Logo
image

পঞ্জাবত যুঁজিব ছনু ছুডৰ ভগ্নীয়ে

 আমাৰ অসম,১৫ নৱেম্বৰঃ পঞ্জাবৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বলীউডৰ অভিনেতা ছনু ছুডৰ ভগ্নী মালৱিকাই৷ কিন্তু কোন দলৰ হৈ বা কোন অসনৰ পৰা তেওঁ যুঁজিব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ পঞ্জাবৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ছনুৱে অস্বীকাৰ কৰে যদিও শেহতীয়াকৈ ভগ্নীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়৷ মালৱিকা ছুড ছাচ্ছাৰে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ওলোৱা বাতৰিয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে৷ কেইদিনমান পূৰ্বে মালৱিকাৰ ছবি পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ সৈতে ভাইৰেল হৈছিল৷ উক্ত ছবিত অমৰিন্দৰ সিঙৰ সৈতে ছনু আৰু ভগ্নী মালৱিকাক দেখা গৈছিল৷ গতিকে সকলোৱে আলোচনা কৰিছিল যে পঞ্জাবৰ সমাগত নিৰ্বাচনত ছনু আৰু মালৱিকাই অমৰিন্দৰ সিঙৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব৷ কিন্তু ছনু ছুডে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কৰ’না কালত ছনু ছুডে প্ৰব্ৰজিত শ্ৰমিক আৰু দুখীয়া ৰাইজক সকলোধৰণে সহায় কৰি দুখীয়াৰ ভগৱান হিচাপে পৰিচিত হৈছিল৷ ছনুৰ এই কামত সহায়ৰ হাত আগবঢ়াইছিল ভগ্নী মালৱিকায়ো৷ গতিকে মালৱিকাও জনপ্ৰিয় হৈছিল৷ এতিয়া মালৱিকাই বিধায়ক হৈ জনতাৰ সেৱা কৰাৰ মন মেলিছে৷