Logo
image

ক’ভিড কমিল চাউলো বন্ধ

আমাৰ অসম, ৮ নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে ক’ভিড অতিমাৰীৰ পৰিস্থিতিত দেশৰ দৰিদ্ৰ নাগৰিকলৈ আগবঢ়োৱা বিনামূলীয়া চাউলৰ যোগান কেৱল চলিত মাহলৈ অব্যাহত থাকিব৷ ৩০ নৱেম্বৰৰ পাছত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা’  [পি এম জি কেৱাই] নামৰ আঁচনিখনৰ নৰেন্দ্ৰ মোদী চৰকাৰে পুনৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে৷ যোৱা শুকুৰবাৰে কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিব সুধাংশু পাণ্ডেই এই ঘোষণা কৰি কয় যে, ক’ভিডৰ অতিমাৰী পৰিস্থিতি শাম কটাৰ পাছত এতিয়া দেশত পুনৰ অৰ্থনৈতিক উত্থান আৰম্ভ হৈছে৷ এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ‘পি এম জি কে ৱাই’ আঁচনিখন অব্যাহত ৰখাৰ পৰিকল্পনা নাই৷ তেওঁ দাবী কৰা অনুসৰি দেশৰ বিভিন্ন স্থানত সম্প্ৰতি খোৱাতেলৰ মূল্যও ৭১ পৰা ২০ টকা পৰ্যন্ত প্ৰতিলিটাৰত হ্ৰাস হৈছে৷ ইপিনে, কেন্দ্ৰীয় চৰকাৰে ‘পি এম জি কে ৱাই’ আঁচনিখন আৰু বৃদ্ধি নকৰাৰ সিদ্ধান্তক লৈ অসমত চৰম বিভ্ৰান্তি আৰু ভিন ভিন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অনেকেই এয়া খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জৰিয়তে বছৰ বছৰ ধৰি বিতৰণ কৰি থকা এক টকীয়া কেজিৰ চাউলৰ বিতৰণ বন্ধ কৰিব বুলি ভাবিছে আৰু সেই অনুসৰি ভিন ভিন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ খৰিছে আৰু তেনেদৰে প্ৰচাৰো কৰিছে৷ পিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে, দৰিদ্ৰ জনসাধাৰণক যোগান ধৰি থকা বিনামূলীয়া চাউলৰ বিতৰণ বন্ধ নহয়৷ প্ৰধানমন্ত্ৰীয়ে ক’ভিডৰ সময়ত দেশৰ দৰিদ্ৰক বিতৰণ কৰা পাঁচ কিলোগ্ৰাম চাউলৰ যোগানহে এই মাহৰ পৰা বন্ধ হ’ব৷ উল্লেখ্য, ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত যোৱা এপ্ৰিল-মে’ত দেশৰ দৰিদ্ৰ জনসাধাৰণক প্ৰতিটো পৰিয়ালক পাঁচ কিলোগ্ৰামকৈ চাউল বিনামূলীয়াভাৱে যোগান ধৰাৰ বাবে কেন্দ্ৰই ‘পি এম জি কে ৱাই’ নামৰ এখন আঁচনি আৰম্ভ কৰিছিল৷ কেইবাবাৰো সেই আঁচনিখনৰ ম্যাদ বৃদ্ধি কৰা কেন্দ্ৰীয় চৰকাৰে অহা ৩০ নৱেম্বৰৰ পাছত এই আঁচনিৰ ম্যাদ বৃদ্ধি নকৰে বুলি ঘোষণা কৰিছে৷ আনহাতে, দেশৰ দৰিদ্ৰ আৰু অতি দৰিদ্ৰ নাগৰিকক কেন্দ্ৰীয় চৰকাৰৰ সহযোগত দেশৰ সকলো ৰাজ্যই অন্তোদয়া অন্ন যোজনাৰ অধীনত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জৰিয়তে ৰাজসাহায্যযুক্ত চাউল, দাইল, আটা ইত্যাদি যোগান ধৰি আছে৷ ৰাজ্যভেদে সেই চাউল বিনামূলীয়া আৰু কোনো ৰাজ্যত ১-২ টকাত এক কিলোগ্ৰাম চাউল যোগান ধৰা হয়৷ সেই চাউল দেশৰ প্ৰায় ২.৫ কোটি দৰিদ্ৰ পৰিয়ালে প্ৰতিমাহত ৩৫ কিলোগ্ৰামকৈ লাভ কৰি আহিছে৷ সেই আঁচনি অব্যাহত থাকিব৷