Logo
image

হায়দৰাবাদৰ সন্মুখত আজি পঞ্জাৱ

আমাৰ অসম, ০৮ অক্টোবৰঃ আই পি এলৰ ত্ৰয়োদশ ছীজনত কিংছ ইলেভেন পঞ্জাৱ আৰু ছানৰাইজাৰ্ছ  হায়দৰাবাদৰ  বলিং বিভাগৰ দুৰ্বলতা স্পষ্ট হৈ পৰিছে৷ কিংছ ইলেভেন পঞ্জাৱ পাঁচখন খেলৰ এখনত জয়ী হোৱাৰ বিপৰীতে চাৰিখনত পৰাস্ত হোৱাৰ সূত্ৰে দুই পঁইণ্টেৰে পইণ্ট তালিকাৰ অন্তিম স্থানত আছে৷ আনহাতে, সমান সংখ্যক খেলৰ দুখনত জয়ী আৰু তিনিখনত পৰাস্ত হোৱা ছানৰাইজাৰ্ছ  হায়দৰাবাদ চাৰি পইণ্টেৰে আছে ষষ্ঠ স্থানত৷ বৃহস্পতিবাৰে এই দুটা দল পৰস্পৰৰ সন্মুখীন হ’লে লক্ষ্যণীয় হ’ব দল দুটাৰ বেটছমেনৰ প্ৰদৰ্শন৷ কিংছ ইলেভেনৰ শক্তিশালী দিশ হৈছে প্ৰাৰম্ভিক যুটিটো৷ অধিনায়ক লোকেশ ৰাহুল ভাল ফৰ্মত আছে৷ এতিয়ালৈকে তেওঁ এটা শতক আৰু দুটা অৰ্ধ-শতকীয় ইনিংছ খেলিছে৷ আনহাতে, মায়ংক আগৰৱালেও এটা শতকৰ লগতে এটা অৰ্ধ-শতকীয় ইনিংছ খেলিছে৷ তেওঁলোকৰ উপৰি নিক’লাছ পুৰানৰো প্ৰদৰ্শন এতিয়ালৈকে সন্তোষজনক৷ কিন্তু অষ্টে˜লিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলহে এতিয়ালৈকে সফল হ’ব পৰা নাই৷ বেটিং বিভাগ শক্তিশালী হ’লেও কিংছ ইলেভেন জয়ী হ’ব নোৱৰা কাৰণটো হৈছে নিৰাশাজনক বলিং৷ মহম্মদ ছামিক বাদ দি দলটোৰ আন কোনো বলাৰে ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ২২৩ ৰান সংগ্ৰহ কৰাৰ পাছতো দলটো পৰাস্ত হ’বলগীয়া হৈছিল৷ আনহাতে, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ১৭৮ ৰান সংগ্ৰহ কৰাৰ পাছতো পৰাস্ত হৈছিল দহ উইকেট৷ ইপিনে, ছানৰাইজাৰ্ছ হায়দৰাবাদত আছে ডেভিদ ৱাৰ্নাৰ, জনী বেয়াৰষ্টো, মনীষ পাণ্ডে আৰু কেন উইলিয়ামছনৰ দৰে বেটছমেন৷ কাইলৈ এইসকল বেটছমেনে কিংছ ইলেভেনৰ দুৰ্বল বলিঙৰ সুযোগ লোৱাৰ চেষ্টা চলাব৷ বেটিং লাইন-আপ যথেষ্ট শক্তিশালী হ’লেও ভুবনেশ্বৰ কুমাৰৰ অনপস্থিতিৰ ফলত  ছাৰাইজাৰ্ছ হায়দৰাবাদৰ বলিং দুৰ্বল হৈ পৰিছে৷ টি নটৰাজনক বাদ দি  সিদ্ধাৰ্থ কৌল আৰু সন্দীপ শৰ্মাই বিপক্ষক বেটছমেনক সমস্যাত পেলাব পৰা নাই৷ সেয়েহে কাইলৈ কিংছ ইলেভেনৰ বিৰুদ্ধে নটৰাজনৰ লগতে লেগ স্পিনাৰ ৰছিদ খানৰ ওপৰত চাপ বৃদ্ধি পাব৷ আফগানিস্তানৰ অভিজ্ঞ অলৰাউণ্ডাৰ মহম্মদ নবী অথবা ৱেষ্ট ইণ্ডিজৰ ফেবিয়েন এলেনক মূল একাদশত ৰখাৰ বিকল্পৰ বিষয়ে ভাবিব পৰা যায় যদিও তেনে স্থিতিত কেন উইলিয়ামছন মূল একাদশৰ পৰা বাহিৰ হ’ব লাগিব৷