Logo
image

বিজেপিয়ে দাখিল কৰিলে নিৰ্বাচনী ব্যয়ৰ হিচাপ

অসম দখলৰ বাবে বিজেপিৰ ব্যয় ৪৩ কোটি টকা, মমতাক উৎখাতৰ বাবে ১৫১ কোটি

আমাৰ অসম, ১৩ নৱেম্বৰঃ ধনবলৰ জোৰত অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপি৷ এক-দুই লাখ টকা নহয়, বিজেপিয়ে নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ বাবে প্ৰচাৰৰ নামত অবিশ্বাস্যভাৱে ৪৩.৮১ কোটি টকা ব্যয় কৰিলে৷ দেশৰ নিৰ্বাচন আয়োগক বিজেপিয়ে  নিৰ্বাচনী প্ৰচাৰত হোৱা এই ব্যয়ৰ তথ্য প্ৰদান কৰিছে৷ নিৰ্বাচন আয়োগক দাখিল কৰা তথ্য অনুসৰি অসমকে ধৰি পশ্চিমবংগ, কেৰালা, পুডুচেৰি আৰু তামিলনাডুৰ নিৰ্বাচনত শাসকীয় ৰাজনৈতিক দলটোৱে মুঠ ২৫২ কোটি টকা ব্যয় কৰিলে৷ বিজেপিয়ে নিৰ্বাচনী ব্যয়ৰ এই ধনৰ ৬০ শতাংশই অৰ্থাৎ ১৫১ কোটি টকা কেৱল পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ নামতে খৰচ কৰিছিল৷ বিজেপিয়ে এই বৃহৎ অংকৰ ধন ব্যয় কৰাৰ পাছতো নিৰ্বাচনত তৃণমূল কংগ্ৰেছেহে শেষ হাঁহি মাৰিছিল৷ এক কথাত নৰেন্দ্ৰ মোদীৰ ধনবলে নিৰ্বাচনত হৰুৱাব নোৱাৰিলে মমতা বেনাৰ্জীক৷ বিধানসভা নিৰ্বাচনত অসমত প্ৰচাৰৰ নামত ৪৩.৮১ কোটি টকা ব্যয় কৰাৰ বিপৰীতে বিজেপিৰ ৬২জন প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে মিত্ৰদল ইউ পি পি এলৰ ৭জন আৰু অগপৰ ৯ জন প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল৷ অসমত নিৰ্বাচনী প্ৰচাৰৰ নামত আটাইকেইটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ সকলো নেতা নামি পৰিছিল৷ হেলিকপ্টাৰ উৰুৱাই সমষ্টিয়ে সমষ্টিয়ে প্ৰচাৰ চলাইছিল বিজেপিয়ে৷ অসমত প্ৰচাৰ চলাবলৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব উবুৰি খাই পৰিছিল৷ অসমত ৪৩ কোটি টকা ব্যয় কৰি সফলতা লাভ কৰিলেও তামিলনাডুৰ নিৰ্বাচনত মুখথেকেচা খাইছিল বিজেপিয়ে৷ তামিলনাডুত বিজেপিয়ে ২২.৯৭ কোটি টকা খৰচ কৰি মাত্ৰ ২.৬ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷ তামিলনাডুত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত ২২.৯৭ কোটি টকা খৰচ কৰিলেও জয়লাভ কৰিছিল ডি এম কে দলে৷ ইপিনে, কেৰালাৰ নিৰ্বাচনৰ প্ৰচাৰতো বিজেপিয়ে ২৯.২৪ কোটি টকা খৰচ কৰিছিল যদিও বাওঁদলেই শেষ হাঁহি মাৰি চৰকাৰ গঠন কৰিছিল৷ আনহাতে কেন্দ্ৰীয় স্বায়ত্তশাসিত অঞ্চল পুডুচেৰীৰ নিৰ্বাচনৰ প্ৰচাৰতো ৪.৭৯ কোটি টকা খৰচ কৰিছিল বিজেপি দলে৷ নিৰ্বাচন আয়োগক নিৰ্বাচনী প্ৰচাৰৰ এই তথ্য দাখিল কৰিলেও বাস্তৱত ইয়াৰ দুগুণতকৈও অধিক ধন খৰচ কৰিছিল বিজেপি দলে৷ অসমত প্ৰায় এশ কোটি টকাৰ ওপৰত বিজেপিয়ে প্ৰচাৰৰ নামত খৰচ কৰা বুলি বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছিল৷ নিৰ্বাচন আয়োগৰ শেনচকুৰ পাছতো এই ব্যয়সমূহ কেনেকৈ ধৰা নপৰিল সেয়াহে ৰহস্যৰ বিষয়৷