Logo
image

১০০ কোটিৰ টিকাকৰণ! ৱাৰ ৰূমত উৎসৱ

আমাৰ অসম, ২২ অক্টোবৰঃ কৰ’নাৰ টিকাকৰণৰ ক্ষেত্ৰত ভাৰতে ৰচনা কৰিলে নতুন ইতিহাস৷ মাত্ৰ ২৭৯ দিনত দেশখনে ১০০ কোটি লোকক কৰ’নাৰ টিকা প্ৰদান কৰি অভিলেখ গঢ়িছে৷ বিশ্বৰ কোনো এখন দেশে এতিয়ালৈকে এই নজিৰ দেখুৱাব পৰা নাই৷ বৃহস্পতিবাৰে পুৱা কৰ’নাৰ টিকাকৰণৰ ১০০ কোটিৰ মাইল ফলক স্পৰ্শ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি স্বাস্থ্যমন্ত্ৰী, গৃহমন্ত্ৰী সকলোৱে উৎফুল্লিত হৈ পৰে৷ এই ঐতিহাসিক ক্ষণত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলে পৰস্পৰে পৰস্পৰক শুভেচ্ছা বিনিময় কৰাৰ লগতে দেশবাসীক অভিনন্দনেৰে ওপচাই পেলায়৷ উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা ৯.৪৮ বজাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই নিজৰ টুইটাৰ হেণ্ডেলযোগে দেশবাসীক ভাৰতে কৰ’না টিকাকৰণৰ ১০০ কোটিৰ মাইল ফলক স্পৰ্শ কৰাৰ সুখবৰটো অৱগত কৰে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনে টুইটাৰত উল্লেখ কৰে– ‘সকলো ভাৰতবাসীক অভিনন্দন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতা আৰু তেওঁৰ সুযোগ্য নেতৃত্বৰ বাবেই এই সফলতা সম্ভৱপৰ হ’ল৷’ একেদৰে প্ৰধানমন্ত্ৰী মোদীয়েও টুইটাৰযোগে দেশবাসীক শুভেচ্ছা জনাই কয়– ‘ভাৰতে আজি ইতিহাস ৰচনা কৰিলে৷ ভাৰতৰ বিজ্ঞান, উদ্যোগ আৰু ১৩০ কোটি জনগণৰ সন্মিলিত প্ৰচেষ্টাৰ বাবেই আজি দেশখনে ১০০ কোটি কৰ’না টিকাৰ মাইল ফলক স্পৰ্শ কৰিবলৈ সক্ষম হ’ল৷ দেশৰ সমস্ত চিকিৎসক, নাৰ্ছ আৰু  স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছো, যিসকলে এই লক্ষ্য পূৰণত সহযোগিতা আগবঢ়াইছে৷’ এই সফলতাৰ বাবেই ভাৰতক বিভিন্ন দেশেও অভিনন্দন জ্ঞাপন কৰে৷ ইপিনে  ভাৰতৰ এই সফলতা উদ্‌যাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক অভিনৱ পৰিকল্পনা গ্ৰহণ কৰিছে৷ লালকিল্লাত আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠানৰ৷ কৰ’নাৰ ৱাৰৰুমো একপ্ৰকাৰ উৎসৱস্থলীত পৰিণত হৈ পৰিছে৷ ক’ভিডযোদ্ধাসকলে উৎফুল্লিত হৈ ইজনে সিজনক অভিনন্দন জ্ঞাপন কৰিছে৷ তদুপৰি কৰ’না টিকা প্ৰদানত ভাৰতে ইতিহাস ৰচনা কৰাৰ বাবে লালকিল্লাত ৪০০ কেজি ওজনৰ এখন পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই৷ উল্লেখ্য যে ভাৰতত কৰ’নাৰ টিকাকৰণৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ৷ যোগী আদিত্যনাথ নেতৃত্বাধীন এই ৰাজ্যখনৰ ১২ কোটিৰো অধিক লোকক কৰ’নাৰ টিকা প্ৰদান কৰা হৈছে৷ দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ৷ মহাৰাষ্ট্ৰত বৃহস্পতিবাৰে দুপৰীয়ালৈকে ৯ কোটি ৩৬ লাখ ১০ হাজাৰ ৫৬১ জন লোকক কৰ’নাৰ টিকাকৰণ কৰা হয়৷ আনহাতে তৃতীয় স্থানত আছে পশ্চিমবংগ৷ পশ্চিমবংগই বৃহস্পতিবাৰলৈকে ৬ কোটি ৮৬ লাখ ৯৩ হাজাৰ ৫৯৪ জনক কৰ’নাৰ টিকা প্ৰদান কৰা হয়৷ চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে– গুজৰাট আৰু মধ্যপ্ৰদেশ৷ এই দুখন ৰাজ্যত চাৰে ছয় কোটিৰো অধিক লোকক কৰ’নাৰ টিকা দিয়া হৈছে৷ স্মৰ্তব্য যে ভাৰতত চলিত বৰ্ষত ১৬ জানুৱাৰীৰ দিনা কৰ’নাৰ টিকাকৰণৰ শুভাৰম্ভ কৰা হৈছিল৷ ইপিনে ভেকচিন প্ৰদানৰ   ১০০ কোটিৰ মাইল ফলক অতিক্ৰম কৰাত আজি ভাৰতীয় জনতা পাৰ্টীয়ে অসম প্ৰদেশ সমিতিয়েও অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এই সন্দৰ্ভত প্ৰদেশ বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমতো কৰ’নাৰ টিকাকৰণ অভিযান সফল হোৱা বুলি এক বিবৃতিযোগে উল্লেখ কৰে৷ তদুপৰি অসমত এই পৰ্যন্ত প্ৰায় ২ কোটি ৬৫ লাখ কৰ’না ভেকচিন প্ৰদান হোৱা বুলি প্ৰদেশ বিজেপিয়ে সদৰি কৰে৷