Logo
image

অভিজিৎ অসমেই মুকুল হাজৰিকা!

আমাৰ অসম, ১৯ অক্টোবৰঃ আলফাৰ সদ্য প্ৰাক্তন সভাপতি ডাঃ অভিজিৎ অসম ওৰফে ডাঃ মুকুল হাজৰিকাক ইংলেণ্ডৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণৰ যো-জা চলি থকাৰ সময়তে ডাঃ হাজৰিকা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই৷ লক্ষণীয়ভাৱে ডাঃ অভিজিৎ অসম ওৰফে ডাঃ মুকুল হাজৰিকা সম্পূৰ্ণৰূপে কাল্পনিক চৰিত্ৰ বুলি কিছুদিন পূৰ্বে দাবী কৰিছিল সংগঠনটোৰ সভাপতি পৰেশ বৰুৱাই৷ ইয়াৰ বিপৰীতে অনুপ চেতিয়াই আজি দাবী কৰি কয়– ডাঃ মুকুল হাজৰিকাক মই ভালকৈ জনো৷ ১৯৯১ চনত অসমত যেতিয়া মানৱাধিকাৰ ভংগৰ ঘটনাবোৰ ঘটি আছিল তেতিয়া তাৰ বিৰুদ্ধে মাত মাতিবলৈ ময়ে ডাঃ হাজৰিকাক দায়িত্ব দিছিলোঁ৷ তেওঁ এই বিষয়ত কাম কৰি আহিছে৷ তেওঁৰ ঘৰলৈ দুবাৰমান গৈছোঁ মই৷ লণ্ডনৰ ওচৰৰ এণ্ট্ৰন নামৰ ঠাইত থাকে তেওঁ৷ কিন্তু তেওঁ যে অভিজিৎ অসম সেইটো মই নিশ্চিত নহয়৷ জুন মাহত লণ্ডনত আৰক্ষীয়ে তেওঁক সোধা-পোছা কৰা বুলি জানিব পাৰিছিলোঁ৷ তাৰ পাছত তেওঁৰ লগত মোৰ টেলিফোনত এবাৰ কথাও হৈছিল৷ কিন্তু এই বিষয়ে একো কোৱা নাছিল৷ তেওঁৰ পৰিবাৰ অসুস্থ বুলিহে জনাইছিল৷ বিষয়টো কিমান দূৰ সঁচা-কিমান দূৰ মিছা সেইটো পৰেশ বৰুৱা, মুকুল হাজৰিকা আৰু ভাৰত তথা ব্ৰিটিছ চৰকাৰেহে ক’ব পাৰিব৷ ডাঃ মুকুল হাজৰিকাই অসম ৱাট্‌ছ নামৰ মানৱাধিকাৰ সংগঠন এটা গঢ়ি তুলিছিল৷ অসমৰ মানৱাধিকাৰ ভংগৰ বিষয়টো তেওঁ ৰাষ্ট্ৰসংঘটো উত্থাপন কৰিছিল৷ ইউৰোপ-আমেৰিকাৰ মানৱাধিকাৰ সম্পৰ্কীয় চেনিনাৰতো তেওঁ অংশ লৈছিল৷ কাৰাগাৰত সোমোৱাৰ পাছত তেওঁৰ লগত মোৰ যোগাযোগ নাছিল৷ শেহতীয়াভাৱে যোগাযোগ হৈছিল৷’ উল্লেখ্য, ইংলেণ্ডত ডাঃ মুকুল হাজৰিকাক ইতিমধ্যে বহুবাৰ জেৰা কৰা হৈছে ভাৰত চৰকাৰে যোগান ধৰা তথ্যৰ ভিত্তিত৷ ২০১১ চনত ডাঃ হাজৰিকাক আলফা [স্বাধীন]ৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ ২০১৩ চনত তেওঁক স্থায়ী সভাপতি হিচাপে নিযুক্তি দিয়া হয়৷ আলফাত তেওঁ ডাঃ অভিজিৎ অসম নামেৰে পৰিচিত হয়৷ কিন্তু বিগত ছেপ্টেম্বৰ মাহত পৰেশ বৰুৱা নিজে আলফাৰ সভাপতি হয় আৰু ডাঃ অভিজিৎ অসম এটা কাল্পনিক চৰিত্ৰ আছিল বুলি প্ৰেছ বিবৃতি জাৰি কৰে৷