Logo
image

কাশ্মীৰত ২০০ ভাৰতীয়ক হত্যাৰ লক্ষ্য আইএছআইৰ

ডেৰ মাহ পূৰ্বে অনুষ্ঠিত বৈঠকত সিদ্ধান্ত

আমাৰ অসম, ১৭ অক্টোবৰঃ জম্মু-কাশ্মীৰত ধাৰাবাহিক আক্ৰমণৰ লগতে কাশ্মীৰি পণ্ডিতসহ ২০০ জনক হত্যা কৰাৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছে আইএছআয়ে৷ ইয়াৰ বাবে পাক চোৰাংচোৱা সংস্থাটোৱে ২১ ছেপ্টেম্বৰত পাক অধীকৃত কাশ্মীৰৰ মুজাফ্‌ৰবাদত এক বৈঠকত মিলিত হয়৷ শেহতীয়াকৈ সৰ্বভাৰতীয় সংবাদ প্ৰতিষ্ঠানসমূহে পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য৷ ইয়াৰ পাছতে  আইএছআই আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা আৰম্ভ কৰিছে ভাৰতীয় চোৰাংচোৱাসমূহে৷  উল্লেখ্য যে, মুজাফ্‌ৰবাদত হোৱা বৈঠকত আইএছআয়ে কাশ্মীৰি পণ্ডিতসকলৰ উপৰি যিমান পৰা যায় সিমান ভাৰতীয়ক  হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই ক্ষেত্ৰত যিসকল কাশ্মীৰিয়ে আৰক্ষী, নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰি আছে তেওঁলোকক বাচি বাচি হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷