Logo
image

১০০ টকাৰ দিশে ডিজেলো

আমাৰ অসম, ২৫ অক্টোবৰঃ পেট্ৰ’লৰ পিছে পিছে ৰাজ্যত এতিয়া ডিজেলৰ দামো শতকৰ ঘৰ স্পৰ্শ কৰাৰ কাষ চাপিছে৷ ইতিমধ্যে ভূপাল, হায়দৰাবাদ, ভুৱনেশ্বৰ, আহমেদাবাদ, কোচবিহাৰ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ডিজেলৰ দামে পাৰ কৰিছে শতকৰ ঘৰ৷ দেওবাৰৰ দিনটোত ভূপালত প্ৰতি লিটাৰ ডিজেলৰ দাম ১০৫.৬৪ টকা, হায়দৰাবাদত ১০৫.০৮ টকা, ভুৱনেশ্বৰত ১০৫.০৭ টকা, আহমেদাবাদত ১০৪.২০ টকা, কোচবিহাৰত ১০০.০৯ টকা, মুম্বাইত ১০৪.৩৮ টকা, চেন্নাইত ১০০.৫৯ টকা, কলকাতাত ৯৯.৪৩ টকা হৈছেগৈ৷ উল্লেখ্য যে দেওবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো পুনৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পায়৷ এয়া চলিত অক্টোবৰ মাহৰ ১৮ তম পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি৷ বৰ্তমানলৈকে কেৱল চলিত মাহতে পেট্ৰ’লৰ দাম ৫.১৫ টকা আৰু ডিজেলৰ দাম ৫ টকাৰো অধিক বৃদ্ধি হৈছে৷ আজি পুনৰ ডিজেলৰ দাম ৩৪-৩৮ পইচা আৰু পেট্ৰ’লৰ দাম ৩০-৩৫ পইচা বৃদ্ধি পালে৷ ইয়াৰ ফলত গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৩.৫৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম ৯৬.৭৬ টকা হৈছেগৈ৷ ৰাজ্যৰ জিলা সমূহৰ ভিতৰত লখিমপুৰ আৰু মাজুলী জিলাত ডিজেলৰ দাম সৰ্বাধিক ৯৮.৭৮ টকা হৈছে৷ ৰাজ্যৰ কেইখনমান জিলাত দেওবাৰে পেট্ৰ’ল-ডিজেলৰ দাম এনেধৰণৰ–বাগ্‌সা পেট্ৰ’ল ১০৩.৮৮ টকা, ডিজেল ৯৬.৩৬ টকা, বৰপেটা পেট্ৰ’ল ১০৩.৫৬ টকা, ডিজেল ৯৬.১৭ টকা, বিশ্বনাথ পেট্ৰ’ল ১০৪.১৪ টকা, ডিজেল ৯৬.৬২ টকা, দৰং পেট্ৰ’ল ১০৩.৯৫ টকা, ডিজেল ৯৬.৪২ টকা ধুবুৰী পেট্ৰ’ল ১০৪.৩১ টকা, ডিজেল ৯৬.৭৬ টকা ডিব্ৰুগড় পেট্ৰ’ল ১০৪.২৮ টকা, ডিজেল ৯৬.৭৩ টকা, গোৱালপাৰা পেট্ৰ’ল ১০৩.৪৩ টকা, ডিজেল ৯৬.২৩ টকা, গোলাঘাট পেট্ৰ’ল ১০৩.৪৩ টকা, ডিজেল ৯৫.৯৪ টকা, হাইলাকান্দি পেট্ৰ’ল ১০৪.৩৪ টকা, ডিজেল ৯৬.৮৩ টকা, নগাঁও পেট্ৰ’ল ১০৩.৯১ টকা, ডিজেল ৯৬.৪৩ টকা, শোণিতপুৰ পেট্ৰ’ল ১০৩.৪৫ টকা, ডিজেল ৯৫.৯৮ টকা, শিৱসাগৰ পেট্ৰ’ল ১০৪.০৭ টকা, ডিজেল ৯৬.৫৩ টকা৷ কাজেই এই তালিকাৰ পৰা স্পষ্ট হৈছে যে বৰ্তমানৰ গতিৰে দাম বাঢ়ি থাকিলে অসমতো দুই এদিনৰ ভিতৰতে ডিজেলৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰিব৷ উল্লেখ্য যে দেশৰ আন ৰাজ্য আৰু অসমত ডিজেলৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰাৰ এক পাৰ্থক্য আছে৷ অসম যিহেতু এখন কনজুমাৰ ষ্টেট গতিকে ডিজেলৰ চৰা দামে বজাৰত লগা মূল্যবৃদ্ধিৰ জুইকুৰা দাওদাওকৈ জ্বলাব৷ অসমলৈ চাউল, দাইল, তেল, কনী, মাছ, মাংস আদি প্ৰায় প্ৰতিটো সামগ্ৰীয়েই ৰে’ল বা মালবাহী ট্ৰাকেৰেহে বহিঃৰাজ্যৰ পৰা আহে৷ ডিজেলৰ দ্বাৰাই এই ৰে’ল বা মালবাহী ট্ৰাকসমূহ চলে৷ ফলত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ অনাগত দিনত আৰু অধিক মূল্যবৃদ্ধি হোৱাটো প্ৰায় খাটাং হৈ পৰিছে৷ একেদৰে ডিজেলৰ মূল্যবৃদ্ধিয়ে ৰাজহুৱা পৰিবহণ খণ্ড, আন্তঃৰাজ্যিক খাদ্য সামগ্ৰীৰ চাপ্লাই চেইনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত হৈ পৰিছে৷ এফালে পেট্ৰ’ল-ডিজেলৰ দামৰ সৰ্বকালৰ সৰ্ব অভিলেখ ভংগ, আনফালে ৰাজ্যৰ ঘাইপথত দেশৰ ভিতৰতে সৰ্বোচ্ছ টোলকৰ, এই দুই কাৰক এতিয়া ৰাজ্যত মূল্যবৃদ্ধিৰ উৎস হৈ পৰিছে৷ উল্লেখ্য যে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ আছুকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদো আৰম্ভ কৰিছে৷ প্ৰধান বিৰোধী দল কংগ্ৰেছে ১৫ দিনীয়া প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মহা সচিব কে চি বেনু গোপালে কালি ঘোষণা কৰিছে যে ১৪ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ এই আন্দোলন চলিব৷ এই ১৫ দিনত এসপ্তাহ কংগ্ৰেছৰ নেতা কৰ্মীসকলে দেশৰ বিভিন্ন প্ৰান্তত পদযাত্ৰা কৰিব৷ পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিটতত ভাৰা বৃদ্ধিৰ দাবীত গুৱাহাটীৰ অলা, উবেৰ আৰু ৰেপিডো দুচকীয়া বাহন চালক সন্থাই কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বাইক, স্কুটি নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তেওঁলোকৰ যুক্তি–‘বৰ্তমান পেট্ৰ’লৰ দামে ১০৩ টকা অতিক্ৰম কৰিলে৷ অলা, ওবেৰ, ৰেপিডোই আমাক প্ৰতি তিনি কিলোমিটৰাত ১৮-২০ টকাহে দিয়ে৷ বৰ্তমানৰ বৰ্ধিত তেলৰ মূল্যৰ ফলত বাইক চলালে আমাৰ এটকাও নাবাচে৷ যাত্ৰীক আমি পকেটৰ পইচা খৰচ কৰিহে অনা-নিয়া কৰিব লাগিব৷ এনে পৰিস্থিতিত আমি এই সেৱা অব্যাহত ৰখাটো অসম্ভৱ হৈ পৰিছে৷’