Logo
image

শিশুহঁতক সময় দিয়ক...

আমাৰ অসম, ২৪ অক্টোবৰঃ কাতি বিহুৰ দিনা কলিয়াবৰত অশ্লীল ভিডিঅ’ নোচোৱাৰ বাবেই ৰূপালী ৰবিদাস নামৰ সাত বছৰীয়া শিশুটিক সমনীয়া তিনি শিশুৱেই শিলেৰে খুন্দিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰিছে৷ ইফালে একাংশ সচেতন লোকে বিভিন্ন মাধ্যমযোগে মন্তব্য কৰিছে– ‘শিশুক মোবাইল নিদিব, সময় দিয়ক৷’ দৰাচলতে যান্ত্ৰিকতাৰ পৃথিৱীখনত অভিভাৱকসকল ইমান ব্যস্ত হৈ পৰিছে যে শিশুসকলৰ কাষত অকণমান থিয় দিবলৈ তেওঁলোকৰ হাতত সময় নাই৷ বহুতে জীৱন যুদ্ধত নামি নিজৰ সন্তানক চোৱাচিতা কৰিবলৈ সময় উলিয়াব নোৱাৰে৷ তাৰোপৰি অনলাইন ক্লাছৰ নামত শিশুৰ বাবে মোবাইল অপৰিহাৰ্য হৈ পৰিছে৷ যি কি নহওক, শিশুৰ সংগী হৈ পৰিছে মোবাইল ফোন৷ ইফালে ক’ভিড কালৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাত শিশুসকলৰ খেলৰ সংগীও নোহোৱা হৈ পৰিছে৷  সেয়ে মোবাইলটোকে  লৈ শিশুসকল দিন-ৰাতব্যস্ত থাকিব লগা হৈছে৷ কলিয়াবৰৰ এই দুৰ্ভাগ্যজনক ঘটনাক লৈ  অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷ ইতিমধ্যে অপৰাধী শিশু তিনিটাক যোৰহাটৰ শিশু নিৰীক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে৷ শিশু তিনিটা হ’ল– সুমিত গাৰা [বয়স ১১ বছৰ], ৰাহুল গাৰা [বয়স ১১ বছৰ] আৰু ৰাজা গাৰা [বয়স ৭ বছৰ]৷ আনহাতে সুমিত গাৰাৰ পিতৃ তেজু গাৰা আৰু মাতৃ আশা গাৰাই এই ঘটনাটো জ্ঞাত হৈয়ো গাপ দিব বিচৰাত দুয়োকে গ্ৰেপ্তাৰ কৰি নগাঁও জে’ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷ কালি কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মৃত শিশুটিৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ মন্ত্ৰী মহন্তই কয়– ‘আমাৰ সমাজখনক শিশু অৱস্থাৰ পৰাই সংস্কাৰ দিব লাগিব৷’ শিশুটি অকালতে মৃত্যু হোৱা ঘটনাত মৰ্মাহত হৈ শোক প্ৰকাশ কৰি মন্ত্ৰী কেশৱ মহন্তই কয়–  ইতিমধ্যে আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিছে৷ আইনে দোষীক উচিত শাস্তি প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ মন্ত্ৰীজনে জিলা সমাজ বিষয়াজনকো গাওঁখনত উপস্থিত হৈ অঞ্চলটোত এক সজাগতামূলক কাৰ্যসূচীৰে অঞ্চলটোৰ মানুহৰ মাজত মানসিক শক্তি বৃদ্ধিত কাম কৰাৰ আহ্বান জনায়৷ ইতিমধ্যে আজি জিলা সমাজকল্যাণ বিষয়াজনে অংগনাবাদী কৰ্মীসকলৰ সৈতে এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে আৰু ইয়াৰ সকলো মানুহৰ লগত মন্ত্ৰীজনে আলোচনাত মিলিত হয়৷ এই ক্ষেত্ৰত যি যাৱতীয় ব্যৱস্থা আছে সকলোখিনি মন্ত্ৰীজনে কৰাৰ আশ্বাসো প্ৰদান কৰে৷

কলিয়াবৰত শিশু সুৰক্ষা আয়োগৰ প্ৰতিনিধি

কাতি বিহুৰ দিনা কলিয়াবৰৰ বালিবাটস্থিত বজৰং শিলভঙা উদ্যোগত সংঘটিত শিশু হত্যাকাণ্ডই আজিও সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ আজি স্থানীয় আৰক্ষী প্ৰশাসনক লৈ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তিনিজনীয়া দল এটাই ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয়৷ গুৱাহাটীৰ পৰা দুপৰীয়া আহি উপস্থিত হোৱা দলটোৱে নিৰ্মম হত্যাৰ বলি হোৱা কন্যশিশুগৰাকীৰ বাসগৃহত অভিভাৱক আৰু স্থানীয় ৰাইজৰে আলোচনাত মিলিত হয়  এই হত্যাত অভিযুক্ত কিশোৰৰ ঘৰতো উপস্থিত হৈ ঘটনাৰ বুজ লয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তিনিজনীয়া দলটোৱে৷ লগতে হত্যাকাণ্ড সংঘটিত হোৱা শিলভঙা উদ্যোগটোও পৰিদৰ্শন কৰে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দলটোৱে৷ আনহাতে, আজিৰ দিনটোতে অঞ্চলটোৰ সামাজিক, শৈক্ষিক পৰিৱেশ উত্তৰণৰে শিশু আৰু নাৰীৰ সুৰক্ষাৰ বাবে জিলা সমাজ কল্যাণ বিষয়া ৰূবী কলিতাই ভুক্তভোগী পৰিয়ালটোৰ গৃহত উপস্থিত হৈ অঞ্চলটোৰ পুৰুষ-মহিলাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া, ছুপাৰভাইজাৰ আৰু অংগনবাড়ী কৰ্মী-সহায়িকাসকলে শিশুক সুৰক্ষা দিয়ক, অভিভাৱক সজাগ হওক, শিশুক উপযুক্ত শিক্ষা দিয়ক আদি শ্ল’গান দি সজাগতামূলক শোভাযাত্ৰা উলিয়াই সজাগতা সৃষ্টি কৰে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, কলিয়াবৰ আৰক্ষী থানা এলেকাধীন বালিবাটৰ বজৰং কেছাৰ উদ্যোগত কাতি বিহুৰ দিনা তিনি কিশোৰৰ সৈতে অশ্লীল ভিডিঅ’ চাবলৈ অমান্তি হোৱাৰ বাবেই তিনি কিশোৰে সংঘটিত কৰিছিল জঘন্য ঘটনা৷ ৰূপালী ৰবিদাস নামৰ এগৰাকী ৭বছৰীয়া কন্যা শিশুক হত্যা কৰিছিল তিনি কিশোৰে৷ ঘটনাৰ পাছতে কলিয়াবৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২/১ অধীনত ৯৭/২১ নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্ত কিশোৰ ক্ৰমে সুমিত গাৰা [১১] ৰাহুল গাৰা [১১] আৰু ৰাজ গাৰাক [৭] গ্ৰেপ্তাৰ কৰাৰ লগতে সুমিতৰ পিতৃ তেজু গাৰাকো গ্ৰেপ্তাৰ কৰিছিল৷  উল্লেখ্য যে, ৰূপালী ৰবিদাস নামৰ ৭বছৰীয়া কন্যা শিশুটিক তিনি কিশোৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰি পেলাই থৈছিল শিলভঙা উদ্যোগটোৰ শৌচালয়ত৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে দুৰ্ভগীয়া শিশুটিৰ ঘৰৰ ওচৰৰে তিনি কিশোৰে দীৰ্ঘদিন ধৰি মোবাইলত অশ্লীল ভিডিঅ’ চোৱাৰ এক কু-অভ্যাস গঢ়ি তুলিছিল৷ লগতে শিশুটিক তেনে ভিডিঅ’ চোৱাৰ বাবে দীৰ্ঘদিন ধৰি হেঁচা দি আহিছিল৷  কাতি বিহুৰ দিনাও তেনে অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰাত শিশুটিয়ে তেনে ভিডিঅ’ চাবলৈ আপত্তি কৰাৰ পৰিণতিতে শিশুটিক হত্যা কৰা বুলি আৰক্ষী নিশ্চিত হৈছে৷ নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাতে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অনাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনি অভিযুক্ত কিশোৰক৷ উক্ত ঘটনাৰ সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে লোৱা ভূমিকাক ৰাইজে শলাগ লৈছে৷