Logo
image

চি এছ কেৰ বিৰুদ্ধে আজি কঠিন পৰীক্ষা কলকাতাৰ

আমাৰ অসম, ০৭ অক্টোবৰঃ কেইবাজনো আগশাৰীৰ ক্ৰিকেটাৰ থকা সত্ত্বেও এতিয়ালৈকে আশানুৰূপ প্ৰদৰ্শন দেখুওৱাত সফল হ’ব নোৱৰা কতকাতা নাইট ৰাইডাৰ্ছ  কাইলৈ আই পি এলত তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে হ’ব৷ খেলখন কলকাতাৰ অধিনায়ক দীনেশ কাৰ্তিকৰ বাবেও হ’ব অগ্নি পৰীক্ষা৷ কিয়নো বেটিঙৰ লগতে নেতৃত্বতো কাৰ্তিক এতিয়ালৈকে ব্যৰ্থ৷  চাৰিখন খেলত তেওঁৰ সংগ্ৰহ কেৱল ৩৭  ৰান৷ এতিয়ালৈকে হৈ যোৱা খেলকেইখনত ভুল ৰণকৌশলৰ বাবেও সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে কাৰ্তিক৷ অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগত উজ্জীৱিত প্ৰদৰ্শন কৰা টম বেণ্টনৰ পৰিৱৰ্তে সুনীল নাৰাইনক বাৰম্বাৰ নাইট ৰাইডাৰ্ছৰ ইনিংছ মুকলি কৰাৰ সুযোগ দিয়াটো আশ্চৰ্য়ৰ বিষয় হৈ পৰিছে৷ চাৰিখন খেলত নাৰাইনৰ সংগ্ৰহ কেৱল ২৭  ৰান৷ আনহাতে, কলকাতা দলত কেইবাজনো দক্ষ বলাৰ থকা সত্ত্বেও তেওঁলোকক সঠিকভাৱে ব্যৱহাৰতো বিফল হৈছে কাৰ্তিক৷ চাৰিখন খেলৰ দুখনত জয়ী হোৱাৰ বিপৰীতে দুখনত পৰাস্ত হোৱা নাইট ৰাইডাৰ্ছ চাৰি পইণ্টেৰে আছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত৷

ইপিনে, ক্ৰমাগত তিনিখন খেলত পৰাস্ত হোৱাৰ পাছত কিংছ ইলেভেন পঞ্জাবক দহ উইকেটত পৰাস্ত কৰি টুৰ্নামেণ্টত দ্বিতীয় জয় সাব্যস্ত কৰিছে চেন্নাই ছুপাৰ কিংছে৷ কিংছ ইলেভেনৰ বিৰুদ্ধে অ’পেনাৰদ্বয় এফ ডু প্লেছিছ আৰু শ্বেন  বাটছনৰ দুৰ্দান্ত বেটিঙেই আছিল দলটোৰ সহয় জয়ৰ মূল কাৰণ৷ প্ৰথম উইকেটত তেওঁলোকৰ মাজত যোগ হৈছিল ১৮১ ৰান৷ পাঁচখন খেলৰ তিনিখনত পৰাস্ত হোৱাৰ বিপৰীতে দুখনত জয়ী হৈ চাৰি পইণ্টেৰে ছুপাৰ কিংছ আছে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত৷ চেন্নাই ছুপাৰ কিংছে কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে ১৭.৪ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ ১৭৯ ৰানৰ লক্ষ্য অতিক্ৰম কৰাৰ পাছত  দলটোৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি পাইছে৷ ডু প্লেছিছ আৰু ৱাটছনে সেই প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাব পাৰিলে বুধবাৰে খেলখনত কলকাতাৰ বলাৰৰ বাবে হৈ পৰিব এটা ডাঙৰ প্ৰত্যাহ্বান৷