Logo
image

থানাত ফিতাহি মৰা ড্ৰাগ্‌ ব্যৱসায়ীক এনকাউণ্টাৰ

আমাৰ অসম, ১৯ অক্টোবৰঃ ৰাজ্যত পুনৰ সংঘটিত হ’ল আৰক্ষীৰ এনকাউণ্টাৰৰ এক ঘটনা৷ এইবাৰ ধুবুৰীত সংঘটিত হোৱা সেই ঘটনাত ভৰিত গুলী লাগিল আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা যুৱক এজনৰ৷ যোৱা নিশা আৰক্ষীয়ে লগত লৈ চলোৱা এক ড্ৰাগ্‌ছবিৰোধী অভিযানৰ সময়ত ৰাহুল প্ৰসাদ নামৰ যুৱকজনে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ সময়ত সংঘটিত হৈছে সেই ঘটনা৷ স্মৰ্তব্য যে, ১৭ অক্টোবৰত ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক দিপঙ্কৰ দত্ত লহকৰৰ নেতৃত্বত ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলত আৰক্ষীৰ এটা দলে এক অভিযান চলাইছিল৷ সেই অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু অন্যান্য সামগ্ৰীসহ জনৈক ৰাকেশ দাস, ৰাহুল প্ৰসাদ আৰু আবু তালেব মোল্লা নামৰ তিনিজন যুৱক আৰক্ষীৰ জালত পৰিছিল৷ ৰাহুল প্ৰসাদ নামৰ যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা যুৱকজনক লগত লৈ আৰক্ষীৰ এটা দলে প্ৰথমে তেওঁৰ ঘৰৰ পাছফালৰ পৰা উদ্ধাৰ কৰিছিল কিছু নিচাযুক্ত ঔষধ৷ তাৰ পাছত যুৱকজনে দিয়া তথ্যনুসৰি তেওঁক লৈ ধুবুৰী চহৰৰ পাশ্বৰ্ৱৰ্তী শ’লমাৰীৰ কিছমত হাচদহ প্ৰথম খণ্ড অঞ্চলৰ জনৈক আমিনুৰৰ ঘৰ অভিমুখে যাত্ৰা কৰিছিল আৰক্ষী৷ আৰক্ষীৰ দাবী– ধুবুৰীৰ পৰা কিছমত হাসদহ প্ৰথম খণ্ড অঞ্চলত যাত্ৰা কৰাৰ পাছত মাজবাটতে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্ট কৰে যুৱকজন৷ উপায়ন্তৰ হৈ যুৱকজনক ৰখাবলৈ তেওঁৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলগীয়া হোৱা বুলি সদৰি কৰিছে আৰক্ষীয়ে৷ সোঁ-ভৰিত গুলীবিদ্ধ হোৱা যুৱকজনক বৰ্তমানে ধুবুৰীৰ ঝগৰাপাৰস্থ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ ৰাহুল প্ৰসাদ নামৰ সেই গুলীবিদ্ধ যুৱকজন ৰাষ্ট্ৰীয় বজৰং দলৰ এজন প্ৰাক্তন সদস্য৷ উল্লেখ্য, ড্ৰাগ্‌ বেপাৰীত জড়িত ৰাহুল প্ৰসাদক আৰক্ষীয়ে সংগীসহ গ্ৰেপ্তাৰ কৰাৰ পাছত ধুবুৰী থানাৰ ভিতৰতে দম্ভালি মাৰিছিল ৰাহুলে৷ বজৰং দলৰ নেতা হোৱাৰ সূত্ৰে আৰু বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ সুবাদত আৰক্ষীক থানাৰ ভিতৰতে ৰাহুলে এইবুলিও ভাবুকি দিছিল– মই ড্ৰাগ্‌ ব্যৱসায় কৰিমেই৷ মোক কোনে কি কৰে চাই ল’ম...৷ লক্ষণীয়ভাৱে দিনৰ ভাগত থানাৰ ভিতৰতে আৰক্ষীক ভাবুকি দি ফিটাহি মৰা ৰাহুল প্ৰসাদ নিশা আৰক্ষীৰ জিম্মাতে আৰক্ষীৰ গুলীত আহত হয়৷