Logo
image

হেহোঁ-নেহোঁকৈ গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

আমাৰ অসম, ১৯ অক্টোবৰঃ বৰাক উপত্যকাৰ শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাত লিখা চৰকাৰী হৰ্ডিঙত ক’লা ৰং সনা কাৰ্যক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত হেহো নেহোকৈ এজাহাৰ দাখিল কৰিলে কাছাৰ জিলা প্ৰশাসনে৷ বৰাক ডেমোক্ৰেটিক য়ুথ ফ্ৰণ্টৰ বিৰুদ্ধে শিলচৰ আৰক্ষী থানাত সোমবাৰে এজাহাৰ দাখিল কৰে কাছাৰ জিলা প্ৰশাসনে৷ এজাহাৰ দাখিলৰ পাছত কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে সংবাদ মাধ্যমৰ আগত কয়–শিলচৰ ৰে’ল ষ্টেচনত জল জীৱন মিছনৰ এখন চৰকাৰী হৰ্ডিঙত ক’লা ৰং সানি দিয়া সন্দৰ্ভত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা এটা অভিযোগ লাভ কৰিছো৷ এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে৷ বিষয়টো অতি গুৰুত্ব সহকাৰে লোৱা হৈছে৷ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে৷ উল্লেখ্য, বৰাক ডেমক্ৰেটিক ইয়ুথ ফ্ৰণ্টে শেহতীয়াকৈ শিলচৰ ৰেল ষ্টেচনত অসমীয়া ভাষাত লিখা এখন চৰকাৰী প্ৰকল্পৰ পোষ্টাৰ লগোৱাৰ বিৰুদ্ধে দেওবাৰে তীব্ৰ প্ৰতিবাদ জনাই বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷ বৰাক ডেমক্ৰেটিক ইয়ুথ ফ্ৰণ্টৰ লগতে সদৌ বঙালী ছাত্ৰ যুৱ সংস্থাৰ সদস্যসকলেও সন্মিলিত ভাবে প্ৰতিবাদ জনায়৷ দুয়োটা সংগঠনৰ সদস্যই শিলচৰ ৰেল ষ্টেচন চৌহদত সমবেত হৈ প্ৰথমে ক’লা চিয়াহীৰে অসমীয়া ভাষাত লিখা চৰকাৰী পোষ্টাৰখন মচি পেলায়৷  তাৰ পিছত, তেওঁলোকৰ প্ৰতিবাদী শ্ল’গান দি ষ্টেচন চৌহদ উত্তাল কৰি তোলে৷ উক্ত কাৰ্যসূচীত ইয়ুথ ফ্ৰণ্টৰ মুখ্য আহ্বায়ক কল্পৰ্ণব গুপ্তাই কয় যে ১৯৭১ চনৰ ত্ৰিভাষিক সূত্ৰটো একাদশ শ্বহীদসকলৰ তেজৰ বিনিময়ত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল৷ কিন্তু চৰকাৰে বাৰে বাৰে ভাষা আইন উলংঘন কৰি বৰাকৰ অসমীয়া ভাষাত পোষ্টাৰ লগাইছে৷  দিছপুৰৰ বিষয়াসকলে পিছফালৰ পৰা বৰাক উপত্যকাক গোৱালপাৰা বনাবলৈ চেষ্টা কৰি আছে৷ উল্লেখ্য, বৰাকত অসমীয়া ভাষাত প্ৰকাশিত চৰকাৰী হ’ৰ্ডিং-বেনাৰত ক’লা ৰং সানি দিয়া কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন৷ অসমীয়া ভাষাক অপমান কৰাৰ কাৰ্যৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শতাধিক ছাত্ৰ-ছাত্ৰী আৰু সচেতন নাগৰিকে৷ উলিয়াইছে প্ৰতিবাদী সমদল৷ প্ৰতিবাদকাৰীসকলে অসমীয়া ভাষাৰ প্ৰতি অপমান কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বই কৰ্ম সমৰ্থকে দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শান্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷

বৰাকত অসমীয়া ভাষাক অপমান কিয়, কোন তেওঁলোকঃ আছুৰ প্ৰশ্ন

বৰাক উপত্যকাৰ শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাত লিখা পোষ্টাৰত ক’লা ৰং সানি দিয়া ঘটনাক লৈ ৰাজ্যত জ্বলিছে বিদ্ৰোহৰ অগণি৷ বিভিন্ন দল সংগঠনে উক্ত ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অসম আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে৷ ভাষা আইন অনুসৰি বৰাকত বাংলা ভাষাত পোষ্টাৰ-বেনাৰ লগাব লাগে যদিও বৰাক অসমৰে অংগ হোৱাৰ পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাত প্ৰকাশিত হ’ৰ্ডিং আঁৰি দিয়া হৈছিল৷ এনে হ’ৰ্ডিং অসমৰ নিঃসন্দেহে ৰাজহুৱা সম্পদ৷ অসমীয়া ভাষাত প্ৰকাশিত হ’ৰ্ডিং-পোষ্টাৰত ক’লা ৰং সানি বৰাকৰ বি ডি ৱাই এফ নামৰ সংগঠনটোৱে ৰাজহুৱা সম্পদ নষ্ট কৰিছে৷ ‘কা’ আন্দোলনৰ সময়ত কলাক্ষেত্ৰৰ গেট, বেৰত ৰং সনা, আন ৰাজহুৱা সম্পদ নষ্ট কৰা লোকৰ বিৰুদ্ধে ৰাজহুৱা সম্পদ নষ্ট কৰাৰ অভিযোগত ৰুজু কৰা গোচৰত গ্ৰেপ্তাৰ হোৱা লোক আজিও কাৰাগাৰতে আছে৷ কিন্তু বৰাকত সকলোৰে আগত ৰাজহুৱা সম্পদ নষ্ট কৰাৰ পাছতো আৰক্ষীয়ে কিয় কোনো দৃঢ় পদক্ষেপ ল’ব পৰা নাই তাক লৈ সকলোৱে প্ৰশ্ন তুলিছে৷ বৰাকৰ উক্ত ঘটনা সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে খোদ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়– অসমীয়া ভাষাৰ বেনাৰত ক’লা ৰং সানি দিয়াতকৈ লগতেই আঁৰি দিব পাৰিলেহেঁতেন বাংলা ভাষাৰ বেনাৰ৷ কিন্তু এনেদৰে বেনাৰৰ পৰা অসমীয়া ভাষা মচি দিয়াটো সঁচাকৈয়ে নিন্দনীয়৷ বৰাকত অসমীয়া ভাষাৰ বেনাৰত ক’লা ৰং সানি দিয়া ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই৷ তেওঁ কয়– অসমত অসমীয়া ভাষাক অপমান কৰিব এই কথা কেতিয়াও সহ্য কৰা নহ’ব৷ অসমত অসমীয়া ভাষা সুৰক্ষিত কৰিবৰ কাৰণে অসম চৰকাৰে সকলো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা ল’ব লাগিব৷ অসমত অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুন্ন ৰখাৰ বাবে হাতে-কামে পদক্ষেপ ল’বলৈ অসম চৰকাৰক আহ৩ান জনাইছোঁ৷ অসমত ৰাজ্যভাষা আইন আছে৷ ৰাজ্যভাষা আইনখনৰ প্ৰতি সন্মান জনাই সকলো কাম হ’ব লাগিব৷ অসমৰ ভূমিত বিদ্বেষ আৰু বিভাজন আনিবলৈ যিবিলাকে বৰাকত অসমীয়া ভাষাৰ বেনাৰত ক’লা ৰং সানি দিলে চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগে৷ ব্ৰহ্মপুত্ৰ উপত্যকাতো বাংলা মাধ্যমৰ বিদ্যালয় চলি আছে৷ আমি কোনেও অসন্মান কৰা নাই৷ তেনেহ’লে বৰাকত অসমীয়া ভাষাৰ প্ৰতি অপমান কিয়? কোন তেওঁলোক? তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’ব লাগে৷ সুধাকণ্ঠ ভূপেন হাজৰিকা, হেমাংগ বিশ্বাসে সমন্বয়ৰ বাৰ্তা দেখুৱাই থৈ গৈছে তেওঁলোকৰ কামৰ জৰিয়তে৷ দেৱজিৎ সাহা যেতিয়া ভাৰত কণ্ঠৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকে সকলোৱে হাত উজান দিছিলোঁ কাৰণ তেওঁ আছিল অসম সন্তান৷ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ জৰিয়তে অসমীয়া ভাষা, সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ ব্যৱস্থা কৰিব লাগে৷ বৰাকৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয়– অসমৰ বাপতি সাহোন বিহুৰ প্ৰাক্‌ক্ষণতে অসমীয়া ভাষা এলাগি হ’ল৷ একাংশ বাঙালী মানুহে আৰু বাঙালী সংগঠনে এটা বিশেষ প্ৰণালীৰ জৰিয়তে আগবঢ়াৰ চেষ্টা কৰিছে৷ তেওঁলোকে অসমত অসমীয়া মানুহৰ সৈতে বাঙালী মানুহৰ, অসমীয়া ভাষাৰ সৈতে বাঙালী ভাষাৰ সমতা স্থাপন কৰিব বিচাৰে৷ বৰঞ্চ এতিয়া তেওঁলোক অসমত অসমীয়াতকৈ আগবাঢ়ি যাব খোজে৷ অসমত বাঙালী ভাষা প্ৰধান ভাষা কৰাৰ চক্ৰান্ত চলি আহিছে৷ উক্ত ঘটনা সন্দৰ্ভত চৰকাৰে নিজাববীয়া গোচৰ ৰুজু কৰি উক্ত ঘটনাত জড়িতক গ্ৰেপ্তাৰ কৰিব লাগিছিল চৰকাৰে৷ কিন্তু চৰকাৰখনে সেই কাম কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷ বৰাকৰ ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ তেওঁ কয়– অসমীয়া ভাষাৰ ওপৰত যে আক্ৰমণ হ’ব সেই কথা ‘কা’ জাপি দিয়াৰ পাছতে আশংকা প্ৰকাশ কৰিছিলোঁ৷ তাৰে ভয়াৱহ উদাহৰণ আজি অসমৰ জনগণে দেখিলে৷ অসমত ৰাজ্যভাষা আইন আছে৷ এই আইনৰ ভিত্তিত কোনো জাতি সত্তাই অসমীয়া ভাষাক অপমান কৰাৰ অধিকাৰ নাই৷ এই অশুভ শক্তি, নিজৰ আধিপত্যবাদী চিন্তাৰে বিভাজনৰ ৰাজনীতি কৰিব খোজা শক্তিয়ে অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে৷ যি সংগঠন, ব্যক্তিয়ে অসমীয়া ভাষাৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰত লিপ্ত হৈছে  সেই শক্তিৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা হাতত লওঁক৷ বৰাকৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ তেওঁ কয়– অসমৰ ক’ত কি ভাষা চলিব সেয়া ৰাজ্যৰ ভাষানীতি মতে চৰকাৰে সতৰ্কতাৰে কৰিব লাগে৷ ৰাজ্যখনত জাতিভিত্তিক, ভাষাভিত্তিক সমস্যাৰ সৃষ্টি হ’লে আমাৰ কাৰো লাভ নহয়৷ বৰাকৰ ঘটনা সন্দৰ্ভত চৰকাৰে তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে৷