Logo
image

সমীৰ ৱাংখেড়েৰ বিৰুদ্ধেই এনচিবিৰ তদন্ত আৰম্ভ

আমাৰ অসম, ২৬ অক্টোবৰঃ অৱশেষত চিকাৰীয়েই চিকাৰ হ’ল৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা ‘নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ”ৰ [এনচিবি] মাণ্ডলিক সঞ্চালক সমীৰ ৱাংখেড়েই আৰিয়ানক মুক্তি দিয়াৰ বিনিময়ত ২৫ কোটি টকা ভেঁটী বিচৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছত বহুচৰ্চিত গোচৰটোৱে পুনৰ দেশজুৰি মাত্ৰাধিক উত্তাপ সৃষ্টি কৰিছে৷ তদন্তকাৰী সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে এনচিবিয়ে তদাৰকী কোষৰ দ্বাৰা এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে আৰু তেওঁক এনচিবিয়ে দিল্লীৰ মুখ্য কাৰ্যালয়লৈ তলব জনাই নিছে৷ বিয়লি তেওঁ নতুন দিল্লীত উপস্থিত হৈছে আৰু এন চি বি-ৰ শীৰ্ষ বিষয়াই গোচৰ অভিযোগ সন্দৰ্ভত সোধা-পোছা আৰম্ভ কৰিছে৷ শ্বাহৰুখ খানৰ পুত্ৰ জড়িত থকা ড্ৰাগছৰ গোচৰৰ তদন্তৰ পৰা সমীৰ ৱাংখেড়েক এন চি বিয়ে অপসাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ সমীৰ ৱাংখেড়েক ভেঁটী গ্ৰহণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব পাৰে বুলিও তেওঁ শংকিত হৈ পৰিছে৷ মিছা গোচৰত গ্ৰেপ্তাৰ কৰাৰ আশংকাত সমীৰ ৱাংখেড়েই ভীতিগ্ৰস্ত হৈ আগতীয়াকৈ মুম্বাই আৰক্ষীৰ শৰণাপন্ন হৈছে৷ দেওবাৰেই  ৱাংখেড়েই মুম্বাই আৰক্ষীৰ উচ্ছপদস্থ বিষয়াক সাক্ষাৎ কৰি জনায় যে, তেওঁক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰাৰ ষড়যন্ত্ৰ চলিছে আৰু প্ৰভাৱশালী ব্যক্তিয়ে তেওঁক গ্ৰেপ্তাৰ কৰোৱাৰ ভাবুকি দিছে৷ সেয়ে তেওঁক মুম্বাই আৰক্ষীয়ে অধিক নিৰাপত্তা প্ৰদান কৰিব লাগে৷ অতি দ্ৰুতগতিত পট পৰিৱৰ্তন ঘটি থকা এই ঘটনাত আজি সোমবাৰে সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে নিজ বিভাগৰ পৰাই তদাৰকী কোষৰ দ্বাৰা আভ্যন্তৰীণ তদন্ত আৰম্ভ হয় আৰু শ্বাহৰুখ খানৰ পুত্ৰৰ ড্ৰাগছৰ গোচৰৰ তদন্তৰ নেতৃত্বৰ পৰা অপসাৰণ কৰাটোও এক প্ৰকাৰ অনিবাৰ্য হৈ পৰিছে৷ ইয়াৰ ফলত যোৱা ২ অক্টোবৰত কৰ্ডেলিয়া নামৰ ক্ৰুজত এটা ৰেভ পাৰ্টীত ড্ৰাগছ খোৱাৰ অভিযোগত শ্বাহৰুখ খানৰ পুত্ৰক চিকাৰ বনোৱা স্বয়ং চিকাৰীয়েই পৰিৱৰ্তিত পৰিস্থিতিত চিকাৰ হ’বলগীয়া হৈছে৷






শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক যোৱা ২ অক্টোবৰত কৰ্ডেলিয়া নামৰ ক্ৰুজ এখনৰ পৰা ৰেভ পাৰ্টীত ড্ৰাগছ সেৱন কৰাৰ অভিযোগত আটক আৰু পিছদিনা গ্ৰেপ্তাৰ কৰাৰ পৰাই দেশজুৰি পৰিচিত হৈ পৰিছিল এই ঘটনাৰ মূল তদন্তকাৰী বিষয়া, এনচিবি-ৰ মাণ্ডলিক সঞ্চালক সমীৰ ৱাংখেড়ে৷ তেওঁ নিজেই যাত্ৰীৰ বেশত উক্ত প্ৰমোদতৰীত উঠি অভিযান চলাইছিল৷ গোচৰৰ তদন্ত দীঘলীয়া হোৱাত আৰু ‘ষ্টাৰকিড’ আৰিয়ান জড়িত থকা তথা জামিন লাভ নকৰাৰ ফলত এই গোচৰ প্ৰতিনিয়ত সজীৱ হৈ আছিল৷ অৱশেষত দেওবাৰে হঠাতে সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ভেঁটী বিচৰাৰ অভিযোগ কৰে গোচৰটোৰ অন্যতম সাক্ষী প্ৰভাকৰ ছেইলে৷ প্ৰভাকৰে কয় যে, এই গোচৰৰ আন এজন সাক্ষী কে পি গোসাবিয়ে সমীৰ ৱাংখেড়েৰ হৈ আৰিয়ানক মুক্ত কৰি দিয়াৰ বিনিময়ত ২৫ কোটি টকা বিচাৰিছে৷ আলোচনাৰ অন্তত ভেঁটীৰ ধন ১৮ কোটিত চূড়ান্ত হয়, য’ৰ ৮ কোটি টকা পাব ৱাংখেড়েই৷ প্ৰভাকৰে এই অভিযোগ উত্থাপন কৰাৰ পূৰ্বেই যোৱা ৬ অক্টোবৰৰ পৰা কে পি গোসাবি অন্তৰ্ধান হয়৷ সেয়ে প্ৰভাকৰৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ তদুপৰি এনচিবি-ৰ কাৰ্যালয়ত জেৰাৰ সময়ত ৱাংখেড়েই প্ৰভাকৰক উকা কাগজত সাক্ষ্যদান প্ৰ-পত্ৰত সাক্ষৰ কৰোৱাৰো অভিযোগ তোলে৷ প্ৰভাকৰ আছিল গোসাবিৰ বডীগাৰ্ড৷ আৰিয়ানহঁতক গ্ৰেপ্তাৰ আৰু জেৰাৰ সময়ত গোসাবিৰ এনচিবি-ৰ কাৰ্যালয়ত ৰহস্যজনক উপস্থিতি, আৰিয়ানৰ সৈতে গোসাবিয়ে ছেলফি তোলা, জেৰাৰ মাজতে আৰিয়ানক ফোনত কাৰোবাৰ সৈতে কথা পাতিবলৈ সুযোগ দিয়াকে ধৰি তেওঁৰ প্ৰতিটো কাৰ্যকলাপ সন্দেহজনক আছিল৷ ৬ অক্টোবৰৰ পৰা সন্ধানহীন আৰু দেওবাৰে তেওঁৰেই বডীগাৰ্ড প্ৰভাকৰে অভিযোগ উত্থাপন কৰাৰ পাছত এই গোচৰটোৱে অভাৱনীয় পাক লৈছে৷

ইপিনে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকে এটা টুইটত প্ৰকাশ কৰিছে, সমীৰ ৱাংখেড়েৰ জন্মৰ প্ৰমাণপত্ৰত নাম আছিল সমীৰ ডাউদ ৱাংখেড়ে আৰু তেওঁ অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি এনচিবি-ৰ চাকৰি লৈছিল৷ তেওঁৰ মাতৃ আছিল মুছলিম, যাৰ নাম জাহিদা আৰু প্ৰথমা পত্নীও আছিল শ্বাবানা কুৰেচি, মুছলিম সম্প্ৰদায়ৰ৷ পাছত ২০১৭ চনত তেওঁ বলীউডৰ অভিনেত্ৰী ক্ৰান্তি দীননাথ ৰেডকাৰক বিয়া কৰে৷ নবাব মালিকৰ মতে, ৱাংখেড়েক কেন্দ্ৰীয় চৰকাৰে এই গোচৰত ব্যৱহাৰ কৰিছে আৰু এতিয়া হিতে বিপৰীত হোৱাত তেওঁক দিল্লীলৈ নি গোচৰটোৰ পৰা আঁৰ কৰাৰ চেষ্টা চলাইছে৷