Logo
image

ভেক্‌চিন নল’লে নাপাব ৰেচন, পেট্ৰ’ল

আমাৰ অসম,১২নৱেম্বৰঃ কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ ত্ৰাসৰ কথা আমাৰ দেশৰ লোকে কেতিয়াও পাহৰি যাব নালাগে৷ দ্বিতীয় ঢৌত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতি যাতে দেশত পুনৰ নহয়, তাৰবাবে কৰ’না প্ৰতিৰোধী ভেক্‌চিন লোৱাটো অতি জৰুৰী৷ দেশত এশ কোটিৰো অধিক লোকে কৰ’না প্ৰতিৰোধী ভেক্‌চিন গ্ৰহণ কৰিছে৷ কিছুমানে প্ৰথমটো ডোজ আৰু কিছুমানে দুয়োটা ডোজেই লৈছে৷ কিন্তু আমাৰ দেশৰ কিছুমান ৰাজ্যত এতিয়াও বহু লোকে ভেক্‌চিন লোৱা নাই বা ভেক্‌চিন ল’বলৈ আগবাঢ়ি অহা নাই৷ কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে গৈ ভেক্‌চিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে৷ তেনে সময়তে কৰ’নাৰ দ্বাৰা সৰ্বাধিক আক্ৰান্ত ৰাজ্য মহাৰাষ্ট্ৰৰো কিছুমান জিলাত বহু লোকে ভেক্‌চিন নোলোৱাৰ তথ্য পোহৰলৈ আহিছে৷ গতিকে মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদ জিলাৰ প্ৰশাসনে ভেক্‌চিন নোলোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়৷ জিলা প্ৰশাসনে ঘোষণা কৰে যে ২০ নৱেম্বৰলৈকে ভেক্‌চিন ল’বলৈ ওলাই নহা লোকক ৰেচনৰ লগতে পেট্ৰ’লো প্ৰদান কৰা নহ’ব৷ জিলাখনৰ লোকে ৰেচন আৰু পেট্ৰ’ল-ডিজেল পাবলৈ হ’লে ভেক্‌চিন ল’বই লাগিব৷ তদুপৰি ভেক্‌চিন নোলোৱা লোকে জিলাখনৰ পৰ্যটনস্থলীবোৰো পৰিদৰ্শন কৰাৰ সুযোগ নাপাব৷ উল্লেখ্য, ঔৰাংগাবাদ জিলাতে ভেক্‌চিন লোৱা লোকৰ সংখ্যা যথেষ্ট কম৷ গতিকে এশ শতাংশ টিকাকৰণৰ লক্ষ্যত উপনীত হ’বলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰে জিলা প্ৰশাসনে৷ এই নিৰ্দেশ পালন নকৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷