Logo
image

চকু পুৰিছে, ছাল জ্বলিছে... প্ৰদূষণত দিল্লী প্ৰায় অচল

আমাৰ অসম, ১৫ নৱেম্বৰঃ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল [এনচিআৰ] নতুন দিল্লীৰ প্ৰদূষণৰ মাত্ৰা দেওবাৰে দিনৰ ভাগত সামান্য উন্নত হ’লেও গধূলি পুনৰ ‘ছিভিয়েৰ’ অৰ্থাৎ গুৰুতৰ অৱস্থালৈ পৰ্যৱসিত হৈছে৷ শনিবাৰে দিল্লীৰ বায়ুসূচক মান অথবা ‘এয়াৰ কোৱালিটী ইনডেক্স’ [একিউআই] ৪৭১ হৈ আছিল যদিও দেওবাৰে দিনৰ ভাগত একিউআই ৩৮৬লৈ আহি পৰিস্থিতি সামান্য উন্নত হৈছিল৷ কিন্তু সন্ধিয়া ৬-৩০ বজাত একিউআই অৰ্থাৎ বায়ুসূচক মান শনিবাৰতকৈও অৱনতি ঘটি ৪৭৩ লৈ নামি গৈছে৷ সামগ্ৰিকভাৱে সম্পূৰ্ণ দিল্লী অৰ্থাৎ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ প্ৰদূষণৰ প্ৰাৱল্যত কোনো বাসিন্দা এতিয়া বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ দিল্লীৰ যিকোনো স্থানতে ঘৰৰ বাহিৰলৈ ওলালেই বাসিন্দাৰ চকু ৰঙা পৰিবলৈ ধৰে আৰু পোৰণি উঠে৷ মুখমণ্ডলতো ইয়াৰ প্ৰভাৱ পৰে আৰু সামান্য বয়সীয়া মানুহৰ মুখ গুৰুতৰ প্ৰদূষণৰ ফলত অধিক সময় বাহিৰত থাকিলে ওলমি যোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনহাতে দেওবাৰে গাজিয়াবাদত একিউ আই ৪৯৬, নয়ডাত ৫৮৭ আৰু গুৰুগ্ৰামত ৫৫৭হোৱাৰ ফলত এই অঞ্চলকেইটাত বসবাস কৰাই কঠিন হৈ পৰিছে৷ নয়ডা, গুৰুগ্ৰাম, গাজিয়াবাদ ইত্যাদি অঞ্চলত অধিকাংশ বাসিন্দাই আজি দেওবাৰৰ দিনটো ঘৰতে সোমাই থাকিবলৈ বাধ্য হৈছে৷ উল্লেখযোগ্য যে, এই বায়ু সূচক মান ৪০১-৫০০ হ’লে ‘গুৰুতৰ’ হিচাপে চিহ্নিত কৰা হয়৷ আনহাতে, ৩০১-৪০০ অতি বেয়া, ১০১-২০০ হ’লে মজলীয়া, ৫০-১০০ হ’লে সন্তোষজনক আৰু ০-৫০ হ’লে ভাল হিচাপে চিহ্নিত কৰা হয়৷ 

দিল্লীৰ আপ চৰকাৰে সোমবাৰে ডিটিচি অৰ্থাৎ দিল্লী ট্ৰেন্সপ’ৰ্ট কৰ্পৰেছন আৰু মেট্ৰ’ বিভাগৰ সৈতে অধিক যাত্ৰীবাহী বাছ আৰু মেট্ৰ’ ৰে’ল চলোৱাৰ উদ্দেশ্যে আলোচনা কৰিবলৈ সিদ্ধান্ত লৈছে৷ কিয়নো দিল্লী চৰকাৰে বেচৰকাৰী গাড়ীৰ যাতায়াত যিকোনো মুহূৰ্ততে বন্ধ বা সীমিত কৰি দিব পাৰে৷ সীমিত কৰাৰ উদ্দেশ্যেই দিল্লী চৰকাৰে অধিক সংখ্যাত বাছ আৰু মেট্ৰ’ ট্ৰেইন চলোৱাৰ পৰিকল্পনা লৈছে যাতে দিল্লীৰ বাসিন্দাই অধিক মাত্ৰাত ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিব পাৰে আৰু ব্যক্তিগত গাড়ী বাদ দি প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পাৰে৷ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই দিল্লীৰ বাসিন্দাক গাড়ী আৰু মটৰ চাইকেলৰ পৰিৱৰ্তে চাইকেল ব্যৱহাৰ কৰি যাতায়াত কৰিবলৈ আহ্বান জনাইছে৷ ইয়াৰ ফলত দ্ৰুতভাৱে প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব৷ 

উল্লেখ্য যে উচ্ছতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি দুদিনৰ বাবে লকডাউন জাৰি কৰিবলৈ দিল্লীৰ আপ চৰকাৰে বিবেচনা চলাই আছে বুলি আজি উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই মন্তব্য কৰিছে৷ তেওঁ কয় যে এই সিদ্ধান্ত লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিব লাগিব৷ ইতিমধ্যে সোমবাৰৰ পৰা এসপ্তাহৰ বাবে এন চি আৰ অৰ্থাৎ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সকলো স্কুল বন্ধ ঘোষণা কৰিছে৷ তদুপৰি অহা এসপ্তাহৰ বাবে সকলো চৰকাৰী চাকৰিয়ালক কাৰ্যালয়লৈ অহাৰ পৰিৱৰ্তে ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিছে৷ চৰকাৰী বিভাগৰ ক্ষেত্ৰত ‘ৱৰ্ক ফ্ৰম হ’ম’ৰ নিৰ্দেশ ১০০ শতাংশ কাৰ্যকৰী হ’ব আৰু অনুৰূপ পদক্ষেপ গ্ৰহণৰ বাবে বেচৰকাৰী কোম্পানী-প্ৰতিষ্ঠানসমূহকো দিল্লী চৰকাৰে আহ্বান জনাইছে৷ তদুপৰি ১৪ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ দিল্লীত সকলো ধৰণৰ নিৰ্মাণকাৰ্য বন্ধ কৰিছে চৰকাৰে৷

দিল্লীৰ প্ৰৱলভাৱে প্ৰদূষিত পৰিৱেশৰ বাবে তীব্ৰ উদ্বেগ প্ৰকাশ কৰি উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দুদিনৰ বাবে লকডাউন ঘোষণা কৰিব নেকি বুলি শনিবাৰে প্ৰশ্ন কৰিছিল৷ দিল্লীৰ বায়ু প্ৰদূষণ সম্পৰ্কীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা নেতৃত্বাধীন বিচাৰপীঠে প্ৰদূষণৰ ক্ষেত্ৰত আপদকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰে কেন্দ্ৰীয় চৰকাৰক৷ কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত উচ্ছতম ন্যায়ালয়ক কোনো নিশ্চিত উত্তৰ দিব নোৱাৰিলেও উচ্ছতম ন্যায়ালয়ৰ এই পৰামৰ্শৰ পাছতে দিল্লী চৰকাৰে স্কুল এসপ্তাহলৈ বন্ধ কৰি আৰু চাৰি দিনৰ বাবে নিৰ্মাণ কাৰ্য বন্ধ কৰি জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰে৷ 

প্ৰসংগতঃ উল্লেখযোগ্য নৱেম্বৰৰ পৰা দিল্লীৰ  প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়৷ চুবুৰীয়া তিনিখন ৰাজ্য ক্ৰমে হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ কৃষকে খাৰিফ খেতি চপোৱাৰ পাছত পথাৰত থকা নৰা, খেৰৰ আৱৰ্জনা পুৰি ৰবি খেতিৰ বাবে মাটি মুকলি কৰে আৰু এই আৱৰ্জনা পোৰাৰ ধোঁৱাই বায়ুমণ্ডলত এখন ডাঠ চামনি বা প্ৰলেপ সৃষ্টি কৰে৷ এই প্ৰলেপৰ মাজেৰে বায়ুৰ চলাচল বন্ধ হৈ পৰে আৰু ধুলিকণা তথা কণাত জমা হোৱা পানীৰ টোপালে প্ৰলেপ অধিক ডাঠ কৰি তোলে৷ বায়ুৰ চলাচল প্ৰায় বন্ধ হৈ যোৱাৰ ফলত ভূমিৰ পৰা কেইকিলোমিটাৰ ওপৰতে প্ৰদূষিত বায়ু জমা হৈ পৰে আৰু বাসিন্দাই সেই প্ৰদূষিত বায়ুকে সেৱন কৰিবলৈ বাধ্য হয়৷ অক্টোবৰ আৰু নৱেম্বৰত দিল্লীৰ বাসিন্দাই আতচবাজী জ্বলাই নিজেই প্ৰদূষণ বৃদ্ধি কৰি লয়৷ অতি অপকাৰী ৰাসায়নিক পদাৰ্থ নিৰ্গত হৈ সেয়া উক্ত প্ৰলেপৰ তলতে থাকি যায় আৰু বায়ু ক্ৰমশঃ অধিক প্ৰদূষিত হৈ উশাহ-নিশাহ ল’ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়৷ তাৰ বাবে দায়ী দিল্লীৰে একাংশ বাসিন্দা৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ, উচ্ছতম ন্যায়ালয়ৰ নিষেধাজ্ঞা, প্ৰশাসনৰ বাধা-নিষেধ আওকাণ কৰি প্ৰত্যেকবাৰৰ বাবে দিল্লীৰ বাসিন্দাই এইবাৰো আতচবাজী জ্বলাই নিজৰ মূৰৰ ওপৰৰ আকাশ প্ৰদূষণময় কৰি দিল্লীক গেছ চেম্বাৰত পৰিণত কৰি লৈছে৷

ইপিনে দিল্লীৰ উপকণ্ঠৰ গাজিয়াবাদত ২৭,০০০; নয়ডাত ৬,২০০; ফৰিদাবাদত ৫,০০০ আৰু গুৰুগ্ৰামত ৪,৫০০ থকা উদ্যোগে অঞ্চলটোত ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি কৰে৷ কিয়নো এই  উদ্যোগসমূহ পৰিচালিত হয় ডিজেলৰ জেনেৰেটৰ ছেটৰ দ্বাৰা, যি অস্বাভাৱিকভাৱে প্ৰদূষণ সৃষ্টি কৰে৷ তদুপৰি নয়ডাত ১ লাখ, ফৰিদাবাদত ৪০,০০০; গাজিয়াবাদত এক লাখ আৰু গুৰগ্ৰামত ৬০,০০০ ফ্লেটৰ নিৰ্মাণ কাৰ্যত সংঘটিত অনিয়মে  ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি কৰি আহিছে৷