Logo
image

আই পি এলৰ পৰা বাহিৰ আলী খান

আমাৰ অসম, ০৮ অক্টোবৰঃ কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে দুঃখবৰ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত [আই পি এল] চুক্তিবদ্ধ হোৱা আমেৰিকাৰ প্ৰথমজন ক্ৰিকেটাৰ আলী খান আঘাতৰ বাবে টুৰ্নামেণ্টখনৰ পৰা বাহিৰ হ’বলগীয়া হৈছে৷ ক্ৰিকেটাৰজনৰ আঘাতৰ বিষয় আই পি এলৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে জনোৱা হৈছে যদিও সেই বিষয়ে সবিশেষ প্ৰকাশ কৰা হোৱা নাই৷ উল্লেখ্য, দুবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে আই পি এলৰ ত্ৰয়োদশ ছীজনৰ পূৰ্বে আঘাতপ্ৰাপ্ত ইংলেণ্ডৰ পেচ বলাৰ হেৰী গাৰ্নীৰ স্থানত খানক চুক্তিবদ্ধ কৰাইছিল৷ ২৯ বছৰীয়া ক্ৰিকেটাৰজনে কেৰিবিয়ান প্ৰিমিয়াৰ লীগতো খেলিছিল৷ ২০২০ ছীজনৰ খিতাপ জয় কৰা ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ সদস্য আছিল তেওঁ, য’ত বলাৰজনে দখল কৰিছিল আঠটা উইকেট৷ ২০১৮ বৰ্ষৰ কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ ১২ খন খেলত তেওঁ দখল কৰিছিল ১৬ টা উইকেট৷