Logo
image

ছাবমেৰিন ‘ভালা’ ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত

আমাৰ অসম, ১১ নৱেম্বৰঃ ভাৰতীয় নৌসেনাৰ শক্তি আৰু অধিক বৃদ্ধি কৰি অন্তৰ্ভুক্ত হ’ল আন এখন ছাবমেৰিন৷ ‘প্ৰজেক্ট-৭৫’ৰ দ্বাৰা ভাৰতীয় নৌসেনাই ৬খন অত্যাধিক ছাবমেৰিন লাভ কৰাৰ কথা আছিল৷ মঙলবাৰে চতুৰ্থখন ছাবমেৰিন নৌসেনাত অন্তৰ্ভুক্ত হোৱাটো অন্যতম বৃহৎ সফলতা৷ বাকী থকা দুখন ছাবমেৰিনো অতি সোনকালেই লাভ কৰিব নৌসেনাই৷ স্ক’ৰপিন শ্ৰেণীৰ ছাবমেৰিন ‘ভেলা’ হৈছে ‘মেড ইন ইণ্ডিয়া’ ছাবমেৰিন৷ ‘প্ৰজেক্ট-৭৫’ৰ অধীনত ফ্ৰান্সৰ ‘মেছাৰ্ছ নেভেল গ্ৰুপ’ৰ সৈতে লগ লাগি এই ছাবমেৰিন নিৰ্মাণ কৰে মুম্বাইৰ ‘মাঝগাঁও ডক শ্বিপ বিল্ডাৰ্ছ লিমিটেড’-এ৷ ভেলা ছাবমেৰিনৰ নিৰ্মাণ ২০১৯ চনৰ ৬ মে’ত আৰম্ভ হৈছিল৷ ইয়াৰ পাছত ইয়াক বন্দৰ আৰু সমুদ্ৰ তলীত পৰীক্ষামূলকভাৱে চলোৱা হয়৷ এই পৰীক্ষামূলক ব্যৱহাৰৰ সময়ত অস্ত্ৰ-শস্ত্ৰ আৰু ছেঞ্চৰৰ পৰীক্ষাও চলে৷ সকলো ট্ৰায়েল সফতাৰে সম্পূৰ্ণ হোৱাৰ পাছত ভেলাক নৌসেনাত অন্তৰ্ভুক্ত কৰাৰ অনুমতি প্ৰদান কৰা হয়৷ এই ছাবমেৰিনখনৰ নিৰ্মাণ-কাৰ্য ক’ভিড মহামাৰীৰ সময়তো চলিছিল৷