Logo
image

আজি নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি-২০

নতুন আৰম্ভণিৰে ৰাহুল-ৰোহিতৰ যুগ আৰম্ভ কৰাৰ আশা ভাৰতৰ

আমাৰ অসম, ১৬ নৱেম্বৰঃ টি-২০ বিশ্বকাপত অনুৰাগীক নিৰাশ কৰাৰ পাছত এক নতুন আৰম্ভণিৰ লক্ষ্যৰে বুধবাৰৰ পৰা নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত অভিযান আৰম্ভ কৰিব ভাৰতীয় ক্ৰিকেট দলে৷ নতুন অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ অধীনত শৃংখলাটোত অংশ ল’ব ভাৰতে৷ অহা বছৰ অষ্টে˜লিয়াত অনুষ্ঠিত হ’ব লগা টি-২০ বিশ্বকাপৰ বাবে প্ৰয়োজনীয় সাল-সলনি ঘটাই দল গঠনৰ বাবে ১১ মাহ সময় পাব দলৰ নতুন অধিনায়ক আৰু প্ৰশিক্ষকে৷ আঘাতৰ বাবে হাৰ্দিক পাণ্ডিয়াই নিজৰ অলৰাউণ্ড ক্ষমতা প্ৰদৰ্শন কৰিব পৰা নাই৷ আই পি এলত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ৱেংকটেশ আয়াৰ হাৰ্দিকৰ বিকল্প হিচাপে কিমান সফল হ’ব পাৰে সেয়া আসন্ন শৃংখলাটোত গম পোৱা যাব৷ আই পি এলত ভাল প্ৰদৰ্শন কৰা আন যিকেইজন খেলুৱৈয়ে দলত স্থান পাইছে তেওঁলোক হ’ল–ৰুতুৰাজ গাইকোৱাড়, হৰ্ষল পেটেল, অৱেশ খান আৰু যুজবেন্দ্ৰ চাহল৷ শৃংখলাটোত জিৰণি দিয়া হৈছে যশপ্ৰীত বুমৰাক৷ এনে পৰিস্থতিত ভাৰতে সন্ধান কৰিব ঘণ্টাত ১৪০ কিঃমিঃ বা তাৰো অধিক বেগত বল কৰিব পৰা এজন বলাৰৰ৷ ইউ এ ইত দেখা গৈছিল যে অতিৰিক্ত গতি লাভজনৰ হিচাপে প্ৰতিপন্ন হৈছে৷ এই ক্ষেত্ৰত দৃষ্টি থাকিব অৱেশ আৰু মহম্মদ ছিৰাজৰ ওপৰত৷ ভুৱনেশ্বৰ কুমাৰে ইউ এ ইত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব পৰা নাছিল৷ নিজৰ পুৰণা ছন্দলৈ প্ৰত্যাৱৰ্তনৰ বাবে তেওঁক আৰু এটা সুযোগ দিয়া হৈছে৷ অষ্টে˜লিয়াৰ পৰিৱেশৰ কথা মনত ৰাখি খেলুৱৈৰ যোগ্যতা বিবেচনা কৰাৰ সম্ভাৱনা আছে অধিনায়ক ৰোহিত আৰু প্ৰশিক্ষক দ্ৰাৱিড়ে৷ ৰোহিত আৰু  কে এল ৰাহুলে বুধবাৰে ভাৰতৰ হৈ ইনিংছ মুকলি কৰিব পাৰে৷ কিন্তু  ঈশান কিষাণ বা গাইকোৱাড়ক বিকল্প ৰূপৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷ সূৰ্যকুমাৰ যাদৱ বিশ্বকাপৰ সময়ত নিজৰ ছন্দত নাছিল৷ কিন্তু অষ্টে্লিয়াৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক চাৰি নম্বৰ স্থানৰ বাবে সাজু কৰাৰ সম্ভাৱনা আছে৷ ৰবীন্দ্ৰ জাদেজাক জিৰণি দিয়াত স্পিন বলিং অলৰাউণ্ডৰ ঠাই পূৰণ কৰিব পাৰে অক্ষৰ পেটেলে৷ মূল একাদশত থকাৰ সম্ভাৱনা আছে আৰ অশ্বিন৷ টি-২০ বিশ্বকাপত ভাৰত পৰাস্ত কৰা নিউজীলেণ্ড জয়পুৰত আহি উপস্থিত হৈছেহি৷ ফাইনেলত অষ্টে˜লিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱা দলটোৱে নিজৰ প্ৰদৰ্শন বিশেষণ কৰিবলৈও সময় পোৱা নাই৷ দলটোৱে নি(য় বিশ্বকাপত দাঙি ধৰা ফৰ্ম ধৰি ৰখাৰ প্ৰয়াস কৰিব৷