Logo
image

১৫০ বছৰতে পৃথিৱীত ভয়লগাকৈ বাঢ়িল উষ্ণতা

 আমাৰ অসম, ১৫ নৱেম্বৰঃ বিগত ১৫০  বছৰত আমাৰ মৰমৰ পৃথিৱীখনৰ তাপমাত্ৰা যিমান দ্ৰুতগতিৰে বৃদ্ধি পালে, সেয়া বিগত ২৪ হাজাৰ বছৰতো হোৱা নাছিল৷ গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে আমি কিমান ভয়ংকৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছোঁ৷ হিমযুগৰ পাছত বিগত ২৪ হাজাৰ বছৰত পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি বিপজ্জনকভাৱে হোৱা নাছিল৷ কিন্তু যোৱা ১৫০ বছৰতে  সকলো খেলি-মেলি হৈ গ’ল৷ প্ৰকৃতি ধবংস, ঔদ্যোগীকৰণ, পৰিৱেশৰ প্ৰতিকূল ইন্ধন ব্যৱহাৰ, ভয়ানক পৰিৱেশ প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আদিয়ে গোলকীয় উষ্ণতা বৃদ্ধিত ইমানেই বেছি অৰিহণা যোগায় যে এতিয়া মানুহে গৰমত থাকিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে৷ অলপতে হোৱা এটা অধ্যয়নত এই কথা প্ৰকাশ পাইছে৷ পৃথিৱীবাসীৰ কাম-কাজৰ ফলত সৃষ্টি হোৱা জলবায়ু পৰিৱৰ্তনে গ্লোবেল ৱাৰ্মিঙৰ দৰে ভয়ংকৰ সমস্যা সৃষ্টি কৰি এই বিপদ মাতি আনিছে৷ বিজ্ঞানভিত্তিক আলোচনী ‘নেচাৰ’ত প্ৰকাশিত এই প্ৰতিবেদনত ভয়ংকৰ সত্যটো পোহৰলৈ আহে৷ অধ্যয়নৰ সৈতে জড়িত বিজ্ঞানীয়ে দাবী কৰে যে মানুহে বিগত ডেৰশ বছৰত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিত যিমান দ্ৰুত পৰিৱৰ্তন আনিছে, আন কোনো দিশতে এনে পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা নাই৷ অধ্যয়নৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ তাপমাত্ৰা ১০ হাজাৰ বছৰৰ পূৰ্বে বাঢ়িবলৈ আৰম্ভ কৰিছিল৷ অৱশ্যে সেয়া আছিল প্ৰাকৃতিক৷ কিন্তু বিগত ডেৰশ বছৰে মানুহে নিজৰ স্বাৰ্থত প্ৰকৃতি আৰু জলাবয়ুক ইমান বেয়াকৈ ধবংস কৰিলে যে গৰমৰ মাত্ৰা ভয়ংকৰভাৱে বাঢ়িল৷ গতিকে এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰিলে অদূৰ ভৱিষ্যতে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিব৷