Logo
image

ৰাসত শিশু কৃষ্ণ নিষিদ্ধ

আমাৰ অসম, ১০ নৱেম্বৰঃ গুৱাহাটী শাৰদীয় দূৰ্গা পূজাৰ পাছত ৰাজ্যৰ চৌদিশে চলিছে ৰাসৰ আখৰা৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ দুঃখবৰৰ মাজতে শৰতৰ নিশা বিতোপন কৰি কৃষ্ণ বন্দনাত মুখৰ কৰাৰ লক্ষ্যৰে প্ৰস্তুতি চলিছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ৷ সত্ৰ নগৰীৰ মাজুলীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰত লক্ষ্মী পূৰ্ণিমাৰ পাছৰে পৰা পূৰ্ণগতিত ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে । শিল্পীসকল৷ ক’ভিডৰ বাবে বিগত বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰাস মহোৎসৱৰ কাৰ্যসূচী বাতিল কৰা পৰিলক্ষিত হৈছিল৷ কিন্তু এবছৰ বিৰতিৰ অন্তত এইবাৰ  স্থানীয় ৰাইজ তথা উদ্যোক্তাসকলে ন-উদ্যেমৰে ৰাস-মহোৎসৱ আয়োজনৰ বাবে সাজু হৈছে৷ ৰাজ্যৰ বিভিন্ন স্থানত ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাস মহোৎসৱ৷ শিল্পী, উদ্যোক্তাৰ লগতে ৰাইজে ৰাসৰ প্ৰস্তুতি চলালেও ৰাস মহোৎসৱত এইবাৰ ভাৱৰীয়া ৰূপত দেখা পোৱা নাযাব শিশু কৃষ্ণক৷ শিশু কৃষ্ণৰ লগতে গোপ-বালককো দেখা পোৱা নেযাব ৰাসত৷ কিয়নো ৰাজ্য চৰকাৰে এইবাৰ ৰাসত শিশু কৃষ্ণক নিষিদ্ধ ঘোষণা কৰিছে৷ মঙলবাৰে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই জাৰি কৰা এছ অ’পি অনুসৰি ১০ বছৰ অনূধ্বৰ আৰু ৬৫ বছৰ ঊধৰ্ৰ কোনো শিল্পীয়ে অভিনয় কৰিব নোৱাৰিব ৰাসত৷ চৰকাৰৰ এই আজৱ চৰ্তই স্বাভাৱিকতেই ৰাসত শিশু কৃষ্ণ আৰু গোপ-বালকৰ অভিনয়ক লৈ উদ্যোক্তাসকল সমস্যাত পৰাটো নিশ্চিত হৈ পৰিছে৷ কিয়নো ভগৱান শ্ৰীকৃষ্ণক গুৰুত্ব দিয়েই ৰাস মঞ্চস্থ কৰা হয়৷ এছ অ’পি অনুসৰি ১১বছৰ পৰা ১৮ বছৰৰ ভিতৰত যিসকল শিল্পীয়ে ৰাসত অভিনয় কৰিব, তেওঁলোক প্ৰতিজনেই অভিভাৱকৰ সন্মতিৰ প্ৰমাণ-পত্ৰ উদ্যোক্তাক দাখিল কৰিব লাগিব৷ তদুপৰি এইবাৰ দৰ্শক তথা ভক্তপ্ৰাণ ৰাইজৰ বাবেও কঠোৰ চৰ্ত বান্ধি দিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে৷ অৰ্থাৎ দৰ্শক তথা ভক্তপ্ৰাণ ৰাইজে মাস্ক পিন্ধিহে উপভোগ কৰিব পাৰিব ৰাসলীলা৷ ৰাস মহোৎসৱস্থলীত মাস্ক পৰিধান নকৰা কোনো ব্যক্তিকে প্ৰৱেশৰ অনুমতি দিব নোৱাৰিব উদ্যোক্তাসকলে৷ মুখ্যসচিব জিষ্ণু বৰুৱাই জাৰি কৰা এছ অ’পিত ৰাসত অভিনয় শিল্পীৰ পৰা আৰম্ভ কৰি স্বেচ্ছাসেৱক আৰু উদ্যোক্তাসকলে ৰাসৰ পূৰ্বে বাধ্যতামূলক ক’ভিড টেষ্ট কৰিব লাগিব৷ এক কথাত এণ্টিজেন টেষ্ট কৰিহে বৃন্দবানত গোপীসকলৰ সৈতে ৰাসক্ৰীয়া কৰিব  শ্ৰীকৃষ্ণই৷ অৱশ্যে কোনো শিল্পীৰ ক’ভিড পজিটিভ ধৰা পৰিলে অভিনয়ৰ অনুমতি দিব নোৱাৰিব৷ আনকি ৰাস মঞ্চস্থৰ পূৰ্বে ৰাধা-কৃষ্ণকে ধৰি সকলো শিল্পীৰে থাৰ্মেল স্ক্ৰেনাৰত দেহৰ উষ্ণতা পৰীক্ষা কৰিব লাগিব উদ্যোক্তাই৷ আনহাতে ৰাসৰ পাছতো শিল্পী, উদ্যোক্তা আৰু স্বেচ্ছাসেৱকসকলে ক’ভিড পৰীক্ষা কৰিব লাগিব৷ এছ অ পিত লগতে ৰাস মহোৎসৱস্থলীত কোনো মেলা বা খাদ্য সামগ্ৰীৰ অস্থায়ী দোকান দিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিছে৷ অৱশ্যে ৰাজ্য চৰকাৰে ৰাসক লৈ এই নিৰ্দেশনা দিলেও বাস্তৱত কিমান কাৰ্যকৰী হ’ব সেয়া সময়তহে লক্ষ্যণীয় হ’ব৷