Logo
image

তৰুণ গগৈক পদ্মভূষণ দিয়া হ’ল কিয়?

তৰুণ গগৈক পদ্মভূষণ সন্মান কিয় দিয়া হ’ল? মাথোঁ এই এটা প্ৰশ্নৰেই আজি কংগ্ৰেছ তথা বিৰোধী পক্ষৰ ৰাজনীতি বহু আগবাঢ়ি গ’লহেঁতেন৷ তেওঁলোকৰ প্ৰাসংগিকতাও বহু বাঢ়ি গ’লহেঁতেন৷ কিন্তু ১৩৫ বছৰীয়া দলটোৰ থিংক টেংকে এই প্ৰশ্নটো ভাবি নাপালে বা সোধাৰ সাহস কৰিব নোৱাৰিলে৷

মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰবীণ কংগ্ৰেছ নেতা আৰু তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত আসীন তৰুণ গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰা হ’ব৷ বিজেপি দলটোৱে বিভিন্ন সময়ত বহু চমকপ্ৰদ সিদ্ধান্ত লয়৷ কেতিয়াবা এনে সিদ্ধান্তই শাসক দলটোক আপাত দৃষ্টিত মাহাত্ম্য প্ৰদান কৰে আৰু ৰাজনৈতিক অভীষ্টও সিদ্ধি কৰে৷ যেনে– গোপীনাথ বৰদলৈক অসমৰ আৰু অসমীয়াৰ প্ৰতি অৱদানৰ বাবে, ভূপেন হাজৰিকাক তেখেতৰ মহান সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় সন্মান যচা হ’ল– মানুহেও সজ সজ বুলি বিজেপিক শলাগিলে৷

স্বাভাৱিকভাৱেই প্ৰশ্নটো উঠিব, মৰণোত্তৰভাৱে তৰুণ গগৈক দিয়া পদ্মভূষণ সন্মান প্ৰকৃততে কিহৰ স্বীকৃতি? প্ৰায় ২৫ বছৰ কংগ্ৰেছৰ নেতৃত্বত আছিল তেওঁ৷ ১৫ বছৰ একেলেথাৰিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত আছিল নেহৰু [গান্ধী] পৰিয়ালৰ একান্ত আস্থাভাজন তৰুণ গগৈ৷ তেওঁৰ দলেতো স্বাভাৱিকভাৱেই দাবী কৰিব পাৰে– সুশাসন, উন্নয়ন আৰু সুনেতৃত্বৰ স্বীকৃতি হিচাপেই কট্টৰ কংগ্ৰেছী তৰুণ গগৈক বিজেপিয়ে এই সন্মান দিবলৈ বাধ্য হ’ল? এই যুক্তি বা দাবীক ৰণকৌশল হিচাপে লৈ কংগ্ৰেছ দলটোৱে বিগত নিৰ্বাচনত বিজেপিক শ’লঠেকতো পেলাব পাৰিলেহেঁতেন৷ বিজেপি চৰকাৰেতো প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহ বা প্ৰফুল্ল মহন্তক এনে সন্মান জনোৱা নাই? তেন্তে সততে সৰ্বত্ৰ বিজেপিয়ে দাবী কৰা মতে ৰাজ্যত কংগ্ৰেছৰ দিনৰ অপশাসন, দুৰ্নীতি, অনুন্নয়ন আদি অভিযোগ ভুৱা নেকি?

কংগ্ৰেছে এই প্ৰশ্ন তুলিব নোৱাৰিলে৷ বিজেপিয়ে কংগ্ৰেছ নেতৃত্বৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ তৰুণ গগৈক মৰণোত্তৰভাৱে স্বীকৃতি দি আৱেগিক অসমীয়াৰ পৰা ৰাজনৈতিক ফায়দা তুলিলে৷ বিজেপিৰ চতুৰালিত হতবুদ্ধি কংগ্ৰেছ ডিফেন্সিভ হৈ গ’ল৷ আন বাদেই– তৰুণ গগৈৰ পুত্ৰ, হাইপ্ৰ’ফাইল সাংসদ গৌৰৱ গগৈয়েও ইয়াৰ উত্তৰ নিবিচাৰি নিৰ্বাচনী মঞ্চত বা অন্যত্ৰ বিজেপিয়ে অনা তেওঁৰ পিতৃৰ শাসনকালৰ অন্যায়-অবিচাৰ-অপশাসনৰ অভিযোগ নীৰৱে মানি ল’লে৷ মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত ডলী গগৈৰ লগতে গৌৰৱেই পিতৃৰ হৈ বিজেপি চৰকাৰ প্ৰদত্ত পদ্মভূষণ সন্মান গ্ৰহণ কৰিব৷

তৰুণ গগৈক এই সন্মান কিয় দিয়া হ’ল, এই প্ৰশ্ন আজিও তুলিব নোৱাৰিলে কংগ্ৰেছ দলে৷ বিজেপিৰ হাতততো উত্তৰ নাছিলেই? আচলতে পল ক্ৰুগমানৰ কথাষাৰেই সত্য– Politics determines who has the power, not who has the truth!