Logo
image

পিছদুৱাৰেদি আহিল পাব্‌জি

আমাৰ অসম, ১২ নৱেম্বৰঃ কম বয়সীয়াসকলৰ মানসিক,শাৰীৰিক ক্ষতিৰ লগতে বাস্তৱ জগতৰ পৰা ভাৰ্ছুৱেল জগতৰ প্ৰতি মোহাচ্ছন্ন হৈ পৰাৰ দৰে মাৰাত্মক ক্ষতিকাৰক দিশসমূহৰ বাবে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত নিষিদ্ধ হৈছিল পাব্‌জি৷ কিন্তু সেই পাব্‌জি নামৰ মাৰাত্মক ভিডিঅ’ গেমবিধৰ নতুন সংস্কৰণ ‘পাব্‌জি নিউ ষ্টেট’ [PUBণ্ড New state] অৱশেষত ভাৰতৰ লগতে বিশ্বৰ ২০০খন দেশত বক্ৰ পথেৰে পুনৰ আৰম্ভ হ’ল৷ উল্লেখ্য, যোৱা ফেব্ৰুৱাৰী মাহত বিশ্বৰ কেইখনমান নিৰ্বাচিত দেশত দক্ষিণ কোৰিয়াৰ ভিডিঅ’গেম ডেভলপিং কোম্পানী ক্ৰাফ্‌ট’নে ‘পাব্‌জি নিউ ষ্টেট’ গেমটো ‘লঞ্চ’ কৰিছিল৷ কিন্তু ভাৰতত‘পাব্‌জি’ নিষিদ্ধ হৈ থকাত ভাৰতত ‘গেমাৰ’সকলে ইয়াৰ সোৱাদ ল’ব পৰা নাছিল৷ কিন্তু সুদীৰ্ঘ ছমাহৰ পাছত অৱশেষত ভাৰতৰ বজাৰলৈও আহিল‘পাব্‌জি নিউ ষ্টেট’৷ বৃহস্পতিবাৰে পুৱা ১১.৩০ বজাত ভাৰতত এই ভিডিঅ’গেমটো লঞ্চ হয়৷ এণ্ড্ৰয়ড আৰু আই অ’এছ দুয়োটা প্লেটফৰ্মতেই এইবিধ ভিডিঅ’গেম খেলিব পৰা যাব৷ ইয়াৰ বাবে ডিভাইছটো Android 6.0/iOs3/ipados13বা তাতকৈ ওপৰৰ ভাৰ্ছনৰ দ্বাৰা পৰিচালিত হ’ব লাগিব৷ তদুপৰি যিসকলে পূৰ্বৰে পৰা এই গেমটোৰ বাবে পঞ্জীয়ন কৰি ৰাখিছে, তেওঁলোকে নতুন গেমবিধৰ ‘স্পেচিয়েল এডিশ্বনো’লাভ কৰিব৷‘পাব্‌জি নিউ ষ্টেট’গেমটো ডাউনলোড কৰিবলৈ হ’লে এণ্ড্ৰয়ড ফোন ব্যৱহাৰকাৰীসকলে গুগল প্লে-ষ্টোৰলৈ যাব লাগিব৷ অৱশ্যে যিসকলে পূৰ্বৰে পৰা গেমটো পাবলৈ ফোন নম্বৰটো পঞ্জীয়ন কৰি ৰাখিছে তেওঁলোকে গুগল প্লে-ষ্টোৰৰ পৰা গেমটো ডাউনলোড কৰাৰ বাবে নটিফিকেশ্বন লাভ কৰিব৷অকৌ, আই অ’এছ [iOS] প্লেটফৰ্ম ব্যৱহাৰকাৰীসকলে গেমটো খেলিবলৈ হ’লে এপ’ল এপ ষ্টোৰলৈ যাব লাগিব৷ দক্ষিণ কোৰিয়াৰ ভিডিঅ’ গেম ডেভল’পিং কোম্পানী ‘ক্ৰাফ্‌টনে’সদৰি কৰা মতে ‘পাব্‌জি নিউ ষ্টেট’ত খেলুৱৈসকলে কিছুমান নতুন ধৰণৰ ‘গেম প্লে’ অভিজ্ঞ তা লাভ কৰিব৷ অৱশ্যে পূৰ্বৰ BGMI আৰু পাব্‌জি ম’বাইল গেমৰ দৰে ইয়াৰ বেছিক নিয়মসমূহ একেই ৰখা হৈছে৷ অকল প্লেয়াৰ্ছ মুভমেণ্ট আৰু এনিমেশ্বনৰ ক্ষেত্ৰত সৰু-সুৰা পৰিৱৰ্তন অনা হৈছে৷ যেনে ‘বেটেল ৰয়েল মুড’ত প্লেয়াৰসকলে কিছুমান নতুন গেজেট লাভ কৰিব৷ তদুপৰি প্লেয়াৰসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু লুট কৰা সা-সামগ্ৰী গাড়ীৰ ভিতৰত লুকুৱাই ৰাখিব পাৰিব৷ এইবাৰৰ ‘পাব্‌জি নিউ ষ্টেট’ত কেতবোৰ নতুন কাৰিকৰী দিশো সংযোজন কৰা হৈছে৷একেদৰে ‘পাব্‌জি নিউ ষ্টেট’খেলাৰ সময়ত যাতে কোনোৱে প্ৰতাৰণাৰ আশ্ৰয় ল’ব নোৱাৰে তাৰ প্ৰতি কঠোৰ নজৰ ৰখাৰো ব্যৱস্থা কৰা হৈছে এইবাৰ৷ সেইদৰে কোনোবাই যদি ‘হেক’ কৰি গেমটো খেলাৰ চেষ্টা চলায় তেন্তে লগে লগে তেওঁক গেমৰ পৰা উলিয়াই দিয়া হ’ব৷