Logo
image

ভাৰতৰ স্বাধীনতা আছিল ‘ভিক্ষা’

পুনৰ বিতৰ্কত অভিনেত্ৰী কংগনা, ‘পদ্মশ্ৰী’ ঘূৰাই ল’বলৈ দাবী কংগ্ৰেছৰ

আমাৰ অসম,১৩ নৱেম্বৰঃ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দৰ পৰা অলপতে ‘পদ্মশ্ৰী’ গ্ৰহণ কৰা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে ভাৰতৰ স্বাধীনতাক লৈ কৰা এটা বিতৰ্কিত মন্তব্যৰ বাবে ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ কংগ্ৰেছৰ লগতে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়েও কংগনাৰ এই মন্তব্যক ‘পাগলামি’আৰু‘ৰাজদ্ৰোহ’বুলি অভিহিত কৰিছে আৰু ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনাইছে৷ ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ পৰা লাভ কৰা স্বাধীনতাক ‘ভিক্ষা’ত পোৱা স্বাধীনতা বুলি অভিহিত কৰিছিল কংগনাই৷ গতিকে তেওঁৰ এই মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰিছে বহু লোক৷ বিশেষকৈ বিৰোধী দল কংগ্ৰেছে কংগনাক সমালোচনা কৰি  তেওঁৰ পৰা ‘পদ্মশ্ৰী’ কাঢ়ি ল’বলৈ আহ্বান জনায় কেন্দ্ৰীয় চৰকাৰক৷ এনে মন্তব্য কৰি কংগনাই দেশৰ সকলো স্বাধীনতা সংগ্ৰামীকে অপমান কৰা বুলি কংগ্ৰেছে অভিযোগ কৰে৷ কংগনাৰ মন্তব্যৰ ২৪ ছেকণ্ডেৰ এটা ভিডিঅ’এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ উক্ত ভিডিঅ’ত কংগনাই কোৱা দেখা গৈছে যে ১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতা ‘ফ্ৰীডম’ নাছিল, সেয়া আছিল ‘ভিক্ষা’৷ আচলতে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছিল ২০১৪ চনত৷ কংগনাৰ এই মন্তব্যক লৈ তেওঁৰ সমালোচকসকল সৰৱ হৈ পৰিছে৷ গতিকে তেওঁলোকে দাবী জনাইছে কংগনাক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ৷ কংগ্ৰেছৰ কেইবাজনো আগশাৰীৰ নেতাই কংগনাক কঠোৰ সমালোচনা কৰে৷ তেনেদৰে বিজেপিৰ পিলিভিটৰ সাংসদ বৰুণ গান্ধীয়েও কংগনাৰ এনে মন্তব্যক পাগলামি আৰু ৰাজদ্ৰোহ বুলি অভিহিত কৰে৷