এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে৷ অৰ্থাৎ, ভয়ংকৰ ক্ষুধাৰ কবলত পৰা পৃথিৱীৰ ৩১খন দেশৰ মাজত স্থান লাভ কৰিছে ভাৰতে৷ ক্ষুধাৰ দিশত ভাৰতৰ পৰিস্থিতি আটাইবোৰ প্ৰতিৱেশী দেশতকৈ দুৰ্বল৷ কিয়নো ৱল্ডৰ্ হাংগাৰ ইনডেক্স অৰ্থাৎ বিশ্ব ক্ষুধা সূচকৰ প্ৰকাশিত তালিকাত চুবুৰীয়া দৰিদ্ৰ দেশ ভূটান, পাকিস্তান, বাংলাদেশ, নেপালৰ স্থানো ভাৰততকৈ উন্নত৷ এই তালিকাত পাকিস্তানৰ স্থান ৯২, বাংলাদেশ আৰু নেপালৰ স্থান একেই অৰ্থাৎ ৭৬৷ বিশ্বত সম্প্ৰতি মুঠ ১৫খন দেশতহে ক্ষুধাৰ পৰিস্থিতি ভাৰততকৈ অধিক ভয়াৱহ৷ সেয়া হ’ল–পাপুৱা নিউগিনি, আফগানিস্তান, নাইজেৰিয়া, কংগো, মোজাম্বিক, ছিয়েৰা লিয়ন, টিমুৰ, হাইটি, লাইবেৰিয়া, মাডাগাস্কাৰ, ডি আৰ কংগো, চাড, চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক, য়েমেন আৰু ছোমালিয়া৷ এবছৰ পূৰ্বে প্ৰকাশিত অনুৰূপ তালিকাত বিশ্বৰ ১০৭খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল ৯৪৷ বিগত এবছৰত ভাৰতৰ স্থান ক্ষুধাৰ ক্ষেত্ৰত উন্নত হোৱা দূৰৈৰ কথা, ৭ ঢাপ পিছহে পৰিল৷ ২০৩০ চনৰ ভিতৰত ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু বিশ্বৰ পৰা ক্ষুধা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে বিশ্বৰ ক্ষুধাৰ পৰিস্থিতি কিমান পৰিমাণে হ্ৰাস পাইছে সেয়া সূচকৰ মান প্ৰকাশ কৰি বিশ্লেষণ কৰি থকা হৈছে৷ এইক্ষেত্ৰত ১০০ পইণ্টৰ সূচকৰ স্কেলত ০ হৈছে সৰ্বাধিক উন্নত স্ক’ৰ, যাৰ অৰ্থ ক্ষুধাহীন দেশ বা ক্ষুধাশূন্য দেশ৷  আনহাতে ১০০ বা তাৰ কাষৰ পইণ্টে সৰ্বাধিক ক্ষুধাসম্পন্ন দেশক আৰু তাৰ ওচৰা ওচৰিকৈ থকা ক্ষুধাসম্পন্ন দেশৰ পৰিস্থিতি প্ৰতিনিধিত্ব কৰে৷ মুঠতে ৪ বিধ কাৰক এইক্ষেত্ৰত বিশ্লেষণ কৰা হয়৷ সেয়া হৈছে– অপুষ্টি, শিশুৰ মৃত্যু, শিশুক বিনষ্ট কৰা, শিশুক ষ্টাণ্টধৰ্মী কাৰ্যত ব্যৱহাৰ কৰা৷ এইবাৰৰ বিশ্লেষণত প্ৰকাশ পাইছে বিশ্বত সম্প্ৰতি ৪৭খন ৰাষ্ট্ৰ আছে, য’ৰ পৰা ২০৩০ চনৰ ভিতৰত ক্ষুধা সম্পূৰ্ণৰূপে নিৰ্মূল নহ’ব৷ দুৰ্ভাগ্যজনকভাৱে সেই ৪৭খন দেশৰ ভিতৰত ভাৰতো আছে৷