Logo
image

‘২০২৫ চনত বিশ্বৰ শীৰ্ষৰ চাৰি দেশৰ অন্যতম হ’ব ভাৰত’

আমাৰ অসম, ৮ নৱেম্বৰঃ ‘বিশ্বৰ শীৰ্ষ চাৰিখন দেশৰ ভিতৰত ২০২৫ৰ ভিতৰত অন্যতম দেশ হৈ উঠিব ভাৰত৷ ইয়াৰ পিছতহে তালিকাত স্থান থাকিব প্ৰতিৱেশী ৰাষ্ট্ৰ চীনৰ৷ ভাৰতত বৰ্তমান প্ৰতি মিনিটত ডেৰ কিলোমিটাৰ পথ নিৰ্মাণ হৈ আছে৷ আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ এই অৰ্থনীতি তথা সমাজনীতি অনুকৰণ কৰিবলৈ লৈছে’– আজি তেজপুৰত এই মন্তব্য ভাৰতীয় কূটনীতিক ড॰ দীপক ভোৰাৰ৷ আজি তেজপুৰত আগৰৱালা সমাজে তেজপুৰ উত্তৰ অসম বণিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা ‘ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ২০২৫ত পৃথিৱীৰ ভৱিষ্যত’ শীৰ্ষক বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি কূটনীতিক ড॰ ভোৰাই আৰু কয় যে, আমেৰিকা, ৰাছিয়াৰ পিছতে ভাৰতে বিশ্বৰ নেতৃত্ব বহন কৰিব৷ আনহাতে চীনে সদায়েই অসত্য আৰু মিছাৰে ভুৱা প্ৰচাৰ চলাই আহিছে আৰু বৰ্তমান চীনৰ এনে কূটকৌশল বিশ্বৰ সকলো দেশে বুজি পোৱা হৈছে৷ তেওঁ লগতে কয়, চীনে আভ্যন্তৰীণ বিপৰ্যয়ৰ সময়ত সদায়েই বিদেশী ৰাষ্ট্ৰ এখনক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ এনে কাৰণতেই চীনে ইয়াৰ পূৰ্বে ভিয়েটনাম, ৰাছিয়া আৰু ভাৰতক আক্ৰমণ কৰিছিল৷ এয়া কেৱল দেশখনে নিজ দেশৰ আভ্যন্তৰীণ সমস্যা তল পেলাবলৈকে তেনে কৰিছিল বুলি ভোৰাই মত পোষণ কৰে৷ তেওঁ পুনৰ কয় যে, চীনৰ প্ৰধানমন্ত্ৰীয়ে যোৱা দুবছৰ ধৰি বিদেশ ভ্ৰমণ কৰা নাই৷ উল্লেখ্য, আমেৰিকা, জৰ্জিয়া, চুডান, পোলেণ্ড আৰু লিথুৱানিয়া, দক্ষিণ চুডান আদি মুঠ ছয়খন দেশৰ ভাৰতীয় প্ৰাক্তন ৰাষ্ট্ৰদূত তথা বৰ্তমান দক্ষিণ চুডান, গুইনিয়া বিচাওৰ স’তে দেশৰ কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শদাতা হোৱাৰ লগতে লাডাখ স্বায়ত্ব পাৰ্বত্য উন্নয়ন পৰিষদ, লেহ আৰু কাৰ্গিলৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা হিচাপে কৰ্মৰত ভোৰাই লগতে কয় যে, দেশে এটা সময়ত বিদেশৰ পৰা খাদ্যসামগ্ৰী আমদানি কৰিবলগীয়া হৈছিল৷ কিন্তু বৰ্তমান দেশত পূৰ্বৰ তুলনাত এশগুণ অধিক খাদ্য সামগ্ৰী উৎপাদন হয়৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেশৰ অৰ্থনৈতিক সম্ভাৱনীয়তা তথা ভৱিষ্যৎ সন্দৰ্ভত তেওঁ কয় যে, দেশে ডেৰশখন দেশলৈ ক’ভিড প্ৰতিৰোধী ভেকচিনৰ ৰপ্তানি আৰম্ভ কৰিছে৷ আনহাতে, বৰ্তমান দেশে পাঁচশ ক’ভিড প্ৰতিষেধক উৎপাদন কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ বিশিষ্ট কূটনীতিকজনে সদৰি কৰে যে, বৰ্তমান ইউৰোপৰ দেশসমূহ বুঢ়া লোকৰ দেশ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে ভাৰত এতিয়া যুৱ-শক্তিৰে শক্তিশালী দেশ৷ স্বাস্থ্য সুৰক্ষা, জলবায়ু পৰিৱৰ্তন আৰু মুক্ত অৰ্থনীতিৰ জৰিয়তে ভাৰতে শীৰ্ষস্থান দখল কৰিব বুলিও দাবী কৰি ড॰ ভোৰাই সম্প্ৰতি বিশ্ব তথা দেশে এই তিনিটা দিশত আটাইতকৈ অধিক গুৰুত্ব দিয়াৰ বিষয়ে দোহাৰি লগতে তেওঁ কয় যে একোটা মহামাৰী আৰম্ভ হ’লে সেইটো সম্পূৰ্ণ নিৰ্মূল হোৱাটো সম্ভৱ নহয়৷ এনে ক্ষেত্ৰত এই মহামাৰীৰ স’তে মোকাবিলা কৰিব পৰাকৈ দেশ এখনক গঢ়ি তোলাটোহে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে অৰ্থনৈতিক উন্নয়নশীল দেশসমূহৰ বাবে মুক্ত অৰ্থনীতিৰ ক্ষেত্ৰত সাগৰীয় পথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়েহে সাগৰীয় পথ বাধাহীন হ’ব লাগিব আৰু ইয়াত কাৰো আগ্ৰাসী নীতিক বৰ্তমান বিশ্বৰ অধিকাংশ দেশে মানি নলয় বুলি উল্লেখ কৰি তেওঁ শেষত কয় যে এইক্ষেত্ৰত বৰ্তমান ভাৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ মেক ইন ইণ্ডিয়াৰ এম্বেছেদৰ ড॰ ভোৰাই আগন্তুক সময়ত দেশৰ যুৱশক্তিৰ জৰিয়তে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বৃহৎ উন্নয়ন লাভৰ আশা ব্যক্ত কৰে৷