Logo
image

গুৱাহাটীৰ লোমহৰ্ষক ডকাইতিৰ মাষ্টাৰমাইণ্ড দুই আত্মসমৰ্পণকাৰী

আমাৰ অসম, ২৩ অক্টোবৰঃ হত্যা-ধন দাবী, অপহৰণ-ডকাইতি আদিৰ দৰে কাৰ্যত নামি পৰিছে একাংশ আত্মসমৰ্পণকাৰী এন ডি এফ বি কেডাৰ৷ এই চক্ৰটোৰ সৈতে হাত উজান দিছে অসম আৰক্ষীৰো একাংশ লোক৷ উল্লেখ্য যে, ৫ অক্টোবৰত গুৱাহাটীৰ ধীৰেনপাৰাত সংঘটিত হৈছিল এক ডকাইতি কাৰ্য৷ এই ডকাইতি কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বাগ্‌সাৰ পৰা অমৰজ্যোতি শৰণীয়া আৰু জোমিন বড়ো নামৰ এন ডি এফ বিৰ দুজন প্ৰাক্তন কেডাৰক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পূৰ্বে এই ডকাইতি কাৰ্যত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ কনিষ্টবল গণেশ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ উল্লেখ্য যে গণেশ দাসৰ গাড়ী এখন ডকাইতি কাৰ্যত ব্যৱহাৰ হৈছিল৷ এই পৰ্যন্ত গাড়ীখনৰ ড্ৰাইভাৰ পলাতক অৱস্থাত আছে৷ উল্লেখ্য যে ধৃত এন ডি এফ বিৰ কেডাৰ দুজন ইয়াৰ পূৰ্বেও বিভিন্ন অভিযোগত গ্ৰেপ্তাৰ হৈছিল৷ তেওঁলোকৰ বিৰুদ্ধে ডকাইতি, ধন দাবী, অপহৰণ আদিৰ দৰে বিভিন্ন অভিযোগ আছে৷ প্ত অক্টোবৰৰ দিনা গুৱাহাটীৰ ধীৰেনপাৰাৰ গৌতম পাল নামৰ লোক এজনৰ ঘৰত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ৬জনীয়া দলটোৱে সেই সময়ত ঘৰত উপস্থিত গৌতম পালৰ পৰিয়ালৰ চ্ছ্ৰজন সদস্যক ৰছীৰে বান্ধি ঘৰত থকা নগদ ৫ লাখ টকা আৰু সোণৰ আ-অলংকাৰ লুট কৰে৷ পাছত ওচৰ-চুবুৰীয়াই ডকাইতিৰ ঘটনা সন্দৰ্ভত অৱগত হৈ বাহিৰলৈ ওলাই আহি ডকাইতকেইজনক বাধা দিবলৈ চেষ্টা কৰে৷ ইয়াৰে এজন ডকাইতে সেই সময়ত উপস্থিত লোকক লক্ষ্য কৰি গুলী বৰ্ষণ কৰে৷ এই গুলীচালনাত লিটন মজুমদাৰ নামৰ লোক এজন গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয়৷ পাছত ডকাইতৰ দলটোৱে যিখন গাড়ীত আহিছিল সেই গাড়ীখন তাতে এৰি স্কুটী আৰু ৰিক্সাত উঠি পলায়ন কৰে৷ ইয়াৰ পাছতে আৰক্ষীয়ে ডকাইতি কাৰ্যত ব্যৱহৃত গাড়ীখনৰ গৰাকী তথা দশম অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল গণেশ দাস আৰু গৌতম পালৰ ঘৰৰ কাষতে থকা ৰাজমিস্ত্ৰি ওমৰ আলী নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে তদন্তৰ ভিত্তিত বৃহস্পতিবাৰে গুৱাহাটীৰ ফটাশিল আমবাৰী অঞ্চলৰ পৰা আশীষ মণ্ডল ওৰফে বাপী মণ্ডল নামৰ অন্য এজন ডকাইতক গ্ৰেপ্তাৰ কৰে৷ ধৃত ডকাইতজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই বাগ্‌সাৰ পৰা দুই আত্মসমৰ্পণকাৰী এন ডি এফ বি কেডাৰ অমৰজ্যোতি শৰণীয়া ওৰফে ওকহা  ব্ৰহ্মওৰফে অজন্তা বড়ো আৰু জমিন বড়ো ওৰফে বি জাউগাক গ্ৰেপ্তাৰ কৰে৷ এই ঘটনাটোৰ সৈতে আৰু একাংশ লোক জড়িত থকাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ সূত্ৰৰ মতে এই সমগ্ৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল ধৃত এই এন ডি এফ বিৰ প্ৰাক্তন কেডাৰ দুজন৷