Logo
image

আজিৰ অসমীয়াই নিজক নবচালে অসমতে ভগনীয়া হ’ব...

চৰকাৰী হ’ৰ্ডিঙত ক’লা ৰং সানি উগ্ৰ বাঙালী জাতীয়তাবাদ

আমাৰ অসম, ১৯ অক্টোবৰঃ ‘আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ’ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব...’৷ ১৯৬৮ চনৰ ৮ এপ্ৰিলত এই কালজয়ী গীতটো ৰচনা কৰিছিল ড॰ ভূপেন হাজৰিকাই৷ জ্যোতিপ্ৰসাদৰ পৱিত্ৰ স্মৃতিবিজড়িত ভোলাগুৰি চাহ বাগিচাৰ এটি কোঠাত বহি অসম আৰু অসমীয়াৰ ভৱিষ্যতক লৈ উদ্বিগ্ন যুগজয়ী শিল্পীগৰাকীয়ে লিখিছিল এই বিখ্যাত গীতটো৷ গীতটোত নিজেই সুৰাৰোপ কৰাৰ লগতে প্ৰাণঢালি গাইছিল ভূপেন হাজৰিকাই৷ এই গীতটোৱে যুগে যুগে অসমীয়াক নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দি আহিছে৷ ৫৩ বছৰ পূৰ্বে লিখা এই গীতটো আজিও প্ৰাসংগিক৷ শেহতীয়াভাৱে শিলচৰত একাংশ উগ্ৰ বাঙালী জাতীয়তাবাদীৰ দ্বাৰা সংঘটিত অসমীয়া ভাষাবিৰোধী অভিযানক কেন্দ্ৰ কৰি গীতটো পুনৰ চৰ্চালৈ আহিছে৷ ভূপেন হাজৰিকাই কোৱাৰ দৰে প্ৰতিজন অসমীয়াই এতিয়া চিন্তা কৰিছে– ‘আনৰে লগতে অসমীয়া অসমতে যদিহে নেবাচে বাৰু ক’তনো বাচিব, মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব...’৷ সংবেদনশীল অসমীয়া ডেকা-গাভৰুৱে উদ্বিগ্নতাৰে চিন্তা কৰিছে ভূপেন হাজৰিকাই অৰ্ধশতিকা পূৰ্বে কোৱা সেই কথা– ‘বিশ্বপ্ৰেম বিনন্দীয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া, তুমিওতো জানা এটি কথা, আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ’ব বৃথা, তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে বিশ্বই জানো ভাল পাব, পৃথিৱীত জনমি সচেতন নহ’লে প্ৰাপ্যও থিতাতে হেৰাব...’৷ আশ্চৰ্যজনকভাৱে শিলচৰৰ শেহতীয়া ঘটনাই ভূপেন হাজৰিকাৰ গীতটোৰ কথা প্ৰতিজন অসমীয়াক মনত পেলাই দিছে যদিও এই গোটেই গুৰুত্বপূৰ্ণ তথা অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত বিষয়টোৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিছে বিজেপি দল আৰু চৰকাৰে৷ ইয়াৰ কাৰণ স্পষ্ট৷ ৩০ অক্টোবৰত ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ ইয়াৰে কমেও দুটা সমষ্টিত যথেষ্টসংখ্যক হিন্দু বাঙালী ভোটাৰ আছে৷ বাকীকেইটা সমষ্টিতো কম-বেছি পৰিমাণে আছে হিন্দু বাঙালী ভোটাৰ৷ কাজেই উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত শিলচৰত অসমীয়া আৰু অসমীয়া ভাষাবিৰোধী ষড়যন্ত্ৰত লিপ্ত হোৱা উগ্ৰ বাঙালী জাতীয়তাবাদীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি উপ-নিৰ্বাচনত হিন্দু বাঙালীৰ ভোট হেৰুওৱাৰ ৰিস্ক ল’ব খোজা নাই বিজেপি দল আৰু চৰকাৰে৷ বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে যেনেদৰে ‘নিৰাপদ’ দূৰত্বত থাকি সুবিধাবাদী স্থিতি গ্ৰহণ কৰিছে, ঠিক একেদৰেই শিলচৰৰ ঘটনাৰ ক্ষেত্ৰত সুবিধাবাদী চৰিত্ৰৰে ‘নিৰাপদ’ স্থিতি গ্ৰহণ কৰিছে হিমন্তবিশ্ব শৰ্মা চৰকাৰে৷ সেইবাবেই কথাই কথাই জাতি-মাটি-ভেটিৰ কথা কোৱা, ভূপেন হাজৰিকাৰ কথা কোৱা, অসমীয়া সভ্যতা-সংস্কৃতি-ভাষাৰ কথা কোৱা বিজেপি দল আৰু চৰকাৰৰ নেতা-পালিনেতাসকল শিলচৰৰ ঘটনাত লাজলগাকৈ নীৰৱ, নিমাত, নিৰ্লিপ্ত, নিৰুদ্বেগ৷ বিশ্বস্ত সূত্ৰৰ খবৰ মতে, তীব্ৰ ৰাজহুৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত শিলচৰৰ অসমীয়া ভাষাবিৰোধী দুষ্কাৰ্য প্ৰসংগত আৰক্ষীয়ে বহু পলমকৈ গোচৰ ৰুজু কৰিছে যদিও উপ-নিৰ্বাচনৰ পূৰ্বে কাকো গ্ৰেপ্তাৰ কৰাৰ বিশেষ সম্ভাৱনা নাই৷ যদিহে কোনো নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ অভিযুক্তকহে গ্ৰেপ্তাৰ কৰাৰ আঁচনি সাজু কৰি থোৱা বুলি বিশ্বস্ত সূত্ৰটোৱে সদৰী কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে শিলচৰ ৰে’ল ষ্টেচনত চৰকাৰী হ’ৰ্ডিঙত অসমীয়া ভাষা দেখামাত্ৰকে খঙত টিঙিৰিতুলা হৈ পৰে একাংশ উগ্ৰ বাঙালী জাতীয়তাবাদী৷ তেওঁলোকে অসমীয়া ভাষাত লিখা হ’ৰ্ডিং-বেনাৰত ক’লা ৰং সানিয়েই ক্ষান্ত হোৱা নাই, তেওঁলোকে হ’ৰ্ডিং-বেনাৰ ভাঙি-ছিঙি লণ্ডভণ্ডও কৰিছে৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ত চৰকাৰী বেনাৰ-পোষ্টাৰ ভাঙি-ছিঙি লণ্ডভণ্ড কৰাৰ বাবে একাংশ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল৷ যুদ্ধকালীন তৎপৰতাৰে গোচৰ ৰুজু কৰা হৈছিল৷ সেই গোচৰত অভিযুক্ত কেইবাজনো এতিয়াও কাৰাগাৰতে আছে৷ বহুতে থানা আৰু আদালতলৈ তাঁতবাতি কাঢ়িয়েই আছে৷ সেই সময়ত বিজেপি চৰকাৰৰ যুক্তি আছিল এয়ে যে প্ৰতিবাদৰ নামত চৰকাৰী সম্পত্তি ধবংস কৰাৰ অধিকাৰ কাৰো নাই৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ত আগবঢ়োৱা এই ‘অকাট্য’ আৰু কঠোৰ যুক্তি বিজেপি দল আৰু চৰকাৰে শিলচৰৰ ঘটনাৰ ক্ষেত্ৰত আগবঢ়োৱা নাই৷ শাসক পক্ষই গোটেই ঘটনাটো গুৰুত্বহীন আৰু লঘু কৰিবলৈহে চেষ্টা কৰিছে– যেন একোৱেই হোৱা নাই৷ ভূপেন হাজৰিকাক ভাৰতৰত্ন ‘দি’ বাঃ বাঃ লোৱা বিজেপি দল আৰু চৰকাৰে ভূপেন হাজৰিকাই কোৱা কথালৈ এধানমানো গুৰুত্ব দিয়া নাই– ‘কোনোবা কাপুৰুষক পুৰুষ কৰিবলে’ জ্যোতিপ্ৰসাদো যে আছে, অসম মৰিলে আমিও মৰিম বুলি ক’বলৈ শ্বহীদো আছে, আজি অম্বিকাগিৰীৰ চিঞৰক হেজাৰে হাতে-কামে নৱৰূপ দিব, আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ’ব...’৷ কথাই কথাই শৰাইঘাটৰ যুদ্ধ, সভ্যতাৰ যুঁজ, সংস্কৃতিৰ মহাযজ্ঞ, অসমীয়াৰ শেষ মহাৰণ আদি আওৰাই থকা বিজেপি দল আৰু চৰকাৰৰ বাবে ৰাজনীতিয়েই শেষ কথা– তেহেলৈ দেশ-জাতি-মাটি-ভেটিৰ অৱস্থা যিয়েই নহওক কিয়৷ শিলচৰেই নহয়, অসমৰ যি ঠাইতেই এনেধৰণৰ ঘটনা নঘটক কিয়, সেই ঘটনাত জড়িতসকলক অবিলম্বে গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ দায়িত্ব৷ শিলচৰ-কাছাৰ-বৰাক উপত্যকা অসমৰ অন্তৰ্গত৷ শিলচৰত চৰকাৰে অসম বিশ্ববিদ্যালয়ো স্থাপন কৰিছে৷ শেহতীয়াকৈ শিলচৰত মিনি সচিবালয় স্থাপনৰ কথাও চৰকাৰে ঘোষণা কৰিছে৷ ব্ৰহ্মপুত্ৰ উপত্যকাত সমাজবিৰোধী শক্তিৰ বিৰুদ্ধে চৰকাৰৰ যি ভূমিকা, সেই একেই ভূমিকা বৰাক উপত্যকাৰ সমাজবিৰোধী শক্তিৰ বিৰুদ্ধেও হোৱা উচিত৷ এয়া চৰকাৰৰ দায়িত্ব, কৰ্তব্য আৰু অৱশ্যকৰণীয়৷ এইক্ষেত্ৰত হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে গ্ৰহণ কৰা ভূমিকাই ৰাইজক ক্ষুব্ধ আৰু হতভম্ব কৰিছে৷ আশ্চৰ্যজনকভাৱে বিজেপিৰ সৈতে শাসনৰ সোৱাদ লোৱা আৰু নিজকে ৰাজ্যৰ বৃহত্তম জাতীয়তাবাদী আঞ্চলিক দল বুলি ঘোষণা কৰা অসম গণ পৰিষদৰ নেতৃত্বও এইক্ষেত্ৰত নীৰৱ৷ বৰাক উপত্যকাত অসমীয়া ভাষাৰ দুৰ্গতি দেখিয়েই হ’বলা মিত্ৰজোঁটৰ আন এটা অংশীদাৰ দল ইউপিপিএলো এইক্ষেত্ৰত নীৰৱ৷ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন সংগঠনে এইক্ষেত্ৰত মাত মাতিছে যদিও ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় সংগঠন বুলি দাবী কৰা অসম সাহিত্য সভাৰ ভূমিকা অত্যন্ত দুৰ্বল৷ হয়তো ৰজাঘৰে এইক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া স্পষ্ট হোৱাৰ পাছতহে অসম সাহিত্য সভাই ‘বলিষ্ঠ’ভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব৷ কাৰণ শেহতীয়াভাৱে অসম সাহিত্য সভা গেৰুৱা দলৰ ভক্ত হৈ পৰা বুলি গুৰুতৰ অভিযোগ উঠিছে– সভাৰ কৰ্মকৰ্তাসকলে নিজেও কথাই-কামে প্ৰমাণ কৰিছে সেই অভিযোগৰ সত্যতা৷ সেয়া আন এক প্ৰসংগ৷ যি কি নহওক, শিলচৰৰ অসমীয়া ভাষাবিৰোধী ঘটনা-প্ৰৱাহে প্ৰতিজন সংবেদনশীল অসমীয়াৰ মনত নতুনকৈ জাগ্ৰত কৰিছে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ সেই অমূল্য কথা– ‘সাহিত্যসম্ৰাট বেজবৰুৱাদেৱে কৈছিল– আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম? সঁচা, পিছে...’৷ খঙে-ক্ষোভে-অপমানে জৰ্জৰিত অসমীয়াই কেতিয়া বুজিব যে আজিৰ অসমীয়াই নিজক নবচালে অসমতে ভগনীয়া হ’ব! সমস্যাৰ মেটমৰা বোজাৰে ভাৰাক্ৰান্ত অসমীয়াৰ এই মৰ্মবেদনা কেতিয়া উপলব্ধি কৰিব দিছপুৰে৷ দিল্লীলৈতো বহু দূৰ৷

বৰাকত অসমীয়া ভাষা ‘নিষিদ্ধ’ কৰাৰ পাছতো নাকত তেল দি শুই আছে চৰকাৰ

চৰকাৰক সমালোচনা কৰি ফেচবুকত এটা পোষ্ট দিলেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ চৰকাৰৰ কাম-কাজক সমালোচনা কৰি প্ৰতিবাদৰ কাৰ্যসূচী ল’লে কোৱাৰেণ্টিন কৰি ৰাখে অসম আৰক্ষীয়ে৷ অসমৰ জনসাধাৰণে নিবিচৰা ‘কা’ আইন জাপি দিয়াৰ বিৰুদ্ধে হোৱা গণ আন্দোলনত ৰাজহুৱা সম্পদ নষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বহুজন৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দেৱালত ৰং সনা, নষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বহুজন আজিও কাৰাগাৰৰ পৰা ওলাব পৰা নাই৷ কিন্তু বৰাকত অসমীয়া ভাষাত প্ৰকাশিত হৰ্ডিং-বেনাৰ আদি ৰাজহুৱা সম্পদ নষ্ট কৰা লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই অসম আৰক্ষীয়ে৷ আৰক্ষী-প্ৰশাসনৰ চকুৰ আগতে বৰাকৰ শিলচৰ ৰে’ল ষ্টেচনত জনজীৱন মিছনৰ হৰ্ডিং নষ্ট কৰাৰ সাহস পালে কেনেকৈ তাক লৈ প্ৰশ্নৰ উদয় হৈছে ৰাজ্যবাসীৰ মনত৷ উল্লেখ্য, বৰাকৰ শিলচৰ ৰে’ল ষ্টেচনত ‘জলজীৱন মিছনৰ অসমীয়া ভাষাত প্ৰকাশিত হৰ্ডিঙত ক’লা ৰং সানি দিয়াই নহয় বৰাক ডেমোক্ৰেটিক ইয়ুথ ফ্ৰণ্ট আৰু বাঙালী ছাত্ৰ যুৱ সংস্থাৰ সমৰ্থক শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাত লিখা হৰ্ডিং লগোৱাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বিক্ষোভ প্ৰদৰ্শন কৰে৷ সংগঠনটোৰ মুখ্য আহ৩ায়ক কল্পৰ্ণৱ গুপ্তাই বৰাকত অসমীয়া ভাষাত বেনাৰ হৰ্ডিং লগালে পুনৰ ক’লা ৰং সানি দিয়া হ’ব বুলি হুংকাৰ দিয়ে৷ উল্লেখ্য, বৰাক উপত্যকাৰ শিলচৰ ৰে’ল ষ্টেচনতো জল জীৱন আঁচনিৰ এখন হৰ্ডিং আৰি দিয়া হৈছিল৷ উক্ত হ’ৰ্ডিংখনত বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্ট নামৰ সংগঠনৰ কৰ্মী-সমৰ্থকে দেওবাৰে [১৭ অক্টোবৰ] ক’লা ৰং সানি ‘বাংলা লিখুন’ বুলি লিখি দিছিল৷ শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাত প্ৰকাশিত অসম চৰকাৰে আঁৰি দিয়া এখন পোষ্টাৰত অসমীয়া আখৰ কেইটাত ক’লা ৰং সানি ক’লা আখৰেৰে তলত লিখি দিয়া হৈছে ‘বাংলা লিখুন’৷ বি ডি ৱাই এফ [বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্ট] নামৰ এটা স্বল্পখ্যাত সংগঠনটোৱে এনেদৰে অসমীয়া ভাষাত লিখা পোষ্টাৰত ক’লা ৰং সানি দিয়ে৷ আনকি শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাত চৰকাৰী পোষ্টাৰ প্ৰকাশ কৰা কাৰ্যৰ বিৰুদ্ধে শিলচৰ ৰে’ল ষ্টেচনত বিক্ষোভ প্ৰদৰ্শন কৰে বি ডি ৱাই এফ আৰু সদৌ বাঙালী ছাত্ৰ যুৱ সংস্থাৰ সদস্যই৷ সংগঠন দুটাৰ সদস্য-সমৰ্থকে অসমীয়া ভাষাৰ বিৰুদ্ধে বিভিন্নধৰণৰ শ্লোগান দি উত্তপ্ত কৰি তোলে শিলচৰ ৰে’ল ষ্টেচন চৌহদ৷ সংগঠন দুটাৰ দাবী ১৯৬১ চনতে চৰকাৰী ভাষা আইন অনুসৰি বৰাকত চৰকাৰী ভাষা বাংলা৷ কিন্তু বাংলা ভাষাক অপমান কৰি শিলচৰত অসমীয়া ভাষাত পোষ্টাৰ আঁৰি দিয়া হৈছে৷ উভয় সংগঠনৰ সদস্য আৰু সমৰ্থকে শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাত লিখা পোষ্টাৰসমূহত ক’লা ৰং সানি দিয়ে৷ ভৱিষ্যতেও বৰাকত অসমীয়া ভাষাত পোষ্টাৰ বেনাৰ আঁৰি দিলে এনে বেনাৰ পোষ্টাৰ নষ্ট কৰি দিয়া হ’ব বুলি সংগঠন দুটাই ঘোষণা কৰে৷ লক্ষণীয়ভাৱে বৰাক উপত্যকাত উগ্ৰ বাঙালী জাতীয়তাবাদীয়ে অসমীয়া ভাষা ‘নিষিদ্ধ’ কৰাৰ পাছতো নাকত তেল দি শুই আছে বিজেপি দল আৰু চৰকাৰ৷

দুটা সংগঠনৰ বিৰুদ্ধে এজাহাৰ দাখিল জাতীয় পৰিষদৰ

বৰাক উপত্যকাৰ শিলচৰত অসমীয়া আখৰৰ ওপৰত দুষ্কৃতিকাৰীয়ে ক’লা ছাই সানি তীব্ৰ অসমীয়া বিদ্বেষী মানসিকতাৰ পৰিচয় দিয়া কাৰ্যক আমি নিন্দা কৰিছোঁ৷ কিন্তু বিজেপি চৰকাৰে জাতি বিধবংসী ‘কা’ আইনখন অসমত জাপি দিয়া বাবেহে দুষ্কৃতিকাৰীয়ে অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহস পাইছে৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ৷ সোমবাৰে বিয়লি পৰিষদৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে জগদীশ ভূঞাই৷ সংবাদ মেলত জগদীশ ভূঞাই কয়– আমি ভাৰতীয় সংবিধানে বান্ধি দিয়া নীতি অনুসৰি সকলো জাতি, জনগোষ্ঠী আৰু ভাষাৰ গৰিমা অক্ষুন্ন থকাটো বিচাৰোঁ৷ কিন্তু অসমৰ মাটিতে অসমীয়া ভাষাক কোনোবাই পদদলিত কৰিব, তাক আমি সহ্য নকৰোঁ৷ ‘কা’ জাপি দিলে অনাগত দিনত অসমীয়া বিদ্বেষী শক্তিয়ে বল পাব বুলি আমি আগতেই আশংকা কৰিছিলোঁ আৰু আমাৰ আশংকাই সঁচা হ’ল৷ অসমীয়া আখৰৰ ওপৰত ছাঁই সনা দুষ্কৃতিকাৰীক তৎকালে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰৰ দায়িত্ব৷ মুঠৰ ওপৰত অসমক ত্ৰিপুৰা বা কাশ্মীৰলৈ ৰূপান্তৰ কৰাৰ ষড়যন্ত্ৰ ওফৰাবই লাগিব বুলি জগদীশ ভূঞাই ব্যক্ত কৰে৷ সংবাদ মেলত পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰা উপস্থিত থাকে৷ আনহাতে, শিলচৰত অসমীয়া আখৰৰ ওপৰত ক’লা ছাই সানি দিয়াৰ অভিযোগত বৰাকৰ দুটা সংগঠন ক্ৰমে বৰাক ডেমক্ৰেটিক যুৱ ফণ্ট আৰু সদৌ বঙালী ছাত্ৰ যুৱ সন্থাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবীত পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে সন্ধিয়া গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ

বৰাক উপত্যকাত শিলচৰ ৰে’ল ষ্টেচনৰ অসমীয়া ভাষাৰ চৰকাৰী ফলকত বৰাক য়ুথ ডেম’ক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৱে ক’লা ৰং হানি মচি পেলোৱা ঘটনা চৰম দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথে৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়াই কৃষক মুক্তিৰ সাধাৰণ সম্পাদকজনে কয় যে– বৰাক উপত্যকাত অসমীয়া ভাষাক কৰা চৰম অপমানৰ ঘটনা সন্দৰ্ভত ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিমানবোৰ বাঙালী সংগঠন আছে তেওঁলোকে স্পষ্ট স্থিতি ঘোষণা কৰিব লাগে৷ তেওঁ লগতে কয় যে ব্ৰহ্মপুত্ৰ উপত্যকা তথা অসমত বাসকৰা বাঙালীসকলৰ প্ৰতি আমাৰ কোনো বিদ্বেষ নাই৷ কিন্তু অসমতেই যদি অসমীয়া ভাষাক অপমান কৰে যদি অসমীয়া জাতিক হুংকাৰ দিয়ে তেনেহ’লে কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিখন বাঙালী মাধ্যমৰ স্কুল বন্ধ কৰি দিয়া হ’ব প্ৰতিখন বাঙালী পোষ্টাৰ বন্ধ কৰি দিয়া হ’ব৷ তেওঁ লগতে কয় যে বৰাক য়ুথ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ স্থিতি যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালীসকলৰ হয় তেনেহ’লে কিন্তু ইয়াতে বাঙালীসকলো থাকিব নোৱাৰিব৷ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি দাবী জনাই কয় যে এই কাৰ্য সংঘটিত কৰাসকলক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ৷ যদি তেওঁলোকক গ্ৰেপ্তাৰ নকৰে তেনেহ’লে ভাবিবলৈ বাধ্য হম যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি দল অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ পক্ষত নাই৷  গতিকে মুখ্যমন্ত্ৰীয়ে যদিও এইক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট নকৰে তেনেহ’লে ৬১চনৰ ভাষা আন্দোলনৰ দৰে অসম আকৌ উত্তপ্ত হ’ব বুলিও মন্তব্য আগবঢ়ায় কৃষক মুক্তিৰ নেতাজনে৷