Logo
image

কূটনৈতিক কাৰণতেই নীৰৱ প্ৰধানমন্ত্ৰী মোদী

আমাৰ অসম, ১৯ অক্টোবৰঃ সমগ্ৰ বাংলাদেশ জুৰি দুৰ্গাপূজাক কেন্দ্ৰ কৰি আৰম্ভ হোৱা পূজা মণ্ডপ ধবংস আৰু হিন্দুৰ মঠ-মন্দিৰ ধবংসৰ ঘটনা কঠোৰ হাতেৰে দমন কৰা নাই শ্বেখ হাছিনা চৰকাৰে৷ অন্ততঃ এতিয়ালৈকে বাংলাদেশ চৰকাৰে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা চকুত পৰা নাই৷ সোমবাৰে তেওঁ ঘটনা সংঘটিত হোৱা কেইখনমান স্থানত আৰক্ষীৰ বিষয়া বদলি কৰিয়েই দায়িত্ব সামৰিছে৷ নামত গ্ৰেপ্তাৰ কৰা হৈছে কিছুসংখ্যক দুষ্কৃতিকাৰী আৰু গোচৰ তৰা হৈছে কেইহাজাৰমান লোকৰ বিৰুদ্ধে৷ চৰকাৰে কঠোৰ পদক্ষেপ নোলোৱাৰ ফলতে আক্ৰমণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে৷ তাৎপৰ্যপূৰ্ণভাৱে ভাৰতত মুছলমানৰ বিৰুদ্ধে সংঘটিত বিভিন্ন আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়াৰ ফলতে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত সাম্প্ৰতিক আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি শ্বেখ হাছিনা চৰকাৰে এটা ধাৰণা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে৷ সাম্প্ৰতিক ঘটনাৱলী সন্দৰ্ভত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কৰা এটা মন্তব্যৰ অন্তৰ্নিহিত অৰ্থ তেনে যেনেই অনুভৱ হৈছে৷ এই ঘটনা আৰম্ভ হোৱাৰ দুদিন পাছত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ঘটনাত জড়িতসকলক শাস্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিও ভাৰত চৰকাৰৰ উদ্দেশ্যি দুটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷ তেওঁ কৈছিল– বাংলাদেশত হিন্দুক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ভাৰতো সতৰ্ক থকা উচিত৷  তেওঁ পুনৰ কৈছিল– ভাৰতত এনেকুৱা ঘটনা সংঘটিত হোৱা উচিত নহয়, যাৰ প্ৰভাৱ বাংলাদেশত বাস কৰা হিন্দুৰ ওপৰত পৰে৷ সাধাৰণতে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ কোনো ৰাষ্ট্ৰপ্ৰধানে এনে ঘটনাৰ সময়ত আভ্যন্তৰীণ বিষয়ক লৈ পৰস্পৰৰ প্ৰতি মন্তব্য নকৰে৷ অন্ততঃ  দ্বিপাক্ষিক সম্পৰ্কৰ দীৰ্ঘ ইতিহাসত এখন দেশৰ ৰাষ্ট্ৰ নেতায়ো এনেধৰণৰ মন্তব্য কৰা নাছিল৷ সেই পৰিপ্ৰেক্ষিতত শ্বেখ হাছিনাৰ মন্তব্য কূটনৈতিক আৰু দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ শ্বেখ হাছিনাই তেওঁ মন্তব্যৰ জৰিয়তে বুজাই দিছে, ভাৰতত ঘোৰ হিন্দুত্ববাদী চৰকাৰৰ আমোলত দেশখনত বসবাস কৰা মুছলমান সম্প্ৰদায় ৰাজ্য বিশেষে বিপদাপন্ন হৈছে৷ বহু স্থানত মুছলমানৰ বিৰুদ্ধে প্ৰণালীৱদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ একাধিক ক্ষেত্ৰত তেনে ঘটনাৰ প্ৰতি চৰকাৰী সমৰ্থনো দেখা গৈছে৷ বিগত সাধাৰণ নিৰ্বাচন আৰু যোৱা এপ্ৰিল-মে’ত অনুষ্ঠিত পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত অমিত শ্বাহে বাংলাদেশী সন্দৰ্ভত অতি আপত্তিজনক মন্তব্য কৰিছিল৷ বিগত সাধাৰণ নিৰ্বাচনত দিল্লীত ‘কা’ আন্দোলন কৰা আন্দোলনকাৰীক উদ্দেশ্যি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে নিৰ্বাচনী সভাত মুছলিম আন্দোলনকাৰীক উদ্দেশ্যি ‘দেশ কী গাড্ডাৰকো, গুলী মাৰো ছালেকো’ বুলি শ্ল’গান দিছিল৷ চৰকাৰৰ এনে মনোবৃত্তিয়ে বিভিন্ন স্থানত ভাৰতত সংখ্যালঘু হৈ থকা মুছলমানৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰিবলৈ বিভিন্ন পক্ষক উৎসাহিত আৰু প্ৰৰোচিত কৰিছে৷ চৰকাৰীভাৱে  এনে ধাৰণা অস্বীকাৰ কৰা হ’লেও  ভাৰতত  প্ৰকৃততে কি ঘটি আছে সেয়া লুকাই থকা নাই৷ প্ৰতিৱেশী বাংলাদেশে এই ঘটনাক্ৰম ভালদৰে পৰ্যৱেক্ষণ কৰি আছে৷ প্ৰধানমন্ত্ৰী হাছিনাৰ বক্তব্যত তাৰেই প্ৰতিফলন ঘটিছে৷ ইপিনে তেওঁক দেশত সংখ্যালঘু হিন্দুৰ স্তাৱক বুলি এটা ধাৰণা গঢ় লৈ উঠিছে৷ সাম্প্ৰতিক আক্ৰমণৰ ঘটনালানিৰ জৰিয়তে চৰকাৰীভাৱে লোৱা নূ্যনতম পদক্ষেপৰ ফলত এইবাৰ শ্বেখ হাছিনাই তেওঁৰ প্ৰতি থকা হিন্দুৰ সমৰ্থক ধাৰণাটো আঁতৰাই পেলাবলৈ সক্ষম হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত বাংলাদেশ ভ্ৰমণ কৰি পশ্চিমবংগৰ ভোটৰ বাবে বাংলাদেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া সমগ্ৰ বাংলাদেশত হিন্দুৰ ওপৰত ভয়ংকৰ অত্যাচাৰ সংঘটিত হৈ থকাৰ সময়ত বিষয়টোক লৈ সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে৷ তেওঁ এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত এটা শব্দও উচ্ছাৰণ কৰা নাই৷ কূটনৈতিক কাৰণতে মোদীয়ে নীৰৱতা অৱলম্বন কৰা বুলি ধাৰণা হৈছে৷ আনকি ভাৰতে চৰকাৰীভাৱেও বাংলাদেশৰ আক্ৰমণ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ সিও ৰহস্যজনক৷ 

আনহাতে বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ দুৰ্গাপূজাক কেন্দ্ৰ কৰি সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ এতিয়াও শাম কটা নাই৷ দেওবাৰে নিশা ৰংপুৰৰ পীৰগঞ্জ অঞ্চলত তিনিখন গাঁৱৰ হিন্দু সম্প্ৰদায়ৰ লোকৰ ঘৰ-বাৰী জ্বলাই দিয়ে দুবৃৰ্ত্তই৷ তিনিখন গাঁৱৰ অধিকাংশ ঘৰ-বাৰীৰ লগতে বহুসংখ্যক দোকানো দুবৃৰ্ত্তই জ্বলাই ভস্মীভূত কৰে৷ আনহাতে পীৰগঞ্জ উপ-জিলাৰ ৰামনাথপুৰ ইউনিয়নৰ মাঝিপাড়া, বটতলা, হাতীবান্ধা গাঁৱৰ ২০ হিন্দু সম্প্ৰদায়ৰ ঘৰো জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে৷ ফেচবুকত প্ৰচাৰ হোৱা সাম্প্ৰদায়িক পোষ্টৰ ফলতে এই ঘটনা সংঘটিত হৈছে৷ চৰকাৰী তথ্য অনুসৰি ৰংপুৰ জিলাত মুঠতে ৬৬ টা পৰিয়াল দুবৃৰ্ত্তৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে৷ উল্লেখ্য শাৰদীয় দুৰ্গাপূজাৰ অষ্টমীৰ দিনা পুৱা ৭ বজাত কুমিল্লা চহৰৰ নানুৱাৰ দিঘীৰপাড় পূজা মণ্ডপত কোৰাণ অৱমাননা কৰা বুলি স্থানীয় ৩০ বছৰীয়া যুৱক একৰাম হুছেইনে ৯৯৯ নম্বৰত ফোন কৰি পুলিচক খবৰ দিছিল৷ সেই সময়তে ফয়েজ আহমেদ নামৰ এজন ব্যক্তিয়ে ফেচবুক লাইভ কৰি কোৰাণ অৱমাননা কৰাৰ বিষয়ে সকলোৱে জনায় আৰু এই ঘটনাৰ বিৰুদ্ধে জাগি উঠাৰ বাবে আহ্বান জনাইছিল৷ তেওঁৰ ফেচবুক লাইভৰ ফলতে এঘণ্টাৰ ভিতৰত সেই ঠাইত কেইবাশ লোক সমৱেত হয় আৰু দিঘীৰপাড়ৰ পূজা মণ্ডপ ভাঙি-ছিঙি লণ্ডভণ্ড কৰে৷ আৰক্ষী আৰু একাংশ স্থানীয় লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা  কৰিলেও দুবৃৰ্ত্তৰ সংখ্যা ইমানেই বেছি আছিল যে তেওঁলোকক নিয়ন্ত্ৰণ কৰাটো আৰক্ষীৰ বাবেও সম্ভৱ নহ’ল৷ দিনৰ ১১ বজাৰ পৰা পূজা মণ্ডপ লণ্ডভণ্ড কৰা আৰু শিলগুটি দলিওৱাৰ ঘটনা আৰম্ভ হয়৷ কুমিল্লাত এই ঘটনা কেইবা ঘণ্টা ধৰি চলে৷ কুমিল্লা চহৰত এইবাৰ মুঠ পূজাৰ সংখ্যা আছিল ৯১৷ বাংলাদেশী দুবৃৰ্ত্তই মাজৰাতি পৰ্যন্ত তাণ্ডৱ চলাই  সকলো পূজা মণ্ডপ তচনচ কৰে৷ স্থানীয় বাসিন্দাৰ দাবী, সংঘৰ্ষ সংঘটিত কৰা অধিকাংশ লোকেই চহৰৰ আঁতৰৰ মুৰাদপুৰ, তেলীয়াঘোনা, কাছাৰীপট্টি, শুভপুৰ, টিক্কাচৰ ইত্যাদি এলেকাৰ পৰা আহিছিল৷ অধিকাংশ ভিডিঅ’ ক্লিপিঙত দেখা মতে লণ্ডভণ্ড কৰা অধিকাংশই কম বয়সীয়া তৰুণ৷ উল্লেখ্য, কুমিল্লাৰ পৰাই এইবাৰ দুৰ্গা পূজা লণ্ডভণ্ড কৰাৰ ঘটনা সমগ্ৰ বাংলাদেশত বিয়পি পৰে৷ দেশৰ প্ৰায় সকলো ঠাইতে আয়োজিত হোৱা দুৰ্গাপূজাত তাণ্ডৱ চলাই লণ্ডভণ্ড কৰি দুবৃৰ্ত্তই এইবাৰৰ শাৰদীয় উৎসৱ অদ্ধৰ্সমাপ্তভাৱেই সামৰিবলৈ বাধ্য কৰে৷ কিয়নো দেশখনৰ বিভিন্ন স্থানত কুমিল্লাৰ ঘটনাৰ পাছত এই ঘটনাই সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লৈছে৷ ফলত দুৰ্গোৎসৱ আয়োজনতকৈ এতিয়া সংখ্যালঘু হিন্দু বাংলাদেশীৰ বাবে জীৱন আৰু সম্পত্তি ৰক্ষা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ 

সোমবাৰে দেশৰ বিভিন্ন স্থানত মন্দিৰ-পূজা মণ্ডপত সংঘটিত আক্ৰমণৰ প্ৰতিবাদত ৰাজধানীৰ শ্বাহবাগ অঞ্চল অৱৰোধ কৰে ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে৷ তেওঁলোকে শ্বাহবাগ অঞ্চলত অৱস্থান গ্ৰহণ কৰি মন্দিৰত আক্ৰমণ কিয়, প্ৰশাসনৰ পৰা উত্তৰ লাগে, সংখ্যালঘু মন্ত্ৰণালয় স্থাপন কৰক ইত্যাদি শ্ল’গান দিয়ে৷ ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ মিহিৰলাল সাহাই কয়– ‘মুক্তিযুদ্ধৰ চেতনা আছিল এই দেশৰ সকলোধৰণৰ মানুহে ধৰ্ম পালনৰ ক্ষেত্ৰত সমঅধিকাৰ পাব৷ পিছে সেই চেতনা নষ্ট হৈছে৷ সকলোৰে আগত আমি মানুহ৷ কিন্তু ধৰ্মান্ধই আমাৰ প্ৰতিমা ভাঙি-ছিঙি পেলাইছে৷ আমি ৰহিংগ্যা নহয়৷ আমিও সেইখন দেশৰে নাগৰিক৷ সেয়ে আমি ধৰ্মপালনৰ ক্ষেত্ৰত সমঅধিকাৰ বিচাৰো৷ যি এই আক্ৰমণৰ ঘটনাত জড়িত তেওঁলোকেৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি বিচাৰো৷ এই ক্ষেত্ৰত আমি প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছো৷’