Logo
image

পেট্ৰ’ল ১০৫! নেতাৰ প্ৰলাপ বন্ধ হোৱা নাই

আমাৰ অসম, ১৯ অক্টোবৰঃ আজিৰ দিনটোত ৰাজ্যত পেট্ৰ’লৰ মূল্য ১০৫ টকা অতিক্ৰম কৰিলে৷ পেট্ৰ’ল-ডিজেলৰ এনে অভাৱনীয় মূল্যবৃদ্ধিৰ পাছতো শাসকীয় বিজেপি দলৰ একাংশ নেতাৰ মুখত আখৈ ফুটাদি ফুটিছে কেতবোৰ তুলুঙা মন্তব্য৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই দাবী কৰিছে যে কংগ্ৰেছৰ দিনত তেওঁ হেনো প্ৰতিলিটাৰ পেট্ৰ’ল ১২০ টকাকৈ কিনিছিল৷ প্ৰতিকিলো মগুৰ দাইল ১৮০ টকাত কিনিছিল৷ ইয়াৰ বিপৰীতে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই পেট্ৰ’লৰ মূল্যৰ পৰা হাত সাৰিবলৈ এখন বাইকত তিনিজনকৈ উঠাৰ পৰামৰ্শ দিছে৷ শাসকীয় দলৰ নেতাৰ এনে তুলুঙা মন্তব্যৰ বিপৰীতে আজিৰ দিনটোত বাগ্‌সাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০২.৪৫ টকা, বৰপেটাত ১০২.৫৮ টকা, বিশ্বনাথত ১০৩.১৬ টকা, বঙাইগাঁৱত ১০১.৭৬ টকা, কাছাৰত ১০২.৪০ টকা, চৰাইদেউত ১০২.৩৬ টকা, চিৰাঙত ১০১.৭৬ টকা, দৰঙত ১০৩.১৩ টকা, ধেমাজিত ১০৩.২৬ টকা, ধুবুৰীত ১০২.৮২, ডিব্ৰুগড়ত ১০২.৭২ টকা, ডিমা হাচাওত ১০৫.১৩ টকা, গোৱালপাৰাত ১০২.৬১ টকা, গোলাঘাটত ১০১.৯৭ টকা, গুৱাহাটীত ১০২.২৬ টকা, হাইলাকান্দিত ১০২.৯১ টকা, হোজাইত ১০২.৬৮ টকা, যোৰহাটত ১০২.২৬ টকা, কামৰূপত ১০২.২৬ টকা, কাৰ্বি আংলঙত ১০২.৪৫ টকা, কৰিমগঞ্জত ১০২.৯৪ টকা, কোক্‌ৰাঝাৰত ১০২.৫৪ টকা, লখিমপুৰত ১০৫.৫৪ চকা, মাজুলীত ১০৪.১০ টকা, মৰিগাঁৱত ১০৩.১৮ টকা, নগাঁৱত ১০২.৯৫ টকা, নলবাৰীত ১০২.৪১ টকা, শিৱসাগৰত ১০২.৭৫ টকা, শোণিতপুৰত ১০২.০৮ টকা, তিনিচুকীয়াত ১০২.০৬ টকা, ওদালগুৰিত ১০২.৩৫ টকা আৰু পশ্চিম কাৰ্বি আংলঙত ১০৩.১৯ টকা হয়৷ কেৱল পেট্ৰ’লৰ মূল্য যে বৃদ্ধি হৈছে এনে নহয়৷ মূল্য বৃদ্ধি হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰো মূল্য৷ ফলত অভাৱনীয় দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছে সৰ্বসাধাৰণ লোক৷ বজাৰত পিঁয়াজ বিক্ৰী হৈছে প্ৰতিকিলোত ৬০ৰ পৰা ৭০ টকাৰ ভিতৰত৷ আলু ২৫ টকাৰ পৰা ৩০ টকা, মগুৰ দাইল ১০০ টকাৰ পৰা ১১৫ টকা, মছুৰ দাইল ১১৫ টকাৰ পৰা ১২৫ টকাত বিক্ৰী হৈ আছে৷ মিঠাতেলৰ মূল্যই ইতিমধ্যে ২৪০ টকা অতিক্ৰম কৰিছে৷ শাক-পাচলি, ফল-মূলৰ দামো সৰ্বসাধাৰণ ক্ৰেতাৰ ক্ৰয়ক্ষমতাৰ বাহিৰলৈ গৈছে৷ কোনো এখন বজাৰৰ ওপৰত চৰকাৰৰ নূ্ন্যতমো নিয়ন্ত্ৰণ নাই৷ প্ৰতিখন বজাৰত সামগ্ৰীৰ মূল্য ভিন ভিন৷ যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে সৰ্বসাধাৰণ ক্ৰেতাৰ ওপৰত৷

পেট্ৰ’লিয়ামমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে ছাত্ৰ সন্থাই

দেশৰ পেট্ৰ’লিয়ামমন্ত্ৰী হৰদ্বীপ সিং সুৰীৰ পুত্তলিকা দাহৰে আজি তেজপুৰত আছুৰ তেজপুৰ আঞ্চলিকে সংগঠনটোৰ ১৪টা শাখাৰ সহযোগত ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ প্ৰতিবাদকাৰীসকলে আজি দিনৰ প্ৰায় আঢ়ৈ বজাত তেজপুৰৰ বৰগোলা চাৰিআলিত বিজেপি চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোদী গ’ বেক, ইন্ধনৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি ধবনিৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ আছুৱে অভিযোগ কৰে যে, প্ৰধানমন্ত্ৰী মোদীয়ে শাসনলৈ অহাৰ পূৰ্বে সৰ্বসাধাৰণক মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতি দি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীয়েও ইন্ধনৰ মূল্যবৃদ্ধি সন্দৰ্ভত অদ্ভুত মন্তব্য কৰা বুলি কয় আছু নেতা অৰূপ তালুকদাৰে৷ তদুপৰি, কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিকমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ক’ভিড প্ৰতিষেধক ভেক্‌চিন ৰাইজক বিনামূলীয়াকৈ দিয়াৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা বুলি কৰা মন্তব্যক তুলুঙা আৰু অবান্তৰ বুলি উল্লেখ কৰি এনেবোৰ কথাৰে বিজেপি চৰকাৰে এই সমস্যা তথা বিষয়ৰ পৰা সৰ্বসাধাৰণক অন্য দিশে নিবলৈ চক্ৰান্ত কৰা বুলি কৈ এনে মন্তব্য ভৱিষ্যতে নকৰিবলৈ তেলীক সকীয়াই দিয়ে৷