Logo
image

ধুবুৰীৰ ড॰ আহমেদ বিশ্বৰ পদাৰ্থ বিজ্ঞানীৰ তালিকাৰ শীৰ্ষত

আমাৰ অসম, ১ নৱেম্বৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান এলেকাৰ বাসিন্দা ড॰  ফাইজুদ্দিন আহমেদে আমেৰিকাৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্ব ৰেংকিঙৰ শীৰ্ষ দুই শতাংশ পদাৰ্থ বিজ্ঞানীৰ তালিকাত একেৰাহে দুবাৰকৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ড॰ ফাইজুদ্দিনে এতিয়ালৈকে মুঠ ৭৪খন উচ্ছমানৰ গৱেষণা-পত্ৰ আন্তৰ্জাতিক আলোচনীত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ বিশ্বৰ দুই শতাংশ পদাৰ্থ বিজ্ঞানীৰ তালিকাত ড॰  ফাইজুদ্দিনে ১,৬৯,২৬৮ স্থান লাভ কৰিছে৷ উল্লেখ্য যে, ২০২০ চনত ড॰ ফাইজুদ্দিনে প্ৰথমবাৰৰ বাবে উক্ত তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ২০০৬ চনত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ২০০৯চনত গুৱাহাটী কটন কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ পেচাত ব্যক্তিগত মহাবিদ্যালয়ৰ অধ্যাপক ড॰  ফাইজুদ্দিন আহমেদ, একপ্ৰকাৰ আৰ্থিক অনাটনে জুৰুলা কৰিছে ফাইজুদ্দিনৰ পৰিয়ালক৷ ৩৬বছৰীয়া ড॰ ফাইজুদ্দিনে বৰ্তমানে হাউলী নেচনেল ছায়েন্স একাডেমীৰ পদাৰ্থ বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক৷ ড॰ ফাইজুদ্দিনে বিশ্বৰ শীৰ্ষ দুই শতাংশ পদাৰ্থ বিজ্ঞানীৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰাত তেওঁক বিভিন্ন দল-সংগঠন-ব্যক্তিয়ে অভিনন্দন জনাইছে৷ আজি ধুবুৰী জিলা আমছুৰ সভাপতি আব্দুল বাতেনৰ নেতৃত্বত আমছুৰ এটা সঁজাতি দলে ড॰  ফাইজুদ্দিনৰ বাসভৱনত আহি তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনায়৷