Logo
image

বিমানবিধবংসী বন্দুক লৈ চীনক প্ৰত্যাহ্বান সাৰিয়াৰ

আমাৰ অসম, ২৬ অক্টোবৰঃ চীনৰ সৈতে থকা ভাৰতৰ দীৰ্ঘ সীমান্তৰ প্ৰতিটো অংশই স্পৰ্শকাতৰ৷ অৰুণাচলৰ চীন সীমান্ত সেই দিশৰ পৰা সৰ্বাধিক সংবেদনশীল সীমান্ত হিচাপে চিহ্নিত কৰা হয়৷ বিশ্বৰ যিকোনো প্ৰতিবেশী দেশৰ মাজত থকা এনে সীমান্তৰ ভিতৰত অন্যতম দুৰ্গম আৰু বিবদমান সীমান্ত হৈছে অৰুণাচলৰ ভাৰত আৰু চীনৰ সীমাৰেখা৷ ঘাইকৈ ১৯৬২ চনত  ভাৰতৰ বিৰুদ্ধে লিপ্ত হোৱা চীনৰ যুদ্ধৰ পাছৰ পৰা এই সীমান্ত অধিক স্পৰ্শকাতৰ হিচাপে বিবেচিত৷ চীনে অৰুণাচলৰ এটা বৃহৎ অংশক তেওঁলোকৰ নিজৰ ভূমি হিচাপে দাবী কৰি আহিছে৷ অথচ সেই অংশটো ঐতিহাসিকভাৱে ভাৰতৰ দখলত আছে৷ পিছে চীনে এই অংশটোক দক্ষিণ তিব্বত নাম দি নিজৰ ভূমি হিচাপে দাবী কৰি আছে৷ প্ৰকৃততে দুয়োখন দেশৰ বাবেই অৰুণাচলৰ সীমান্ত অতি জটিল আৰু বিবাদেৰে পৰিপূৰ্ণ৷ এই অতি জটিল আৰু স্পৰ্শকাতৰ বিবদমান সীমান্তত এতিয়া ভাৰতৰ প্ৰহৰী হিচাপে থিয় হৈ আছে এগৰাকী তৰুণী সেনা বিষয়া৷ তেওঁৰ নাম সাৰিয়া আব্বাছি৷ অতি সহজেই তেওঁ এটা আৰামদায়ক পেছা নিৰ্বাচিত কৰি ল’ব পাৰিলেহেঁতেন৷ কিয়নো গোৰক্ষপুৰৰ আকাশ-পানীৰ প্ৰগ্ৰেমহেড তেহছিন আব্বাছি আৰু  ৰেহানা আব্বাছিৰ সন্তান সাৰিয়াই   গাজিয়াবাদৰ আইএমএছৰ পৰা জেনেটিৰ ইঞ্জিনীয়াৰিঙত বি-টেক উত্তীৰ্ণ হৈ সুন্দৰ চাকৰিত যোগদান কৰিছিল৷ পিছে সৰ্বদিশতে থকা স্বাচ্ছন্দ্য এৰি সাৰিয়াই যোগদান কৰিলে প্ৰতিটো মুহূৰ্ততে জীৱনৰ প্ৰতি ভীতি থকা সেনাবাহিনীৰ চাকৰিত৷ কিয়নো তেওঁৰ বাবে সেয়াই আছিল সপোন৷ ২০১৫ চনত তেওঁ চিডিএছ পৰীক্ষাৰ যেতিয়া প্ৰ-পত্ৰ পূৰণ কৰিছিল তেতিয়া সেনাবাহিনীৰ বিষয়াৰ মহিলাৰ ক্ষেত্ৰত আসন আছিল মুঠেই ১২ খন৷ সাৰিয়াই দ্বিতীয়টো প্ৰচেষ্টাত চিডিএছ পায় আৰু ২০১৭ চনত তেওঁ সেনাবাহিনীৰ লেফটেনেণ্ট হৈ ডেৰাডুনৰ একাডেমিৰ পৰা ওলাই আহে৷ এতিয়া সাৰিয়া কেপ্তেইন৷ সাৰিয়াক ভাৰতীয় সেনাবাহিনীয়ে মোতায়েন কৰিছে দেশৰ ভিতৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ টাৱাং চেক্টৰত৷ এয়াই হৈছে ভাৰত আৰু চীনৰ সীমান্ত৷  সাৰিয়াৰ মূল দায়িত্ব হৈছে সেনাবাহিনীৰ এয়াৰ ডিফেন্স ৰেজিমেণ্টৰ ট্ৰ³প কামাণ্ডাৰৰ৷ তেওঁৰ ইউনিটতে আছে দেশৰ অন্যতম প্ৰথম এ ডি ৰেজিমেণ্ট, যাৰ হাতত তুলি দিয়া হৈছে আধুনিক অৱতাৰ লোৱা এসময়ৰ কিম্বদন্তী এল-৭০ বিমানবিধবংসী বন্দুক৷ 

বিগত বছৰ লাডাখৰ সীমান্তত গালৱান অঞ্চলত ভাৰত আৰু চীনৰ সেনাবাহিনীৰ সৈতে সংঘৰ্ষৰ পাছত অৰুণাচল সীমান্তত চীনে সৈন্যবল বৃদ্ধি কৰিছে৷ ভাৰতীয় সেনাবাহিনীৰ ড্ৰোন আৰু ৰাডাৰত ধৰা পৰিছে সীমান্তত চীনে নিৰ্মাণ কৰা কেইবাখনো গাওঁ, যি প্ৰকৃততে চীনৰ সেনাবাহিনীৰ সামৰিক ঘাটি৷ অৰ্থাৎ চীনে অৰুণাচল সীমান্তত বিগত এবছৰত অস্বাভাৱিকভাৱে বল বৃদ্ধি কৰিছে৷ সেই দিশৰ পৰা সাৰিয়াৰ এই দায়িত্ব যিদৰে অশেষ গুৰুত্বপূৰ্ণ, সেইদৰে তেওঁৰ জীৱনৰ প্ৰতি থাকে প্ৰতিটো মুহূৰ্ততে সংশয়৷ যিকোনো মুহূৰ্ততে উদ্দেশ্যপ্ৰণোদিতভাৱে সীমান্তৰ এইপাৰলৈ সোমাই আহে চীনৰ সেনা৷ যিকোনো সময়তে আৰম্ভ হয় আৰু হোৱাৰ আশংকা থাকে সংঘৰ্ষৰ৷ এই সকলোবোৰেই চম্ভালি ভাৰতীয় সেনাবাহিনীৰ অৰুণাচল সীমান্তৰ অতন্দ্ৰ প্ৰহৰী হিচাপে থিয় হৈ আছে তৰুণী সাৰিয়া৷ সাৰিয়াৰ অধীনত অলপতে অৰুণাচল সীমান্তত মোতায়েন কৰা হৈছে বফৰ্ছ কামান আৰু এম-৭৭৭ আল্ট্ৰালাইট হাউৱিকজাৰ কামাণ্ড৷  তেওঁৰ অধীনত আছে ২০০ টা মাজল ভেলোচিটি ৰাডাৰ, ইলেক্টো অপ্টিকেল চেন্সৰ,লেজাৰ ৰেঞ্জ ফাইণ্ডাৰ আৰু অট’মেটিক টাৰ্গেট ট্ৰেকিং প্ৰযুক্তি৷ সৰুৰ পৰা সেনাবাহিনীৰ বীৰত্বৰ কথা শুনি আপ্লুত হোৱা সাৰিয়াই এতিয়া সেই সকলোবোৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ চম্ভালি পহৰা দি আছে ভাৰতক, অৰুণাচলৰ গুৰুত্বপূৰ্ণ সীমান্তত৷