Logo
image

মুখ্যমন্ত্ৰীৰ ভাষ্যক লৈ চৰ্চা

সৰ্বভাৰতীয় পৰীক্ষাত অসমৰ শিক্ষাৰ্থী ব্যৰ্থ

আমাৰ অসম, ৮ নৱেম্বৰঃ অসমত এতিয়া যি পৰম্পৰাগত শিক্ষা পদ্ধতি চলি আছে সেই শিক্ষাৰে ৰাজ্যখনত কেতিয়াও জ্ঞানৰ নৱজাগৰণ সৃষ্টি হোৱা সম্ভৱ নহয়৷ দীৰ্ঘ ১৫ বছৰ ধৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকা আৰু এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ সৰ্বদিশতে পৰিৱৰ্তন আৰু উন্নয়নৰ প্ৰয়াস চলাই ন ন পদক্ষেপ গ্ৰহণ কৰি থকা ড॰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বভাৰতীয় পৰীক্ষাত অসমৰ শিক্ষাৰ্থীৰ চকুতলগা সাফল্যৰ অভাৱৰ বাবে এনেদৰেই আক্ষেপ কৰিছে৷ শনিবাৰে জয়সাগৰস্থিত ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ৰ ৰজত জয়ন্তী অনুষ্ঠানৰ কাৰ্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষক সমাজলৈও অনেক গুৰুত্বপূৰ্ণ প্ৰশ্ন এৰি দিয়ে৷ কি অভাৱৰ বাবে অসমৰ শিক্ষাৰ্থীয়ে ইউ পি এছ চিৰ পৰীক্ষাত চমকপ্ৰদ সাফল্য অৰ্জন কৰিব নোৱাৰে, ‘নিট’,‘জেইই’ৰ দৰে পৰীক্ষাত অসমৰ শিক্ষাৰ্থীয়ে ভাল প্ৰদৰ্শন কৰিব নোৱাৰে, সেই লৈ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে৷ তেওঁ কলেজ, বিশ্ববিদ্যালয় আৰু আনকি বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰিবলৈ প্ৰয়োজন হোৱা অভাৱ আছে নেকি বুলিও প্ৰশ্ন কৰে৷ আন অজস্ৰ বিষয়ৰ লগতে সমস্যাজৰ্জৰ ৰাজ্যখনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই অতি প্ৰয়োজনীয় বিষয়ত গুৰুত্ব প্ৰদান কৰাত ৰাজ্যৰ বিভিন্ন স্তৰৰ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে৷ ৰাজ্যৰ সকলো স্তৰৰ লোক, বিশেষকৈ শিক্ষক সমাজক এই বিষয়টো লৈ মুখ্যমন্ত্ৰীয়ে পোনপটীয়া প্ৰশ্ন কৰিছে৷ অভাৱ ক’ত, সমস্যা কি সেয়া তেওঁ জানিবলৈ চেষ্টা কৰিছে, পৰ্যালোচনা কৰিবলৈ আগ্ৰহ কৰিছে৷ সমস্যাৰ গুৰি বিচাৰি মুখ্যমন্ত্ৰীয়ে শিক্ষা ব্যৱস্থা, শৈক্ষিক পৰিৱেশ আৰু বিশেষকৈ শিক্ষক সমাজৰ দায়িত্ব তথা কৰ্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ তেওঁ প্ৰশ্ন কৰে– ‘আনে পাৰে, আমি কিয় নোৱাৰোঁ? বিহাৰে যিটো কৰিব পাৰে, সেইটো অসমে কিয় কৰিব নোৱাৰে? নোৱৰাৰ যুক্তি ক’ত? অসমৰ ল’ৰা-ছোৱালীৰ মেধা-প্ৰজ্ঞা আৰু দক্ষতা সম্পৰ্কে সন্দেহৰ অৱকাশ নাই৷ থকাৰ প্ৰশ্নই নুঠে৷ তৎসত্ত্বেও সৰ্বভাৰতীয় পৰীক্ষাসমূহত আমাৰ ল’ৰা-ছোৱালীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে কিয়? আমাৰ শিক্ষাৰ্থী ব্যৰ্থ হয় কিয়? আমি তেওঁলোকক কি শিক্ষা নিদিলোঁ, কি শিক্ষা দিব নোৱাৰিলোঁ? নীটৰ ৰিজাল্ট দিয়ে, আইএএছ-আইপিএছৰ ৰিজাল্ট দিয়ে– সেইবোৰত অসমে চমকপ্ৰদ সফলতা দেখুৱাব পৰা নাই৷ তাত অসুবিধা ক’ত আছে?’ শিক্ষকসকৰক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰশ্ন কৰে– ‘মই নিজে মাজে মাজে চিন্তা কৰোঁ যে মোৰ কটন কলেজৰ অধ্যাপক-অধ্যাপিকাসকলৰ ক’ৰবাত কিবা কেৰোণ আছে নেকি? ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলৰ সক্ষমতাৰ বিষয়ে ক’ৰবাত প্ৰশ্ন বা সন্দেহ আছে নেকি? নে মোৰ গাঁৱৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশত কিবা সমস্যা আছে? নে আন ক’ৰবাত সমস্যা আছে? এই সমস্যাবিলাকৰ আমি উত্তৰ বিচাৰিব লাগিব৷ সামন্তবাদৰ প্ৰভাৱত থকা, শ্ৰেণী সংগ্ৰামৰ প্ৰভাৱত থকা বিহাৰৰ দৰে ৰাজ্যয়ো যেতিয়া ভাৰতবৰ্ষৰ প্ৰশাসনীয় সেৱাত, নীটৰ দৰে ব্যৱস্থাত বিশাল বৰঙণি আগবঢ়ায়; আমি কিয় তাৰ লগত সমানে খোজ মিলাব নোৱাৰোঁ? ক’ত আমাৰ ত্ৰুটি আছে? ফিজিক্স, কেমেষ্ট্ৰীৰ শিক্ষাৰ মাজত আমি কি এনেকুৱা শিক্ষা নিদিওঁ– যি শিক্ষা নিদিয়াৰ কাৰণে আমাৰ ল’ৰা-ছোৱালীয়ে অল ইণ্ডিয়া মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা ক্ৰেক কৰিব নোৱাৰে? আমি সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান পঢ়াওঁতে কি জ্ঞান তেওঁলোকক নিদিওঁ– যি জ্ঞানৰ অভাৱত আমাৰ ল’ৰা-ছোৱালীয়ে ভাৰতৰ প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে? আমি কি জ্ঞান তেওঁলোকক নিদিওঁ– যি জ্ঞানৰ অভাৱত প’ষ্ট গ্ৰেজুৱেট পাছ কৰা ল’ৰা-ছোৱালীয়ে ৰাজনীতি কৰা ব্যক্তিৰ ঘৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিচাৰি থিয় হ’ব লাগে?’মুখ্যমন্ত্ৰীৰ এনে আগ্ৰহ আৰু প্ৰশ্নৰ বিষয়ে প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত প্ৰাক্তন আই এ এছ বিষয়া চি কে দাসে কয়– ‘ইউ পি এছ চিৰ পৰীক্ষাত সাফল্য অৰ্জন কৰিবলৈ হ’লে এতিয়া অতি বেছি মেৰিট নালাগে, হাৰ্ডৱৰ্কহে লাগে৷ অসমত এতিয়া তেনে পৰিৱেশ নাই৷ সকলোৱেই অপ্ৰয়োজনীয় কামত ব্যস্ত হৈ থাকে৷ ৰাজনীতি, উৎসৱ ইত্যাদিত ব্যস্ত হৈ সকলোৱে নৃত্য কৰি থাকে৷ ইয়াৰ ফলত অসমত সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাকৈ ৰাজ্যত পৰিৱেশ সৃষ্টি হোৱা নাই৷ এই পৰিৱেশ ঘাইকৈ চৰকাৰে সৃষ্টি কৰিব লাগিব৷  চৰকাৰে ফ্লাইঅ’ভাৰ, ফুটব্ৰীজ নিৰ্মাণ কৰাৰ টকা এনে কামত খৰচ কৰিব লাগিব য’ত সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে শিক্ষাৰ্থীক প্ৰস্তুত কৰিব পাৰি৷ চৰকাৰে স্কুটী দি লাভ নাই৷ লেপটপলৈকে ঠিক আছে৷ স্কুটীৰ পৰিৱৰ্তে কলেজত ভাল পুথিভঁৰাল গঢ়ক৷ তাত ২৪ ঘণ্টাই লাইট থাকক, ৱাইফাই থাকক৷ চৰকাৰে মুখেৰে ক’লে নহ’ব, বিষয়টোৰ ‘বেছিক’লৈ যাব লাগিব৷ আনহাতে শিক্ষাৰ্থীয়ে প্ত-৬ বছৰ একেৰাহে পঢ়িব লাগিব৷  যুৱচামৰ মাজত চৰকাৰে পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ কলেজ, বিশ্ববিদ্যালয়ত চৰকাৰে সাধাৰণ জ্ঞানৰ পৰীক্ষা পাতি পৰিৱেশ সৃষ্টি কৰিব পাৰে৷ এতিয়া ইউ পি এছ চিৰ পৰীক্ষাত ঘাইকৈ প্ৰতিযোগিতা হয় আৰু সেয়া মূলতঃ সাধাৰণ জ্ঞানৰ হয়৷ সেই সকলো বিষয়ক লৈ চৰকাৰে ৰাজ্যত এক প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি কৰিলেহে অসমৰ শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰীক্ষাত সফলতা লাভ কৰিব৷’আনহাতে অসম কলেজ শিক্ষক সন্থাৰ সভাপতি বিশ্বজিৎ ভূঞাই মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰাৰ দৰে ৰাজ্যৰ শিক্ষক সমাজৰ মাজত মানৰ অভাৱ নাই বুলি মন্তব্য কৰে৷ তেওঁ কয়– ‘অসমৰ কলেজ, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আন ৰাজ্যৰ সমপৰ্যায়ৰ৷ অসমত ঘাইকৈ সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে ‘কাউন্সেলিং’, সজাগতা আৰু নেতৃত্বৰ অভাৱ৷ তদুপৰি শিক্ষাৰ্থীৰ মাজত তেনে মানসিকতা গঢ় লৈ উঠা নাই৷ ঘাইকৈ অসমত পৰম্পৰাগত পদ্ধতিৰেই শিক্ষাদান চলি আছে৷  সিও এক কাৰণ৷ এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে শিক্ষক, সমাজ, সাংবাদিক আৰু সৰ্বোপৰি চৰকাৰৰ সামূহিক দায়িত্ব আছে৷ মই ভাবো, চৰকাৰে সৰ্বভাৰতীয় পৰীক্ষাত অসমৰ শিক্ষাৰ্থী সফল হোৱাকৈ এটা ‘কম্প্ৰিহেন্সিভ’ নীতি গ্ৰহণ কৰিব লাগিব৷ইপিনে এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয়– ‘মুখ্যমন্ত্ৰীয়ে এই বিষয়টো উপলব্ধি কৰা বহু পলম হৈছে৷ তেওঁ নিজেই ১৫ বছৰ ধৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ আছিল৷ তেতিয়া তেওঁ এই সন্দৰ্ভত শিক্ষকসকলক সজাগ আৰু সক্ৰিয় কৰিবলৈ কিয় চেষ্টা নকৰিলে? কৰ্ণাটক আৰু অন্যান্য বহু ৰাজ্যত ইউ পিএছচিৰ প্ৰিলিমিনেৰী পৰীক্ষাত সফল হোৱা শিক্ষাৰ্থীক চৰকাৰে সাহায্য প্ৰদান কৰে৷ আনকি দিল্লীত থকাৰ সুবিধা, ক’চিঙৰ সুবিধা দি আৰ্থিক সাহায্য প্ৰদান কৰে৷ আমি তেনে উদাহৰণ দি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছত এবাৰ নে দুবাৰ চৰকাৰে প্ৰিলিমিনেৰীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰিছিল৷ সেয়া এতিয়া বন্ধ হ’ল৷ অথচ আছুৱে যোৱা ৩০ বছৰৰো অধিক দিন ইউপিএছচি, এপিএছচি, বেংক পি অ’, এছএছচি ইত্যাদি সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা বছৰে বছৰে কৰি আছে৷ সৰ্বভাৰতীয় স্তৰত অসমৰ শিক্ষাৰ্থী সফল হোৱাৰ বাবে কেৱল বক্তৃতা দিলেই নহ’ব, চৰকাৰে এই বিষয়ত পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে বিষয়টো চিন্তা কৰাতো ভাল কথা৷ সেই অনুসৰি তেওঁ এতিয়া চৰকাৰী নীতি গ্ৰহণ কৰক আৰু অসমৰ শিক্ষাৰ্থীক সৰ্বভাৰতীয় স্তৰত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ সাজু কৰক৷’