Logo
image

এবছৰৰ পাছত বেংক একাউণ্ট, লেপটপ ওভতাই পালে ৰিয়া চক্ৰৱৰ্তীয়ে

আমাৰ অসম, ১০ নৱেম্বৰঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু গোচৰত সাঙোৰ খাই পৰা অভিনেতাজনৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে সুদীৰ্ঘ এবছৰৰ পাছত ওভতাই পালে বেংক একাউণ্ট, মোবাইল ফোন আৰু তেওঁৰ লেপটপটো৷ অৱশ্যে আদালতৰ অনুমতি সাপেক্ষেহে ৰিয়াই তেওঁৰ জব্দকৃত বেংক একাউণ্ট আৰু সামগ্ৰীসমূহ ওভতাই পাবলৈ সক্ষম হয়৷ উল্লেখ্য যে ২০২০ চনৰ ১৪ জুনত মৃত্যু ঘটে সুশান্ত সিং ৰাজপুতৰ৷ ইয়াৰ পাছতে সুশান্তৰ মৃত্যু ৰহস্যক লৈ দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি হয়৷ ঘটনা চক্ৰত সোমাই পৰে প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ নাম৷ সুশান্তক ড্ৰাগ্‌ছ যোগান ধৰাৰ অভিযোগত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী জে’লো খাটিবলগীয়া হয়৷ জব্দ কৰা হয় তেওঁৰ বেংক একাউণ্ট, মোবাইল ফোন আৰু লেপটপটো৷ আৰু অৱশেষত আদালতৰ অনুমতি সাপেক্ষে সুদীৰ্ঘ এবছৰৰ পাছত ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ বেংক একাউণ্ট আৰু মোবাইল ফোন তথা লেপটপ ওভতাই পাবলৈ সক্ষম হয়৷