Logo
image

টি-২০ বিশ্বকাপৰ নতুন চেম্পিয়ন অষ্ট্ৰেলিয়া


ৱাৰ্নাৰ, মিচেল মাশ্বৰ্ৰ অৰ্ধশতক

৮ উইকেটত পৰাস্ত নিউজীলেণ্ড


আমাৰ অসম, ১৫ নৱেম্বৰঃ ডেভিদ ৱাৰ্নাৰ [৫৩] আৰু মিচেল মাশ্বৰ্ৰ [৭৭অপঃ] চমৎকাৰ প্ৰদৰ্শনৰ সহায়ত নিউজীলেণ্ডক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ নতুন চেম্পিয়ন হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়া৷ প্ৰতিযোগিতাৰ দেওবাৰে ডুবাইত অনুষ্ঠিত ফাইনেলত অষ্ট্ৰেলিয়াই আঠ উইকেটত জয় অৰ্জন কৰে৷ প্ৰথমে বেট ধৰি নিউজীলেণ্ডে বান্ধি দিয়া ১৭৩ ৰানৰ লক্ষ্যত ১৮.৫ অভাৰত দুটা উইকেট হেৰুৱাই উপনীত হয় অষ্ট্ৰেলিয়াই দলৰ জয়ৰ ভেটি গঢ়ি দিয়া ৱাৰ্নাৰৰ ৩৮ বলৰ ইনিংছটোত আছিল চাৰিটা চাৰি আৰু তিনিটা ছয়৷ আনহাতে, খেলৰ শেষলৈকে খেলি অপৰাজিত হৈ ৰোৱা মাশ্বৰ্ৰ ৫০টা বলৰ ইনিংছটোত আছিল ছটা চাৰি আৰু চাৰিটা ছয়৷ গ্লেন মেক্সৱেল ২৮ ৰানত অপৰাজিত থাকে৷ তেওঁৰ ১৮টা বলৰ ইনিংছটোত আছিল চাৰিটা চাৰি আৰু এটা ছয়৷ নিউজীলেণ্ডৰ হৈ উইকেট দুটা লাভ কৰে ট্ৰেণ্ট বল্টে ।

   প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ পোৱাৰ পাছত নিউজীলেণ্ডৰ অ’পেনাৰদ্বয় মাৰ্টিন গুপটিল আৰু ডেৰিল মিচেল অধিক সময় ক্ৰিজত টিকিব নোৱাৰিলেও অধিনায়ক কেন উইলিয়ামছনৰ আক্ৰমণাত্মক বেটিঙৰ সহায়েৰে ২০ অভাৰত দলটোৱে চাৰিটা উইকেটৰ বিনিময়ত ১৭২ ৰানৰ শক্তিশালী স্ক’ৰ থিয় কৰাইছিল৷ ইনিংছৰ প্ৰথম দহ অভাৰত নিউজীলেণ্ডৰ বেটাৰে ৰান সংগ্ৰহৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হৈছিল যদিও অন্তিম দহ অভাৰত দলটোৰ স্ক’ৰত যোগ হৈছিল ১১০ ৰান৷ উইলিয়ামছমে তেওঁৰ প্ৰথম ১৮ ৰান সংগ্ৰহৰ বাবে সন্মুখীন হৈছিল ১৯টা বলৰ৷ কিন্তু তাৰ পাছত মাত্ৰ ২৯টা বলত তেওঁ সংগ্ৰহ কৰিছিল ৬৭ ৰান৷ ৪৮টা বলত তিনিটা ছিক্সাৰ, দহটা বাউণ্ডেৰীৰে ৮৫ ৰানত আউট হয় উইলিয়ামছন৷ এইদৰে টুৱেণ্টী২০ বিশ্বকাপৰ ফাইনেলত সংযুক্তভাৱে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰত পৰিণত হয় উইলিয়ামছন৷ কলকাতাত অনুষ্ঠিত ২০১৬ চনৰ বিশ্বকাপৰ ফাইনেলত ৱেষ্ট ইণ্ডিজৰ মাৰ্লন ছেমুৱেলছ ৮৫ ৰানত অপৰাজিত আছিল৷ কেৱল সেয়াই নহয়, টুৱেণ্টী২০ বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা অধিনায়কৰো ৰেকৰ্ড গঢ়ে উইলিয়ামছনে৷ পূৰ্বৰ ৰেকৰ্ড আছিল শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰাৰ নামত৷ উইলিয়ামছৰ উপৰি নিউজীলেণ্ডৰ ইনিংছত অ’পেনাৰ মাৰ্টিন গুপটিলে ৩৫টা বলত ২৮, গ্লেন ফিলিপছে ১৮, জেমছ নীচামে ১৩ [অপঃ] আৰু ডেৰিল মিচেলে ১১ ৰান সংগ্ৰহ কৰে৷ অষ্টে˜লিয়াৰ জোছ হেজেলউদে ১৬ ৰানত তিনিটা আৰু আডাম জাম্পাই এটা উইকেট লাভ কৰে৷